প্ৰীতি ফুটবল : কোকৰাঝাৰ প্ৰেছ ক্লাবৰ বিৰুদ্ধে ৪-৩ গ’লত বিজয়ী কোকৰাঝাৰ আৰক্ষী

Football match at Kokrajhar

অসম আৰক্ষী দিৱস উপলক্ষে আজি কোকৰাঝাৰত কোকৰাঝাৰ আৰক্ষী আৰু কোকৰাঝাৰ প্ৰেছ ক্লাবৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়।

কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰীতি ফুটবল খেলখনত অসম আৰক্ষীয়ে কোকৰাঝাৰ প্ৰেছ ক্লাবক ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে।

বিজয়ী দল কোকৰাঝাৰ আৰক্ষীৰ হৈ প্ৰবীন ব্ৰহ্মই দুটা আৰু কুঞ্জ গয়াৰী আৰু গাথাৰ ব্ৰহ্মই ক্ৰমে এটাকৈ গ’ল দিয়ে। ইয়াৰ বিপৰীতে কোকৰাঝাৰ প্ৰেছ ক্লাবৰ হৈ বিদাং লাইফাংগিৰি, অমিত কুমাৰ বসুমতাৰী আৰু বীৰদম বসুমতাৰীয়ে ক্ৰমে এটাকৈ গ’ল দিয়ে।

মনোজ গয়াৰীয়ে পৰিচালনা কৰা আজিৰ উক্ত খেলখনৰ অন্তত অনুষ্ঠিত বঁটা বিতৰনী অনুষ্ঠানত বিজয়ী দল কোকৰাঝাৰ আৰক্ষীক ট্ৰফী প্ৰদান কৰে কোকৰাঝাৰ প্ৰেছ ক্লাবৰ উপদেষ্টা অজিত বসুমতাৰী আৰু সাধাৰন সম্পাদক হৰিশংকৰ ঠাকুৰে।

তদুপৰি ৰানাৰ্ছআপ দলক ট্ৰফী প্ৰদান কৰে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগু আৰু উপ-আৰক্ষী অধীক্ষক প্ৰকাশ মেধীয়ে।