NORTHEAST NOW (Assamese)

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 16, 2025 7:01 pm

প্ৰাচীন কালৰে পৰা তুলসী গছক অতি পবিত্ৰ বুলি গণ্য কৰি অহা হৈছে। তুলসীৰ পাতক যুগ যুগ ধৰি বিভিন্ন ৰোগৰ প্ৰতিকাৰ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। সাধাৰণতে কাঁহৰ ঔষধ হিচাপে তুলসী পাত ব্যৱহাৰ কৰা হয়। কিন্তু তুলসী পাতৰ আছে আন বহুতো উপকাৰিতা। জানো আহক তুলসী পাতৰ উপকাৰিতা সমূহ

১) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ তুলসীত এন্টিঅক্সিডেণ্ট আৰু বায়োএকটিভ যৌগ থাকে যি শৰীৰক ভাইৰাছ, বেক্টেৰিয়া আদি ৰোগজীৱীৰ পৰা ৰক্ষা কৰে।

২) কন্ঠনলীৰ ঔষধৰ কাম কৰেঃ তুলসীৰ পাতৰ ৰস বা পাত খুন্দি খালে কণ্ঠশূল, কাঁহ, শ্বাস-প্ৰশ্বাসৰ সমস্যাত উপশম দিয়ে।

৩) পাচনশক্তি উন্নত কৰেঃ তুলসীত থকা এনজাইমে পাচনত সহায় কৰে আৰু গেছ/অম্বল কমায়।

৪) ৰক্তচাপ আৰু মধুমেহ নিয়ন্ত্ৰণ কৰেঃ নিয়মিত তুলসীপাত খালে হৃদয়ৰ স্বাস্থ্য উন্নত হয় আৰু ডায়াবেটিছৰ সমস্যা হ্ৰাস পায়।

৫) মন শান্ত কৰেঃ তুলসীৰ চাহ খালে মানসিক চাপ, উৎকণ্ঠা আৰু বিষণ্ণতা কমি যায়।

৬) লিভাৰ শুদ্ধিকৰণঃ তুলসীয়ে যকৃত পৰিস্কাৰ কৰে আৰু ৰক্ত পৰিশোধত সহায় কৰে।

Related News