• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী মোদী— কেইসপ্তাহ মানৰ ভিতৰতে দেশবাসীয়ে লাভ কৰিব ভেকচিন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 4, 2020 3:12 pm

2 min read

a Modi-All-Party
235
VIEWS
Share on FacebookShare on Twitter

দেশত ক’ৰ’ণা সংক্ৰমণৰ ছবি খন লাহে লাহে ভালৰ দিশলৈ আহিবলৈ লৈছে যদিও দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত ক’ৰ’ণাৰ দ্বিতীয়টো ঢৌ অহা পৰিলক্ষিত হৈছে।

এনে সময়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’ণা সম্পৰ্কত আলোচনা কৰিবলৈ এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে।

দেশৰ প্ৰধান প্ৰধান ৰাজনৈতিক দল সমূহৰ লোকসভা আৰু ৰাজ্যসভাৰ সাংসদে অংশগ্ৰহণ কৰা বৈঠকত মোদীয়ে কয় যে আৰু মাত্ৰ কেইটামান সপ্তাহ অপেক্ষা কৰাৰ পিছতে দেশবাসীয়ে ক’ৰ’ণাৰ ভেকচিন লাভ কৰিবলৈ সক্ষম হ’ব।

ভাৰতত ক’ৰ’ণাৰ ৮ টাকৈ ভেকচিনৰ পৰীক্ষণ চলি আছে বুলি মন্তব্য কৰি মোদীয়ে কয় যে বিজ্ঞানীসকলে ভেকচিন ব্যৱহাৰৰ সেউজ সংকেত দিলেই ক’ৰ’ণা যোদ্ধা, বৃদ্ধ লোক,ক্ৰনিক ৰোগত আক্ৰান্ত লোক,চিকিৎসক,নাৰ্চ আদিক প্ৰথম পৰ্যায়ত অগ্ৰাধিকাৰৰ ভিত্তিত ক’ৰ’ণাৰ ভেকচিন প্ৰদান কৰা হব।

Our scientists are very confident of succeeding in their endeavour of making COVID vaccine. The world is keeping a watch on the cheapest & safe vaccine. That is why the world is watching India: PM Narendra Modi https://t.co/D1WWapSxkm

— ANI (@ANI) December 4, 2020

তেওঁ লগতে কয় যে ক’ৰ’ণাৰ সস্তা দৰৰ কাৰ্যকৰী ভেকচিনৰ বাবে বিশ্ববাসীয়ে এতিয়া ভাৰতৰ বিজ্ঞানীসকললৈ আশাৰে বাট চাই আছে।

ভাৰতে যিহেতু ভেকচিন প্ৰদানৰ ক্ষেত্ৰত ইতিমধ্যে অভিজ্ঞতা অৰ্জন কৰি থৈছে সেয়ে কোভিচৰ ভেকচিন প্ৰদানৰ ক্ষেত্ৰত কোনো অসুবিধা নহব বুলি তেওঁ উল্লেখ কৰে।

আজিৰ সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ গোলাম নবী আজাদ আৰু অধীৰ ৰঞ্জন চৌধুৰী, তৃণমূল কংগ্ৰেছৰ সুদীপ বন্দোপাধ্যায়,ডিএমকেৰ সাংসদ টিআৰ বালু,জেডিএছৰ এইছ ডি দেৱেগৌড়া আদি সাংসদসকল।

বৈঠকত সাংসদসকলক কোনো কথা কোৱাৰ সুবিধা দিয়া হোৱা নাছিল যদিও মোদীয়ে কাৰোৱাৰ কিবা ক’বলগীয়া থাকিলে লিখিত ৰূপত প্ৰদান কৰিবলৈ আহ্বান জনায়।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd