NORTHEAST NOW (Assamese)

পুনৰ বৃদ্ধি পালে পে’ট্ৰল আৰু ডিজেলৰ মূল্য

December 17, 2018 11:47 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

এক খন্তেকিয়া বিৰতিৰ পিছত ৰাজ্যত পুনৰ বৃদ্ধি পালে পে’ট্ৰল আৰু ডিজেলৰ মূল্য। কালি অৰ্থাৎ ১৬ ডিচেম্বৰৰ মাজনিশাৰ পৰা এই মূল্যবৃদ্ধি কাৰ্যকৰী কৰা হয়।

আজি ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত প্ৰতি লিটাৰ পে’ট্ৰলত ২০ পইচা আৰু ডিজেলত ১০ পইচাকৈ বৃদ্ধি পালে। যাৰ ফলত এতিয়া গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পে’ট্ৰলৰ মূল্য হৈছে ৬৯.৯৮ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে ৬৪.৮২ টকা।

উল্লেখযোগ্য যে দেওবাৰৰ লৈকে গুৱাহাটীত গ্ৰাহকে প্ৰতি লিটাৰ পে’ট্ৰলত ৬৯.৭৮ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ৬৪.৭২ টকাকৈ ব্যয় কৰিব লগীয়া হৈছিল।

Related News