DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰবাসীৰ বাবে সুখবৰ : আৰম্ভ হ’ল ৩ টকীয়া বাইক যাত্ৰা, মোবাইল এপৰ দ্বাৰা লাভ কৰিব পাৰিব এই সেৱা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 17, 2018 12:10 pm
2.2k
VIEWS
Share on FacebookShare on Twitter

মহানগৰবাসীৰ বাবে এক সু-খবৰ। কিয়নো অতি কম খচৰৰ লগতে কম সময়ৰ ভিতৰতে আপুনি এতিয়া গুৱাহাটীত এঠাইৰ পৰা আন ঠাইলৈ চাৰিচকীয়াৰ সলনি দুচকীয়া বাহনত যাত্ৰা কৰিব পাৰিব। বাংগালুৰুৰ এক প্ৰতিষ্ঠান ‘ৰেপিড’ই আজিৰ পৰা আৰম্ভ কৰিলে বাইক টেক্সী সেৱা।

আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ সন্মুখৰ ৱাকিং জ’নত এই ৰেপিড’ সেৱাৰ শুভাৰম্ভণি কৰে শিক্ষা আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।

এই ৰেপিড’ সেৱাৰ শুভাৰম্ভণি কৰি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ৰেপিড’ৰ এই পদক্ষেপৰ শলাগ লোৱাৰ লগতে হেলমেট ব্যৱহাৰৰ ক্ষেত্ৰত কোনোধৰণৰ শিথিলতা নানিবৰ বাবে আহ্বান জনায়।

উল্লেখযোগ্য যে বাইক ৰাইডাৰ্ছে হেলমেট ব্যৱহাৰ নকৰিলে তথা বাইকত যাত্ৰা কৰা যাত্ৰীক যদি হেলমেট যোগান ধৰিব নোৱাৰে তেন্তে সেই ৰাইডাৰ্ছৰ অনুজ্ঞাপত্ৰ কৰ্তন কৰি দিয়া হ’ব বুলিও সকীয়াই দিয়ে মন্ত্ৰী ভট্টাচাৰ্য্যই।

মহানগৰবাসীয়ে অ’লা-ওবেৰৰ দৰেই মোবাইল এপৰ দ্বাৰা এই সুবিধা লাভ কৰিব পাৰিব। মটৰচাইকেলৰ দ্বাৰা উপলব্ধ হ’বলগীয়া এই সেৱাত এজন যাত্ৰীয়ে নিৰাপদে গুৱাহাটীৰ যিকোনো ঠাইলৈ যাত্ৰা কৰিব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৰেপিড’ৰ অসম শাখাৰ অপাৰেশ্ব্যন এক্সিকিউটিভ সিদ্ধাৰ্থ সোণোৱালে।

ইয়াৰোপৰি, অসমত দ্বৈত হেলমেটৰ সুবিধাটো বৰ্তমানলৈকে হৈ উঠা নাই। গতিকে এক সামাজিক সচেতনতা সৃষ্টিৰ বাবে ৰেপিড’ই পোন প্ৰথমবাৰলৈ বাইকসমূহত দ্বৈত হেলমেটৰ ব্যৱস্থা কৰিছে। বাইকত যাত্ৰা কৰা যাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰেপিড’ই একোটাকৈ হেলমেটৰো ব্যৱস্থা কৰিছে বুলি সিদ্ধাৰ্থ সোণোৱালে জানিবলৈ দিয়ে।

লগতে কোনো যাত্ৰীয়ে হয়তো ৰেপিড’ই যোগান ধৰা হেলমেটটো পৰিধান কৰিবলৈ আপত্তি কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি একোখনকৈ এবাৰ ব্যৱহাৰ কৰিব পৰাকৈ কটনৰ কাপোৰ ৰখা হৈছে। কটনৰ কাপোৰখন পিন্ধি তাৰ ওপৰত হেলমেটটো পৰিধান কৰিব পাৰিব বুলি  সোণোৱালে কয়।

আনহাতে খুব কম খৰচতে যাত্ৰীসকলে যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব বুলি জানিবলৈ দি সোণোৱালে কয়, ‘দৈনিক হিচাপত ১৫ টকাকৈ তথা প্ৰতি কিল’মিটাৰত ৩ টকাকৈ নাইবা প্ৰতি মিনিটত ১টকাকৈ যাত্ৰা কৰিব পাৰিব।‘

কাৰ্য্যালয়লৈ যোৱাৰ সময়ছোৱাত গুৱাহাটীত যান-জঁটৰ সৃষ্টি হোৱাটো নতুন কথা নহয়। কিন্তু এতিয়া চিটী বাছ অথবা অলা-ওবেৰত অহা-যোৱা কৰা যাত্ৰীসকলৰ বাবে চিন্তাৰ প্ৰয়োজন নাই। তেওঁলোকে চমু পথেৰে বাইকৰ জৰিয়তে গন্তব্য স্থানত কম সময়তে উপস্থিত হ’ব পাৰিব বুলি জানিব দিছে ৰেপিড’ই।

বৰ্তমানলৈকে কামৰূপ মেট্ৰ’ৰ স্থানীয় শতাধিক ৰাইডাৰছে নাম পঞ্জীয়ন কৰিছে তথা প্ৰথম অৱস্থাত ১০০ খন বাইকেৰে এই সেৱা আৰম্ভ কৰিব। বৰ্তমান মহিলা ৰাইডাৰছ ৰখা নাই যদিও দেশৰ অন্য মহানগৰসমূহত মহিলা ৰাইডাৰছো এই ৰেপিড’ৰ সৈতে জড়িত হৈ আছে বুলি জানিব পৰা গৈছে।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd