NORTHEAST NOW (Assamese)

বৰপেটা জিলা কংগ্ৰেছত ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব প্ৰদানৰ অভিযোগ; ক্ষুব্ধ দলীয় কৰ্মী

November 20, 2018 9:34 pm · পুলেন্দ্ৰ দাস
প্ৰতিনিধিত্বমূলক ছবি

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বকলৈ বৰপেটা কংগ্ৰেছত সৃষ্টি হৈছে তীব্ৰ বিষোদগাৰ। আজি তাৰেই বহিঃ প্ৰকাশ ঘটিল বৰপেটা ৰাজীৱ ভৱনত। ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব প্ৰদান কৰা বুলি অভিযোগ উত্থাপিত হৈছে জিলা কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে।

বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা আৰু সাধাৰণ সম্পাদক আফতাবউদ্দিন খানৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ। আজি ৰাজীৱ ভৱন ঘেৰাও কৰি একাংশ ক্ষুদ্ধ কংগ্ৰেছ কৰ্মীয়ে জিলা কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

উল্লেখযোগ্য যে সমাগত পঞ্চায়ত নিৰ্বাচনত ৯৯ নং বাহমূৰা গাঁও পঞ্চায়তৰ সদস্য পদত প্ৰতিদ্বন্দিতা কৰাৰ বাবে কংগ্ৰেছ দলৰ পৰা টিকট বিচাৰিছিল হবিবৰ ৰহমানে৷ পৰৱৰ্তী সময়ত জিলা সভাপতি স্বাক্ষৰ সম্বলিত টিকটো প্ৰদান কৰা হৈছিল প্ৰাৰ্থীগৰাকীক। সেইমৰ্মে প্ৰাৰ্থীগৰাকীয়ে কালি মনোনয়ন দাখিল কৰিছিল।

ইপিনে একেটা পদতে আন এগৰাকী প্ৰাৰ্থী ৰাহুল আমিনকো টিকট প্ৰদান কৰে জিলা কংগ্ৰেছৰ দুই নেতৃত্বই। প্ৰাৰ্থী হবিবৰ ৰহমানে কৰা অভিযোগ অনুসৰি ৩ লাখ টকাৰ বিনিময়ত ৰাহুল আমিনক টিকট প্ৰদান কৰিছে জিলা কংগ্ৰেছৰ নেতৃত্বদ্বয়ে।

হবিবৰ ৰহমানে লগতে ইয়াকো কয় যে জিলা সাধাৰণ সম্পাদক আফতাবউদ্দিনে তেওঁৰ টিকটটো বাহাল ৰখাৰ বাবদ তেওঁৰ পৰাও ধন দাবী কৰিছিল। জিলা সভাপতি শান্তনু শৰ্মা আৰু সম্পাদক আফতাবউদ্দিনৰ এনে কাৰ্যত স্বাভাৱিকতে ক্ষুন্ন হৈ পৰিছে প্ৰাৰ্থী হবিবৰ ৰহমানকে ধৰি একাংশ কংগ্ৰেছ কৰ্মী।

ক্ষুদ্ধ কংগ্ৰেছ কৰ্মীসকলে ইয়াৰ ফল আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে ভুগিব লাগিব বুলিও হুংকাৰ দিয়ে।

জিলা কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে উত্থাপন হোৱা এনে গুৰুতৰ অভিযোগ সন্দৰ্ভত কংগ্ৰেছ দলৰ ৰাজ্যিক কমিটিয়ে কি পদক্ষেপ লয় সেয়া লক্ষণীয় হ’ব।

Related News