• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যৌন কেলেংকাৰি : বিপদত পৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই

NE NOW NEWS মিণ্টু দাস
নগাঁও , November 20, 2018 9:32 pm

2 min read

Rajen-Gohain-768x489

কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাই। ফাইল ফটো

328
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আকৌ এবাৰ কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইৰ যৌন কেলেংকাৰী প্ৰসংগই নগাঁৱৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য,কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ গোচৰক কেন্দ্ৰ কৰি নগাঁও জিলাত প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে আজি নগাঁও আদালতত ৰাজেন গোহাঁইৰ বিৰুদ্ধে নিজাকৈ গোচৰ ৰুজু কৰি আদালতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে।

নগাঁৱৰ দেউৰীগাঁৱৰ এগৰাকী নৱবিবাহিতাই যোৱা ২ আগষ্টত যৌন কেলেংকাৰী সন্দৰ্ভত দিয়া এজাহাৰৰ ভিত্তিত সদৰ থানাত ২৫৯২/১৮ নম্বৰত গোচৰ ৰুজু হৈছিল। পৰৱৰ্তী সময়ত গোচৰ প্ৰত্যাহাৰৰ বাবে মহিলাগৰাকীয়ে দিয়া মীমাংসা পত্ৰৰ ভিত্তিত আৰক্ষীয়ে চূড়ান্ত প্ৰতিবেদন আদালতত দাখিল কৰিছিল যদিও আদালতে আজি আৰক্ষীয়ে প্ৰদান কৰা চূড়ান্ত প্ৰতিবেদন নাকচ কৰে। অহা ৮ জানুৱাৰীৰ পৰা নগাঁও জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চলিব গোচৰ।

উল্লেখ্য যে কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী তথা নগাঁৱৰ সাংসদ ৰাজেন গোঁহাইৰ বিৰুদ্ধে নগাঁও সদৰ থানাত যোৱা ২ আগষ্টত ভাৰতীয় দণ্ডবিধিৰ ৪১৭/৩৭৬/৫০৬  ধাৰাত এক গোচৰ  ৰুজু হৈছিল। এগৰাকী মহিলাই যৌন নিৰ্যাতন চলোৱা বুলি দিয়া এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত আৰক্ষীয়ে লোৱা ভূমিকাই সন্দেহৰ সৃষ্টি কৰিছিল বুলি বিভিন্ন দল-সংগঠনে নগাঁৱৰ উপায়ুক্তৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিলৈয়ো স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল।

বলাৎকাৰৰ দৰে গুৰুতৰ অভিযোগ উঠা ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইক আৰক্ষীয়ে সোধা পোচা কৰাতো দূৰৰে কথা ওলোটাই অভিযোগকাৰীয়ে গোচৰ প্ৰত্যাহাৰ কৰা প্ৰসংগতহে আৰক্ষী ব্যস্ত হোৱা পৰিলক্ষিত হৈছিল বুলিও স্মাৰক পত্ৰত উল্লেখ কৰিছিল।

উক্ত গোচৰটোৰ প্ৰত্যাহাৰৰ ক্ষেত্ৰত মন্ত্ৰী গোঁহায়ে ধনবল, বাহুবল আদিৰ সহায়ত অভিযোগকাৰীক ভয়-ভীতি প্ৰদৰ্শন কৰি গোচৰটো গাপ দিয়াৰ সম্পূৰ্ণ পৰিবেশ ৰচনা কৰাৰ সুযোগ পালে বুলিও চৰ্চা লাভ কৰিছিল। কিয়নো ২ আগষ্টত ৰুজু হোৱা গোচৰটো অভিযোগকাৰীয়ে ৬ আগষ্টতহে প্ৰত্যাহাৰৰ বাবে আবেদন জনাইছিল। ইয়াৰ বাবেই আদালতে আজি এনে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অনুমান কৰা হৈছে।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd