• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফ্ৰান্সৰ আটাইতকৈ কম বয়সীয়া, প্ৰথম সমকামী প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পোৱা কোন এই গেব্ৰিয়েল আট্টাল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2024 3:24 pm
4.1k
VIEWS
Share on FacebookShare on Twitter

৩৪ বছৰীয়া গেব্ৰিয়েল আট্টালক ফ্ৰান্সৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। মঙলবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে তেওঁক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। ইয়াৰ জৰিয়তে তেওঁ আধুনিক ফ্ৰান্সৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে ১৯৮৪ চনত ফ্ৰান্সোৱা মিটেৰাণ্ড ৩৭ বছৰ বয়সত প্ৰধানমন্ত্ৰী হৈ দেশৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছিল। এইবাৰ গেব্ৰিয়েল আট্টালে সেই অভিলেখ ভংগ কৰিলে।

গেব্ৰিয়েল আটাল এগৰাকী ইহুদী। তেওঁৰ সম্পূৰ্ণ নাম গেব্ৰিয়েল আট্টাল ডি কুৰিছ। তেওঁৰ পিতৃ আছিল অধিবক্তা তথা চলচ্চিত্ৰ প্ৰযোজক টিউনিছিয়ান ইহুদী ইভছ আট্টাল, যাৰ ২০১৫ চনত মৃত্যু হয়। তেওঁৰ মাতৃ মেৰী ডি কুৰিছ অডেছাৰ অৰ্থডক্স খ্ৰীষ্টানৰ বংশধৰ। গেব্ৰিয়েল আট্টাল তেওঁৰ তিনিগৰাকী সৰু ভনীয়েকৰ সৈতে পেৰিছত ডাঙৰ-দীঘল হৈছিল।

লগতে পঢ়কঃ ভূটানত নতুন চৰকাৰ! হাৰ্ভাৰ্ডকে ধৰি একাধিক বিদেশী ডিগ্ৰীধাৰী চুবুৰীয়া ৰাষ্ট্ৰৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে গেব্ৰিয়েল আট্টাল বৰ্তমানৰ ফ্ৰান্স চৰকাৰৰ শিক্ষামন্ত্ৰী আছিল। সোমবাৰে প্ৰধানমন্ত্ৰী এলিজাবেথ বৰ্ণীয়ে পদত্যাগ ঘোষণা কৰাৰ পিছত পিছদিনা ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে গেব্ৰিয়েল আট্টালক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।

গেব্ৰিয়েল আট্টালে মুকলিকৈ নিজকে সমকামী বুলি পৰিচয় দিয়া বুলি জানিব পৰা গৈছে।

অহা জুন মাহত অনুষ্ঠিত হ’ব ইউৰোপীয় সংসদৰ নিৰ্বাচন। সেই নিৰ্বাচনত ফ্ৰান্সৰ নেতৃত্ব দিব নতুন প্ৰধানমন্ত্ৰী গেব্ৰিয়েল আট্টালে।

ফ্ৰান্সৰ ৰাজনীতিত গেব্ৰিয়েল আট্টালৰ উত্থান অতি কম সময়ৰ ভিতৰতে হৈছে। আনকি ১০ বছৰ আগতেও তেওঁ ফ্ৰান্সৰ স্বাস্থ্য মন্ত্ৰালয়ৰ এজন অপৰিচিত উপদেষ্টা আছিল।

ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি ফ্ৰান্সৰ ইতিহাসত প্ৰথমজন মুকলিকৈ সমকামী প্ৰধানমন্ত্ৰী গেব্ৰিয়েল আটালে হোটেল মেটিগনোন (প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়)ৰ দায়িত্ব গ্ৰহণ কৰিছে। ফ্ৰান্সৰ নতুন প্ৰধানমন্ত্ৰীৰ সমকামী অংশীদাৰ হৈছে আন এগৰাকী সাংসদ ষ্টেফান চেজৰ্ন।

লগতে পঢ়কঃ টানত পৰি বান্দৰ নাচে! ভাৰতৰ সৈতে সংঘাতৰ বাবে ৰাষ্ট্ৰপতিকে অপসাৰণৰ দাবী মালদ্বীপত; চাপত পৰি দিল্লীমুখী মুইজু?

২০১৭ চনৰ নিৰ্বাচনত গেব্ৰিয়েল আট্টাল সংসদৰ সদস্য নিৰ্বাচিত হৈছিল। সংসদত বিতৰ্কত তেওঁ বৰ পটু আছিল আৰু এই গুণৰ বাবেই তেওঁ মেক্ৰনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ২৯ বছৰ বয়সত তেওঁ শিক্ষা মন্ত্ৰালয়ত কনিষ্ঠ পদ দায়িত্ব লাভ কৰে। গেব্ৰিয়েল আট্টালে ২০২০ চনৰ পৰা ফ্ৰান্স চৰকাৰৰ মুখপাত্ৰ হিচাপে কাম কৰি আহিছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd