• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফ্ৰান্সৰ আটাইতকৈ কম বয়সীয়া, প্ৰথম সমকামী প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পোৱা কোন এই গেব্ৰিয়েল আট্টাল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2024 3:24 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩৪ বছৰীয়া গেব্ৰিয়েল আট্টালক ফ্ৰান্সৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। মঙলবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে তেওঁক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। ইয়াৰ জৰিয়তে তেওঁ আধুনিক ফ্ৰান্সৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে ১৯৮৪ চনত ফ্ৰান্সোৱা মিটেৰাণ্ড ৩৭ বছৰ বয়সত প্ৰধানমন্ত্ৰী হৈ দেশৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছিল। এইবাৰ গেব্ৰিয়েল আট্টালে সেই অভিলেখ ভংগ কৰিলে।

গেব্ৰিয়েল আটাল এগৰাকী ইহুদী। তেওঁৰ সম্পূৰ্ণ নাম গেব্ৰিয়েল আট্টাল ডি কুৰিছ। তেওঁৰ পিতৃ আছিল অধিবক্তা তথা চলচ্চিত্ৰ প্ৰযোজক টিউনিছিয়ান ইহুদী ইভছ আট্টাল, যাৰ ২০১৫ চনত মৃত্যু হয়। তেওঁৰ মাতৃ মেৰী ডি কুৰিছ অডেছাৰ অৰ্থডক্স খ্ৰীষ্টানৰ বংশধৰ। গেব্ৰিয়েল আট্টাল তেওঁৰ তিনিগৰাকী সৰু ভনীয়েকৰ সৈতে পেৰিছত ডাঙৰ-দীঘল হৈছিল।

Apply Now

লগতে পঢ়কঃ ভূটানত নতুন চৰকাৰ! হাৰ্ভাৰ্ডকে ধৰি একাধিক বিদেশী ডিগ্ৰীধাৰী চুবুৰীয়া ৰাষ্ট্ৰৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে গেব্ৰিয়েল আট্টাল বৰ্তমানৰ ফ্ৰান্স চৰকাৰৰ শিক্ষামন্ত্ৰী আছিল। সোমবাৰে প্ৰধানমন্ত্ৰী এলিজাবেথ বৰ্ণীয়ে পদত্যাগ ঘোষণা কৰাৰ পিছত পিছদিনা ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে গেব্ৰিয়েল আট্টালক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।

গেব্ৰিয়েল আট্টালে মুকলিকৈ নিজকে সমকামী বুলি পৰিচয় দিয়া বুলি জানিব পৰা গৈছে।

অহা জুন মাহত অনুষ্ঠিত হ’ব ইউৰোপীয় সংসদৰ নিৰ্বাচন। সেই নিৰ্বাচনত ফ্ৰান্সৰ নেতৃত্ব দিব নতুন প্ৰধানমন্ত্ৰী গেব্ৰিয়েল আট্টালে।

ফ্ৰান্সৰ ৰাজনীতিত গেব্ৰিয়েল আট্টালৰ উত্থান অতি কম সময়ৰ ভিতৰতে হৈছে। আনকি ১০ বছৰ আগতেও তেওঁ ফ্ৰান্সৰ স্বাস্থ্য মন্ত্ৰালয়ৰ এজন অপৰিচিত উপদেষ্টা আছিল।

ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি ফ্ৰান্সৰ ইতিহাসত প্ৰথমজন মুকলিকৈ সমকামী প্ৰধানমন্ত্ৰী গেব্ৰিয়েল আটালে হোটেল মেটিগনোন (প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়)ৰ দায়িত্ব গ্ৰহণ কৰিছে। ফ্ৰান্সৰ নতুন প্ৰধানমন্ত্ৰীৰ সমকামী অংশীদাৰ হৈছে আন এগৰাকী সাংসদ ষ্টেফান চেজৰ্ন।

লগতে পঢ়কঃ টানত পৰি বান্দৰ নাচে! ভাৰতৰ সৈতে সংঘাতৰ বাবে ৰাষ্ট্ৰপতিকে অপসাৰণৰ দাবী মালদ্বীপত; চাপত পৰি দিল্লীমুখী মুইজু?

২০১৭ চনৰ নিৰ্বাচনত গেব্ৰিয়েল আট্টাল সংসদৰ সদস্য নিৰ্বাচিত হৈছিল। সংসদত বিতৰ্কত তেওঁ বৰ পটু আছিল আৰু এই গুণৰ বাবেই তেওঁ মেক্ৰনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ২৯ বছৰ বয়সত তেওঁ শিক্ষা মন্ত্ৰালয়ত কনিষ্ঠ পদ দায়িত্ব লাভ কৰে। গেব্ৰিয়েল আট্টালে ২০২০ চনৰ পৰা ফ্ৰান্স চৰকাৰৰ মুখপাত্ৰ হিচাপে কাম কৰি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd