অসমৰ বান নিয়ন্ত্ৰণৰ ধনেৰে গাদকাৰিৰ বিলাস: নৰ্থ-ইষ্ট নাওৰ বাতৰি লৈ মোদীক প্ৰশ্ন বিৰোধীৰ

Gadkari's family holiday: Opposition raps Modi government

নৰেন্দ্ৰ মোদী। ফাইল ছবি।

জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী নীতীন গাদকাৰি পৰিয়ালৰ বিমান ভাৰা ব্ৰহ্মপুত্ৰ ব’ৰ্দে বহন কৰাৰ বাতৰি নৰ্থ ইষ্ট নাও-ত সোমবাৰে প্ৰকাশ হোৱাৰ পিছতে বিৰোধীৰ প্ৰশ্নবাণৰ মুখত পৰিছে মোদী চৰকাৰ।

“চৰকাৰত কি চলিছে?” প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী দলসমূহক কৰি অহা সমালোচনাৰ উল্লেখ কৰি এই প্ৰশ্ন চি পি আই (এম)ৰ পলিতব্যুৰ’ সদস্য নীলোৎপল বসুৰ।

অসমৰ বান নিয়ন্ত্ৰণৰ ধন কেন্দ্ৰীয় মন্ত্ৰীৰ ব্যক্তিগত ভ্ৰমণত খৰচ হোৱাটো “ভয়ংকৰ” আৰু ইয়াক মোদী চৰকাৰৰ “জনগণৰ বিৰুদ্ধে যুদ্ধ” বুলি অভিহিত কৰিছে বাওঁপন্থী নেতাজনে।

লগতে পঢ়ক– গাদকাৰি পৰিয়ালৰ বিলাসী ভ্ৰমণত উটি গ’ল অসমৰ বান নিয়ন্ত্ৰণৰ ধন

“অসমৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ ব’ৰ্দ এটা গুৰুত্বপূৰ্ণ সংস্থা।…এজন কেন্দ্ৰীয় মন্ত্ৰীৰ অৱসৰ যাপনৰ নামত ইমান বৃহৎ পৰিমাণত ৰাজহুৱা সম্পদ অপচয়ৰ ছবি ভয়ংকৰ,” নৰ্থ ইষ্ট নাওত বসুৰ মন্তব্য।

নতুন দিল্লীৰ পৰা যোৰহাটলৈ অৱসৰ যাপনৰ বাবে ২০১৭ চনৰ ২৯ ডিচেম্বৰত অহা কেন্দ্ৰীয় জল সম্পদ মন্ত্ৰী গাদকাৰি আৰু তেওঁৰ পৰিয়ালৰ চাৰিদিনীয়া ভ্ৰমণত ব্যৱহৃত বিমানখনৰ ভাৰা পৰিশোধত ব্ৰহ্মপুত্ৰ ব’ৰ্দে ব্যয় কৰিছিল ৩১.৪৮৩২৬ লাখ টকা।

বিমানখনৰ চাৰিদিনৰ ভাৰা ৬২.৯৬৬৫২ লাখ টকাৰ আধা ব্ৰহ্মপুত্ৰ ব’ৰ্দে আৰু বাকী আধা অৰ্থাৎ ৩১.৪৮৩২৬ লাখ টকা বহন কৰিছিল ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমে (NHIDC)।