NORTHEAST NOW (Assamese)

গুৱাহাটীৰ নুনমাটিত গেট হস্পিতালৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

December 17, 2018 10:36 am · মৃদুল প্ৰীতম ডেকা

শৰীৰ সুস্থ থাকিলে হে মন সুস্থ থাকিব আৰু তেতিয়া হে আপুনি নতুন উদ্দ্যমেৰে জীৱন বাটত আগুৱাব পাৰিব। নিজৰ শৰীৰটোক সুস্থ সবল কৰি ৰখাটো আপোনাৰ দায়িত্ব। এনে এক উদ্দেশ্যৰেই গুৱাহাটীৰ নুনমাটিত গেট হস্পিতালে এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে।

নুনমাটিৰ গণেশ মন্দিৰ পথৰ পূজা মণ্ডপত দেওবাৰে আয়োজন কৰা উক্ত শিবিৰটোত অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোকে স্বাস্থ্য পৰীক্ষা কৰোৱায়। বিনামূলীয়া স্বাস্থ্য পৰীক্ষাসমূহৰ ভিতৰত আছিল ই চি জি, চকু পৰীক্ষাৰ লগতে অন্যান্য বহু ব্যয়বহুল পৰীক্ষা।

মহানগৰীৰ নুনমাটিৰ লগতে ইয়াৰ দাঁতিকাষৰিয়া অঞ্চলৰ লোকেও স্বাস্থ্য শিবিৰটোত অংশগ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ এই পদক্ষেপক প্ৰশংসা কৰে।

শিবিৰটোৰ গেট হস্পিতালৰ পৰিচালন সঞ্চালক ডাঃ বেদব্ৰত পাঠকে কয় যে আৰ্ত-দুৰ্গত জনক সহায় কৰাটো গেট হস্পিতাল কৰ্তৃপক্ষৰ মূল মন্ত্ৰ। অনাগত দিনটো গেট হস্পিতালে এনে অনুষ্ঠানৰ জৰিয়তে সামাজিক দায়বদ্ধতা আগবঢ়াই যাব বুলি তেওঁ জানিবলৈ দিয়ে।

Related News