• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনকাউণ্টাৰ: অসম চৰকাৰক সংঘৰ্ষত হোৱা মৃত্যুৰ তদন্তৰ বিৱৰণ দাখিল কৰিবলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 3, 2022 7:09 pm
guwahati high court
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত শেহতীয়াকৈ সংঘটিত এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ এডভোকেট জেনেৰেল (এজি)ক যোৱা বছৰৰ মে’ মাহৰ পৰা ৰাজ্যত সংঘৰ্ষত হোৱা মৃত্যুৰ মানৱ অধিকাৰ উলংঘনৰ অভিযোগৰ বিষয়ে স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছে।

মুখ্য ন্যায়াধীশ সুধাংশু ধুলিয়া আৰু ন্যায়াধীশ সৌমিত্ৰ ডেকাৰ খণ্ড বিচাৰপীঠে এজি দেৱজিৎ লন ডেকাক ৰাজ্যিক মানৱ অধিকাৰ আয়োগে ৭ জুলাই, ২০২১ ত উল্লেখ কৰা এনকাউণ্টাৰৰ গোচৰ বোৰৰ তদন্তত হোৱা অগ্ৰগতিৰ বিষয়ে আদালতক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে।

Apply Now

আদালতে লগতে ১১ জানুৱাৰীত বিষয়টো তালিকাভুক্ত কৰাৰ নিৰ্দেশ দিয়ে। অৰ্থাৎ ১১ জানুৱাৰীত পুনৰ এনকাউণ্টাৰৰ বিষয়টোকলৈ আদালতত শুনানি গ্ৰহণ কৰা হ’ব।

ইপিনে ৰাজ্য চৰকাৰৰ কতৰফৰ পৰা আদালতত দাখিল কৰা প্ৰতিবেদনত এইবুলি কোৱা হৈছিল যে শেহতীয়াকৈ পাঁচজন আৰক্ষী নিহত হোৱাৰ ঘটনাটোত কোনেও মানৱ অধিকাৰ উলংঘনৰ কথা কোৱা নাছিল।

চৰকাৰৰ হৈ এডভোকেট জেনেৰেলে যোৱা বছৰ অসম-মিজোৰাম সীমান্তত সংঘটিত হোৱা হিংসাত্মক সংঘৰ্ষৰ কথা উল্লেখ কৰিছিল, য’ত অসম আৰক্ষীৰ পাঁচজন কৰ্মীয়ে প্ৰাণ হেৰুৱাইছিল। আদালতে এই প্ৰসংগত কয় যে এইটো সম্পূৰ্ণ বেলেগ বিষয়।

কিয়নো ই দুখন চুবুৰীয়া ৰাজ্যৰ মাজত বিবাদৰ সৈতে জড়িত আছিল বিষয়হে।

উচ্চ ন্যায়ালয়ে দিল্লীৰ এজন অধিবক্তা আৰু অসমৰ বাসিন্দা আৰিফ মোঃ য়াছিন জৱাদ্দাৰে অসমত সংঘটিত এনকাউণ্টাৰ ঘটনা সমূহৰ উচ্চ ন্যায়ালয়ৰ তত্বাৱধানত স্বতন্ত্ৰ তদন্ত বিচাৰি দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থৰ আবেদনৰ আজি আদালতে শুনানি গ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে।

আবেদনকাৰী অধিবক্তাগৰাকীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ ৰ অধীনত এনকাউণ্টাৰৰ ঘটনা সমূহৰ বাবে এজাহাৰ দাখিল কৰাটো বিচাৰিছে।

ইয়াৰ উপৰিও তেওঁ মানৱ অধিকাৰ সুৰক্ষা আইন, ১৯৯৩ ৰ ধাৰা ৩০-ৰ অধীনত ৰাজ্যখনত মানৱ অধিকাৰ আদালত গঠন কৰাটোও বিচাৰে। আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙে যুক্তি প্ৰদৰ্শন কৰে।

অধিবক্তা ইন্দিৰা জয়সিঙে এই বুলি যুক্তি দিয়ে যে উচ্চতম ন্যায়ালয়ৰ ৰায়ত প্ৰতিটো এনকাউণ্টাৰ হত্যাকাণ্ডত এজাহাৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছিল, আৰু ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা সমূহ যথাযথভাৱে পালন কৰে নে নাই সেয়া উচ্চ ন্যায়ালয়ক অৱগত কৰিব লাগিব বুলিও কৈছিল।

জয়সিঙৰ যুক্তি শুনাৰ পিছতে বিচাৰপীঠে এডভোকেট জেনেৰেলক এনকাউণ্টাৰৰ ঘটনা সমূহত এজাহাৰ দাখিল কৰা হৈছে নে নাই বুলি প্ৰশ্ন কৰে।

আবেদনকাৰী জৱাদ্দাৰে উল্লেখ কৰা মতে সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, যোৱা বছৰৰ মে’ মাহৰ পৰা ৮০ টাতকৈও অধিক এনকাউণ্টাৰ সংঘটিত হৈছে, যাৰ ভিতৰত এনে “ভুৱা সংঘৰ্ষ”ত ২৮ জন লোক নিহত আৰু ৪৮ জন আহত হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd