DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এনকাউণ্টাৰ: অসম চৰকাৰক সংঘৰ্ষত হোৱা মৃত্যুৰ তদন্তৰ বিৱৰণ দাখিল কৰিবলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 3, 2022 7:09 pm
guwahati high court
189
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত শেহতীয়াকৈ সংঘটিত এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ এডভোকেট জেনেৰেল (এজি)ক যোৱা বছৰৰ মে’ মাহৰ পৰা ৰাজ্যত সংঘৰ্ষত হোৱা মৃত্যুৰ মানৱ অধিকাৰ উলংঘনৰ অভিযোগৰ বিষয়ে স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছে।

মুখ্য ন্যায়াধীশ সুধাংশু ধুলিয়া আৰু ন্যায়াধীশ সৌমিত্ৰ ডেকাৰ খণ্ড বিচাৰপীঠে এজি দেৱজিৎ লন ডেকাক ৰাজ্যিক মানৱ অধিকাৰ আয়োগে ৭ জুলাই, ২০২১ ত উল্লেখ কৰা এনকাউণ্টাৰৰ গোচৰ বোৰৰ তদন্তত হোৱা অগ্ৰগতিৰ বিষয়ে আদালতক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে।

আদালতে লগতে ১১ জানুৱাৰীত বিষয়টো তালিকাভুক্ত কৰাৰ নিৰ্দেশ দিয়ে। অৰ্থাৎ ১১ জানুৱাৰীত পুনৰ এনকাউণ্টাৰৰ বিষয়টোকলৈ আদালতত শুনানি গ্ৰহণ কৰা হ’ব।

ইপিনে ৰাজ্য চৰকাৰৰ কতৰফৰ পৰা আদালতত দাখিল কৰা প্ৰতিবেদনত এইবুলি কোৱা হৈছিল যে শেহতীয়াকৈ পাঁচজন আৰক্ষী নিহত হোৱাৰ ঘটনাটোত কোনেও মানৱ অধিকাৰ উলংঘনৰ কথা কোৱা নাছিল।

চৰকাৰৰ হৈ এডভোকেট জেনেৰেলে যোৱা বছৰ অসম-মিজোৰাম সীমান্তত সংঘটিত হোৱা হিংসাত্মক সংঘৰ্ষৰ কথা উল্লেখ কৰিছিল, য’ত অসম আৰক্ষীৰ পাঁচজন কৰ্মীয়ে প্ৰাণ হেৰুৱাইছিল। আদালতে এই প্ৰসংগত কয় যে এইটো সম্পূৰ্ণ বেলেগ বিষয়।

কিয়নো ই দুখন চুবুৰীয়া ৰাজ্যৰ মাজত বিবাদৰ সৈতে জড়িত আছিল বিষয়হে।

উচ্চ ন্যায়ালয়ে দিল্লীৰ এজন অধিবক্তা আৰু অসমৰ বাসিন্দা আৰিফ মোঃ য়াছিন জৱাদ্দাৰে অসমত সংঘটিত এনকাউণ্টাৰ ঘটনা সমূহৰ উচ্চ ন্যায়ালয়ৰ তত্বাৱধানত স্বতন্ত্ৰ তদন্ত বিচাৰি দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থৰ আবেদনৰ আজি আদালতে শুনানি গ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে।

আবেদনকাৰী অধিবক্তাগৰাকীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ ৰ অধীনত এনকাউণ্টাৰৰ ঘটনা সমূহৰ বাবে এজাহাৰ দাখিল কৰাটো বিচাৰিছে।

ইয়াৰ উপৰিও তেওঁ মানৱ অধিকাৰ সুৰক্ষা আইন, ১৯৯৩ ৰ ধাৰা ৩০-ৰ অধীনত ৰাজ্যখনত মানৱ অধিকাৰ আদালত গঠন কৰাটোও বিচাৰে। আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙে যুক্তি প্ৰদৰ্শন কৰে।

অধিবক্তা ইন্দিৰা জয়সিঙে এই বুলি যুক্তি দিয়ে যে উচ্চতম ন্যায়ালয়ৰ ৰায়ত প্ৰতিটো এনকাউণ্টাৰ হত্যাকাণ্ডত এজাহাৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছিল, আৰু ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা সমূহ যথাযথভাৱে পালন কৰে নে নাই সেয়া উচ্চ ন্যায়ালয়ক অৱগত কৰিব লাগিব বুলিও কৈছিল।

জয়সিঙৰ যুক্তি শুনাৰ পিছতে বিচাৰপীঠে এডভোকেট জেনেৰেলক এনকাউণ্টাৰৰ ঘটনা সমূহত এজাহাৰ দাখিল কৰা হৈছে নে নাই বুলি প্ৰশ্ন কৰে।

আবেদনকাৰী জৱাদ্দাৰে উল্লেখ কৰা মতে সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, যোৱা বছৰৰ মে’ মাহৰ পৰা ৮০ টাতকৈও অধিক এনকাউণ্টাৰ সংঘটিত হৈছে, যাৰ ভিতৰত এনে “ভুৱা সংঘৰ্ষ”ত ২৮ জন লোক নিহত আৰু ৪৮ জন আহত হৈছে।

Recent News

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd