• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰকাৰে বৃক্ষ স্থানান্তৰৰ বাবে নিৰ্দেশনা জাৰিৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন বন্ধ কৰিলে উচ্চ ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2025 9:59 pm
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ভৱিষ্যতে গছ স্থানান্তৰ কৰাৰ বাবে এক বিস্তৃত কৰ্মসূচী প্ৰস্তুত কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছতে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন বন্ধ কৰা হয়।

ওঠৰ ছেপ্টেম্বৰ, বৃহস্পতিবাৰে জনস্বাৰ্থ জড়িত আবেদনৰ শুনানিৰ সময়ত অসম চৰকাৰে এই আশ্বাস প্ৰদান কৰে। এই প্ৰতিশ্ৰুতি প্ৰদানৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে মহানগৰৰ গোপীনাথ বৰদলৈ পথত নিৰ্মীয়মান উৰণ সেতুৰ বাবে গছৰ সফল স্থানান্তৰ কৰাৰ উদাহৰণ দি গোচৰটো বন্ধ কৰি দিয়ে।

Apply Now

জ্যেষ্ঠ সাংবাদিক মহেশ ডেকা আৰু মানৱাধিকাৰ কৰ্মী জয়ন্ত গগৈয়ে দাখিল কৰা জনস্বাৰ্থ জড়িত আবেদনখন মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠৰ সন্মুখত দাখিল কৰা হয়। আবেদনকাৰীদ্বয়ৰ হৈ জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে আদালতৰ সন্মুখত নুনমাটিৰ পৰা দীঘলীপুখুৰী অঞ্চললৈ উৰণ সেতু নিৰ্মাণৰ ফলত বৃহৎ সংখ্যক গছৰ প্ৰতি থকা ভাবুকিৰ বিষয়ে আলোকপাত কৰে।

ইয়াৰ উত্তৰত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই ন্যায়ালয়ক জনাই যে চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে লৈছে আৰু গছ কটা কম কৰিবলৈ উৰণ সেতুখনৰ আৰ্হি সলনি কৰা হৈছে।

চৰকাৰে প্ৰথম অৱস্থাত উৰণ সেতু নিৰ্মাণৰ বাবে লোৱা পৰিকল্পনাৰ ফলত বহু গছত প্ৰভাৱ পৰিলেহেঁতেন যদিও পাছত উৰণ সেতুৰ নতুন আৰ্হি অনুসৰি ৭৭জোপা গছহে স্থানান্তৰ কৰা হৈছিল। ইয়াৰে ৭৬জোপা গছ নতুন স্থানলৈ স্থানান্তৰ কৰা হৈছে বুলি আদালতক মহাধিবক্তাই অৱগত কৰে।

মহাধিবক্তা দেৱজিৎ শইকীয়াৰ মতে, এই স্থানান্তৰিত গছবোৰ বৰ্তমান কেৱল জীয়াই থকাই নহয়, বৰঞ্চ গছবোৰত নতুন কুঁহিপাতেও প্ৰাণ পাই উঠিছে, যিয়ে গছসমূহৰ সফল স্থানান্তৰক সূচাইছে। শইকীয়াই কয় যে, এই সফলতা গছৰ স্থানান্তৰৰ বিষয়ে বিশেষজ্ঞ সংস্থাৰ সৈতে চৰকাৰে কৰা আলোচনাৰ ফচল।

তদুপৰি অসম চৰকাৰে উচ্চ ন্যায়ালয়ক আশ্বাস দিয়ে যে, ভৱিষ্যতে গছ স্থানান্তৰৰ প্ৰকল্প হাতত লোৱাৰ বাবে এক বিস্তৃত নিয়মাৱলী প্ৰস্তুত কৰা হৈছে।

এই কৰ্মসূচীয়ে- স্থানান্তৰ প্ৰক্ৰিয়া, উপযুক্ত নতুন স্থান চিনাক্তকৰণ, গছৰ সুস্থিৰ অৱস্থা নিশ্চিত কৰিবলৈ ফলপ্ৰসূ ব্যৱস্থা আৰু অন্যান্য প্ৰয়োজনীয় কৰণীয় দিশসমূহৰ বিষয়ে আলোকপাত কৰিব ।

বৰ্তমানৰ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি চলি থকা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনৰ কাম অব্যাহত ৰখাটো অপ্ৰয়োজনীয় বুলি বিবেচনা কৰি গোচৰটো বন্ধ কৰি দিয়ে।

কিন্তু বিচাৰপীঠে আবেদনকাৰীসকলক নতুন বিস্তৃত নিয়মাৱলী মানি নচলাকৈ ভৱিষ্যতে কোনো ধৰণৰ গছ স্থানান্তৰ কৰা হ’লে পুনৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ স্বতন্ত্ৰতা প্ৰদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd