যোৱা ১৪ জুনৰ পৰা শিক্ষা ও গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই তেওঁৰ উলুবাৰীৰ বৰা চাৰ্ভিছস্থিত বাসগৃহৰ চৌহদৰ প্ৰৱেশ দ্বাৰত তলা ওলোমাই দিছিল। যাৰ ফলত উক্ত চৌহদৰ ভিতৰতে থকা সাগৰ ব্ৰীজ কমপ্লেক্সৰ কৰ্মচাৰী বা অন্যান্য লোকসকল সেই পথেদি অহা-যোৱা কৰিব পৰা নাছিল আৰু পানী যোগানৰ সুবিধা লাভ কৰিব পৰা নাছিল উক্ত কমপ্লেক্সত থকা আৱাসীসকলে।
ইয়াৰ পাছতে কমপ্লেক্সৰ স্বত্ত্বাধিকাৰীয়ে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে পল্টনবজাৰ থানাত গোচৰ ৰজু কৰাৰ উপৰিও উচ্চ ন্যায়ালয়ত এক আবদেন জনাইছিল।
মঙ্গলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে মন্ত্ৰীগৰাকীক দিলে এক অন্তৱৰ্তীকালীন নিৰ্দেশ। নিৰ্দেশ অনুসৰি অট্টালিকাটোলৈ প্ৰৱেশত কোনোপ্ৰকাৰে বাধা আৰোপ কৰিব নোৱাৰিব মন্ত্ৰীগৰাকীয়ে। লগতে পানী যোগান বন্ধ কৰিব নোৱাৰিব বুলিও উচ্চ ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে।
তদুপৰি, পল্টনবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক গুৱাহাটী উচ্চ ন্যায়ালয়ে তদাৰকৰ নিৰ্দেশ দিছে যাতে, আবেদনকাৰীৰ লগতে কমপ্লেক্সটোৰ কৰ্মৰত সকলো কৰ্মচাৰী পথটোৱেদি অহা-যোৱাৰ সময়ত কোনোধৰণৰ বাধাৰ সন্মুখীন নহয়। এতিয়াৰে পৰা পল্টনবজাৰ আৰক্ষীৰ দল এটা ভট্টাচাৰ্য্যই বন্ধ কৰি দিয়া গেটৰ সন্মুখত অহৰ্নিশে থাকিব।
ইপিনে, উক্ত কমপ্লেক্সত কৰ্মৰত সকলো কৰ্মচাৰী অথবা নিৰাপত্তাৰক্ষীক নিজৰ পৰিচয় পত্ৰ প্ৰদান কৰিবলৈ সাগৰ ব্ৰীজ কমপ্লেক্সৰ মালিকক নিৰ্দেশনা দিয়ে আদালতে। সেই পৰিচয় পত্ৰ আৰক্ষীক দেখুৱাই প্ৰবেশ কৰিব পাৰিব কমপ্লেক্সৰ ভিতৰত থকা কাৰ্য্যালয়ত।
আনহাতে, গোচৰীয়া পক্ষৰ গোচৰ সম্পৰ্কত অধিবক্তা আনন্দ ভুঞাই কয়, ‘’মুঠ চাৰিজন আবেদনকাৰীয়ে উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। ম্যাদী পট্টাৰ ভুমিতে অট্টালিকাটো নিৰ্মাণ কৰা হৈছে। ম্যাপখন জিএমডিএই অনুমোদন জনালে, তাতো ২৯ ফুট উপ-পথ দেখুওৱা হৈছিল। সেই অট্টালিকাতে সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই নিজৰ পত্নী আৰু জিয়ৰীৰ নামত বাণিজ্যিক ঠাই ক্ৰয় কৰিছে।
অট্টালিকা নিৰ্মাণকাৰীৰ সৈতে সিদ্ধাৰ্থ ভট্টাচাৰ্য্য চুক্তিবদ্ধ হৈছিল। চুক্তি অনুসৰি অহা-যোৱা কৰিবৰ বাবে পথ এটা থাকিব, কিন্তু সেই ৰাস্তাটো মন্ত্ৰীগৰাকীয়ে নিজৰ বুলি চুক্তিপত্ৰত কোৱা নাই। দুয়ো পক্ষই এই পথটো ব্যৱহাৰ কৰিব বুলি উল্লেখ আছিল চুক্তিপত্ৰত।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, মন্ত্ৰীগৰাকীৰ এই ভুমি বিবাদৰ পাছতেই সৰব হৈ পৰিছিল বিৰোধী দলসমূহ। সকলোৱে ইয়াৰ এক উচিত তদন্ত দাবী কৰিছিল।