• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাগ্ৰামাক ‘চিফ’ হোৱাৰ সুযোগ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে!, ফ্ল’ৰ টেষ্টৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2020 9:48 am
1.1k
VIEWS
Share on FacebookShare on Twitter

হাজাৰ হাজাৰ জনতাক সাক্ষী কৰি যোৱা ১৫ ডিচেম্বৰত বিটিচিৰ নতুন মুখ্য কাৰ্যবাহী হিচাপে প্ৰমোদ বড়োৱে শপত লৈছিল। আৰু এতিয়া মাত্ৰ ১০ দিনৰ ভিতৰতেই অনিশ্চিয়তাৰ ফালে গতি কৰিছে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি।

কিয়নো এইবাৰ আস্থাৰ ভোটতহে সংখ্যগৰিষ্ঠতা প্ৰদৰ্শন কৰি মুখ্য কাৰ্যবাহী সদস্য নিৰ্বাচিত কৰিবলৈ মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে।

অৰ্থাৎ অহা ২৬ ডিচেম্বৰৰ ভিতৰত ফ্ল’ৰ টেষ্টৰ জৰিয়তে মুখ্য কাৰ্যবাহী সদস্য নিৰ্বাচিত কৰিব লাগিব বুলি স্পষ্টভাৱে নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে।

বি পি এফ প্ৰধান হাগ্রামা মহিলাৰীৰ লগতে দলৰ আন পাঁচজন সদস্যৰ এখন লেখ আৱেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামৰ আদালতে মঙলবাৰে এই নির্দেশ দিয়ে৷

উল্লেখ্য যে নিয়ম উলংঘন কৰি প্রমোদ বড়োৰ নেতৃত্বত বিটিচি গঠন হোৱাৰ অভিযোগ আনি লেখ আৱেদনৰ জৰিয়তে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল হাগ্রামা মহিলাৰী আৰু বি পি এফৰ অন্য নির্বাচিত সদস্য৷

ন্যায়ালয়ৰ নিৰ্দেশত কোৱা হয় যে ফ্ল’ৰ টেষ্টৰ সময়ত মুখ্য কাৰ্যবাহী সদস্য পদৰ বাবে কেৱল প্ৰমোদ বড়োই নহয় আন দলৰ নিৰ্বাচিত সদস্যইও প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব। আৰু যিজন সদস্যই আস্থা ভোটত সৰ্বাধিক ভোট লাভ কৰিব তেঁৱেই হ’ব পৰৱৰ্তী মুখ্য কাৰ্যবাহী সদস্য।

ইফালে ন্যায়ালয়ে দিয়া নির্দেশ অনুসৰি ফ্ল’ৰ টেষ্টত সকলো নির্বাচিত সদস্যই অংশগ্রহণ কৰিব লাগিব যদিও ৰাজ্যপালে মনোনীত কৰা সদস্যই অংশগ্রহণ কৰিব নোৱাৰিব৷

উল্লেখ্য যে বিটিচিৰ নিৰ্বাচনত ১৭ খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠ দল হোৱাৰ পিছতো বি পি এফে চৰকাৰ গঠন কৰাৰ কোনো সুযোগ নাপালে।

কিয়নো ফলাফল ঘোষণা হোৱাৰ নিশাই প্ৰমোদ বড়োৰ য়ু পি পি এল, বিজেপি আৰু গণ সুৰক্ষা পাৰ্টিৰ মাজত মিত্ৰতা গঢ় লৈ উঠে আৰু ৰাজ্যপালক সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দি চৰকাৰ গঠন কৰিছিল।

এই কথাত একপ্ৰকাৰ ক্ষুব্ধ হৈ পৰিছিল বিগত ১৭ বছৰে বিটিচিৰ বাঘজৰী দখল কৰি থকা বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰী। আৰু ইয়াৰ পিছতে তেওঁ আৰু তেওঁৰ আন সহযোগীসকল দ্বাৰস্থ হৈছিল ন্যায়ালয়ৰ।

প্ৰমোদ বড়োৱে চৰকাৰ গঠনৰ পিছতো হাগ্ৰামাই বিটিচিৰ চিফ হ’ব বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰি আহিছিল আৰু এতিয়া ন্যায়ালয়ে সেই সুযোগ দিয়াত ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে এতিয়া এই সমগ্ৰ বিষয়টোৱে।

Recent News

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd