• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানি ল’লে দুলু আহমেদৰ অভিযোগ? মানহানি গোচৰ দিবলৈ কিয় সাহস নাই উপাচাৰ্য ডঃ ননী গোপাল মহন্তৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2025 3:15 pm
275
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানহানি গোচৰ দিম বুলি ডাংকোপ মৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননী গোপাল মহন্ত এতিয়া গাঁতত সোমাল! তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ তুলি তৃণমূল কংগ্ৰেছ, অসমৰ নেতা দুলু আহমেদৰ বিৰুদ্ধে মানাহানি গোচৰ দিয়াৰ ভাবুকি দিছিল উপাচাৰ্য ননী গোপাল মহন্তই। এই ডাংকোপ মৰা ভাবুকিয়ে আজি দহটা দিন পাৰ হৈ গ’ল, কিন্তু আজিও মানহানি গোচৰ দিবলৈ সাহস নহ’ল উপাচাৰ্য ডঃ ননী গোপাল মহন্তৰ।

মানহানি গোচৰ দিয়াটো দূৰৰে কথা দুলু আহমেদৰ বিৰুদ্ধে এখন আইনী জাননীও প্ৰেৰণ কৰিবলৈ সাহস নহ’ল উপাচাৰ্য ডঃ মহন্তৰ। উপাচাৰ্য মহন্তৰ কথিত মানহানি গোচৰ সন্দৰ্ভত এনে ভাষাৰেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছ, অসমৰ নেতা দুলু আহমেদে।

Apply Now

নিজৰ ফেচবুক হেণ্ডলত দুলু আহমেদে লিখিছে, “গুৱাহাটী বিশ্ববিদ্যালয়ৰ Officilal Page ব্যৱহাৰ কৰি মোৰ বিৰুদ্ধে মুকলিকৈ মানাহানি গোচৰ দিম বুলি ভুৱা ভাবুকি দিয়া এই নুপুংসক গৰাকী এতিয়া গাঁতত সোমাল। আজি দহ দিন হ’ল মোৰ বিৰুদ্ধে গোচৰ কৰা বাদেই দিলো, এখন আইনী জাননীও মোলৈ প্ৰেৰণ কৰিবলৈ সাহস নহ’ল এই গৰাকী স্বীকৃতিপ্ৰাপ্ত চৰকাৰী দালালৰ।”

উল্লেখ্য যে, অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে উপাচাৰ্য ডঃ ননী গোপাল মহন্তৰ কণিষ্ঠ ভাতৃ শ্যামকানু মহন্তৰ নাম জড়িত হৈ পৰিছে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তক জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰধান অভিযুক্তৰূপে চিনাক্ত কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া কৰি অসমৰ সকলো শ্ৰেণীৰ লোকেই শ্যামকানু মহন্তৰ শাস্তি দাবী কৰিছে।

তেনে সময়তে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদে শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননী গোপাল মহন্তৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে। আহমেদে নিজৰ ফেচবুক হেণ্ডলত উপাচাৰ্য ডঃ ননী গোপাল মহন্তৰ লুণ্ঠনৰ এখন দীঘল তালিকা প্ৰকাশ কৰে।

দুলু আহমেদৰ মতে  “গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত উপাচাৰ্যৰ কাৰ্যালয়টো সুন্দৰ হৈ থকাৰ পিছতো হিতাধিকাৰী ডঃ ননী গোপাল মহন্তই নতুনকৈ কাৰ্যভাৰ লোৱাৰ পিছত পূৰ্বৰ সেই কাৰ্যালয়টোৰ সকলোবোৰ ভাঙি চিঙি আকৌ কোটি টকা খৰচ কৰা দেখুৱাই নতুনকৈ নিৰ্মাণ কৰি কোটি টকা লুণ্ঠন কৰে। পূৰ্বৰ উপাচাৰ্যই ব্যৱহাৰ কৰা কোঠাটোৰ সকলো ফাৰ্ণিচাৰ নতুন হৈ থকাৰ পিছতো হিতাধিকাৰী ডঃ ননী গোপাল মহন্তই Dizine Perfect নামৰ এখন ঘৰুৱা ফাৰ্মৰ হতুৱাই কোটি টকা খৰচ কৰি সকলো ফাৰ্ণিচাৰ আকৌ নতুনকৈ নিৰ্মান কৰি বহু কোটি টকা লুণ্ঠন কৰে।

ডঃ ননী গোপাল মহন্তক হিতাধিকাৰী আখ্যা দি আহমেদে আৰু কৈছিল, ডঃ ননী গোপাল মহন্তই Dizine Perfect নামৰ এই ফার্ম খনৰ জৰিয়তে বিশ্ববিদ্যালয়ৰ চৌহদত এক মন্দিৰ নিৰ্মাণ কৰিও কোটি কোটি টকা লুণ্ঠন কৰিছে। হিতাধিকাৰী ডঃ ননী গোপাল মহন্তই Dizine Perfect নামৰ এই ফাৰ্ম খনৰ জৰিয়তে প্ৰতিটো বিভাগৰে Laboratory আৰু Room সমুহ প্ৰথমে নিবিদা অবিহনে আটক ধুনীয়াকৈ নিৰ্মাণ কৰে আৰু তাৰ পিছত পকেট নিবিদা কৰি কোটি কোটি টকা লুণ্ঠন কৰে।

এই ফাৰ্মখনৰ স্বত্বাধিকাৰীৰ লগত ডঃ ননী গোপাল মহন্তৰ ৬০-৪০ অংশীদাৰীত্ব আছে। গুৱাহাটী বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ডঃ ননী গোপাল মহন্তই তেখেতৰ বিশ্ববিদ্যালয়ৰ চৰকাৰী আৱাস গৃহত চৰকাৰী টকাৰে কোটি টকা খৰচ কৰি গাই গৰুৰ গোহালী নিৰ্মাণ কৰি বিশ্ব বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ জৰিয়তে গাখীৰৰো ব্যৱসায় চলাই আছে।

ডঃ ননী গোপাল মহন্তই চৰকাৰী খৰছত দুগৰাকী OSD আৰু দুগৰাকী PSO ৰখাৰ কাৰণ কি বুলিও প্ৰশ্ন কৰিছিল দুলু আহমেদে। দুলু আহমেদে ফেচবুকত কৰা অভিযোগনামাত আছিল ডঃ ননী গোপাল মহন্তৰ বহু লুণ্ঠনৰ দীঘলীয়া তালিকা।

উপাচাৰ্য ডঃ ননী গোপাল মহন্তৰ লুণ্ঠনৰ তালিকাখন ফেচবুকত প্ৰকাশ কৰাৰ পাছতে তেওঁ দুলু আহমেদৰ বিৰুদ্ধে মানহানি গোচৰ তৰাৰ ভাবুকি দিছিল। উপাচাৰ্য ডঃ মহন্তই এই ভাবুকি দিয়া আজি ১০ টা দিন পাৰ হৈ যোৱাৰ পাছতো আহমেদৰ বিৰুদ্ধে মানহানি গোচৰ তৰা নাই। নিজৰ গাত চেকা থকাৰ বাবেই উপাচাৰ্য মহন্তই ১০ দিন পাৰ হৈ যোৱাৰ পাছতো দুলু আহমেদৰ বিৰুদ্ধে কোনো গোচৰ তৰিবলৈ সাহস কৰা নাই বুলি এতিয়া চৰ্চা চলিছে।

ইপিনে, দুলু আহমেদে ডঃ ননী গোপাল মহন্তক কটাক্ষ কৰি চৰকাৰী স্বীকৃতিপ্ৰাপ্ত দালাল বুলি আখ্যা দিছে। আনহাতে, দুলু আহমেদ আৰু উপাচাৰ্য ডঃ ননী গোপাল মহন্তৰ অধ্যায়টো নিৰীক্ষণ কৰি থকাসকলৰ মনত প্ৰশ্নৰ উদয় হৈছে যে সঁচাকৈয়ে উপাচাৰ্য মহন্তই এনেবোৰ কেলেংকাৰীত ডুব গৈছে নিশ্চয়, নহ’লেনো তেওঁ মানহানি গোচৰটোও তৰিবলৈ সাহস নকৰেনে? নে দৰাচলতে এনেবোৰ অভিযোগে উপাচাৰ্য মহন্তৰ মানহানি নকৰেই?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd