• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

গৌৰৱ গগৈ বিজেপিৰ প্ৰতি এক ডাঙৰ প্ৰত্যাহ্বান!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
June 15, 2024 7:51 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আচৰণ,ব্যৱহাৰ আৰু জ্ঞান গৰিমাৰে গৌৰৱ গগৈ কি এক আকৰ্ষণীয় ৰাজনৈতিক ব্যক্তিত্ব! গৌৰৱ গগৈ ২০১৪ আৰু ২০১৯ চনত দুবাৰকৈ কলিয়াবৰ সমষ্টিৰ পৰা লোক সভালৈ নিৰ্বাচিত হৈছিল।তেতিয়া তেওঁৰ পিতৃ তৰুণ গগৈ জীয়াই আছিল।তৰুণ গগৈৰ সমৰ্থনে তেওঁক যথেষ্ট সহায় কৰিছিল। কিন্তু ২০২৪ৰ সাধাৰণ নিৰ্বাচন গৌৰৱ গগৈয়ে সম্পূৰ্ণৰূপে নিজৰ শক্তি আৰু সামৰ্থ্যৰ ওপৰত খেলিছিল।তেওঁক সহায় কৰিবলৈ তেতিয়া তৰুণ গগৈ তেওঁৰ লগত নাছিল। ইতিমধ্যে সংসদত তেওঁৰ বলিষ্ঠ ভূমিকাৰ বাবে সমগ্ৰ ভাৰততে গৌৰৱ গগৈ জনপ্ৰিয় হৈ পৰিছিল। তেওঁ সকলোৰে মনোযোগ আকৰ্ষণ কৰিছিল, বিশেষকৈ ২০১৯ৰ পিছত। হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে শ্ৰী গগৈয়ে সলসলীয়াকৈ বক্তৃতা দিব পাৰে। বিষয়বস্তু আৰু প্ৰকাশভংগীত তেওঁৰ সমানেই দখল।সংসদত তেওঁৰ ভূমিকাৰ বিষয়ে কাৰো কোনো সন্দেহ নাছিল।

কিন্তু ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত গৌৰৱ গগৈয়ে নগাঁও নে যোৰহাট সমষ্টিৰ পৰা নিৰ্বাচন খেলিব তাক লৈ আৰম্ভণিতে যথেষ্ট অনিশ্চয়তাৰ সৃ্ষ্টি হৈছিল। আমি শুনিবলৈ পাইছিলোঁ যে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ গোপন পৰিকল্পনা মতে কংগ্ৰেছৰ ভিতৰৰ এচামেই হেনো গৌৰৱ গগৈ যোৰহাটৰ সলনি নগাঁওৰ পৰা নিৰ্বাচনত উঠাটো বিচাৰিছিল। গৌৰৱ গগৈয়ে ক’ৰ পৰা নিৰ্বাচন খেলিব সেইটো নিৰ্ভৰ কৰিছিল তিনিটা কথাৰ ওপৰত।প্ৰথম, সংসদত গৌৰৱ গগৈয়ে লোৱা বলিষ্ঠ ভূমিকাৰ বাবে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই যি কোনো বিনিময়তে গৌৰৱ গগৈ এম পি হিচাপে নিৰ্বাচিত হোৱাটো বিচাৰিছিল। ক’ৰ পৰা গৌৰৱ গগৈ নিৰ্বাচনত থিয় হ’ব সেইটো তেওঁলোকৰ কাৰণে ধৰ্তব্য নাছিল। গৌৰৱ গগৈ নিৰ্বাচনত জিকি লোক সভাৰ সদস্য হোৱাটোহে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ আছিল।আনহাতে, দ্বিতীয়তে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই বিচাৰিছিল গৌৰৱ গগৈয়ে যোৰহাট নহয় নগাঁওৰ পৰা নিৰ্বাচন খেলক। কিয়নো তেতিয়া সমগ্ৰ কংগ্ৰেছ দলটোক মিঞাৰ দল বুলি হেয় কৰিবলৈ তেওঁলোকৰ কাৰণে সহজ হ’ব। সি অসমৰ সাধাৰণ মানুহৰ মাজত কংগ্ৰেছৰ ভাৱমূৰ্তি ম্লান কৰিব।

তৃতীয়তে, নিৰ্বাচনৰ আগতে গৌৰৱ নিজেও অলপ দোধোৰমোধোৰত আছিল কিয়নো তেওঁৰ দৰে সৰ্বভাৰতীয় খ্যাতি থকা ৰাজনীতিক এজনৰ কাৰণে নিৰ্বাচন খেলা নহয় নিৰ্বাচনত জয়ী হোৱাটোহে গুৰুত্বপূৰ্ণ আছিল। কিন্তু, সমষ্টি পুনৰনিৰ্দ্ধাৰণৰ পিছত সমষ্টিবোৰৰ জনগাঁথনি সলনি হোৱা কাৰণে জয় পৰাজয়ৰ অনিশ্চয়তাই তেওঁৰ মাজতো কিছু সন্দেহৰ সৃষ্টি কৰিছিল। আনহাতে বিজেপি বিৰোধী ৰাজনৈতিক শক্তি, নাগৰিক সমাজ আৰু সাধাৰণ ৰাইজেও গৌৰৱ গগৈক যোৰহাটৰ পৰা নিৰ্বাচন খেলাটোহে বিচাৰিছিল।জিকিলেতো কথাই নাই, হাৰিলেও গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে সেইটো গুৰুত্বপূৰ্ণ বুলি তেওঁলোকে ভাবিছিল। সেই কথাটো কিমান সঁচা আছিল, এতিয়া গৌৰৱ গগৈ জিকাৰ পিছত কোনে কি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাতে ওলাই পৰিছে।

Apply Now

গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা নিৰ্বাচন খেলা কাৰণেই বিজেপিৰ ৰাজনৈতিক সমীকৰণটো ওলটপালট হৈ গ’ল।ই দুটা কথা পৰিষ্কাৰ কৰি দিলে। উজনিত সাংগাঠনিকভাৱে দুৰ্বল হ’লেও বিজেপি বিৰোধী শক্তি হিচাপে কংগ্ৰেছৰ প্ৰতি ৰাইজৰ মাজত এতিয়াও বিপুল জনসমৰ্থন আছে।গৌৰৱৰ নিৰ্বাচনী প্ৰচাৰত যোৰহাটৰ সাধাৰণ মানুহ, নাগৰিক সমাজৰ বিশেষ ভূমিকা আছিল। আটাইতকৈ ডাঙৰ কথা হৈছে যোৰহাটত গৌৰৱ গগৈৰ জয়ে তেওঁক ৰাজনৈতিকভাৱে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিলে। ই গৌৰৱ গগৈৰ মাজত এক গভীৰ আত্ম-প্ৰত্যয় আৰু আত্ম-বিশ্বাস আনি দিলে। এইটো কেৱল গৌৰৱ গগৈৰ বাবেই নহয়, সামগ্ৰিকভাৱে অসমৰ ভৱিষ্যৎ ৰাজনীতিৰ বাবেও অতি তাৎপৰ্যপূৰ্ণ। যোৰহাট লোক সভা সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দিতা কৰিব বুলি খবৰ ওলোৱাৰ পিছতে সমষ্টিটোৰ ৰাইজৰ মাজত কি পাৰভঙা উচাহ দেখা গৈছিল।

গৌৰৱক ৰাইজে কেনেদৰে আদৰি লৈছিল।নিৰ্বাচনত জয়ী হোৱাৰ পিছত গৌৰৱ গগৈয়ে কোৱা কথাবোৰ আপোনালোকে শুনিছেনে? যি যুক্তি আৰু আস্থাৰে সংসদত গৌৰৱে নিজৰ বক্তব্য দাঙি ধৰিছিল, এতিয়া, সংসদৰ বাহিৰতো, তেওঁ ঠিক তেনে ধৰণেই কথা ক’বলৈ আৰম্ভ কৰা নাইনে? তেওঁ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰত্যাহ্বান জনাই কি কৈছে আপোনালোকে দেখিছেনে? তেওঁ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰি কৈছে- কেন্দ্ৰত এন ডি এ চৰকাৰ নাথাকিলেও অসমত হিমন্তবিশ্ব মুখ্যমন্ত্ৰী হৈ থাকিবনে? এই ব্ৰহ্মাস্ত্ৰৰ জবাব হিমন্তবিশ্ব শৰ্মাৰ হাতত আছেনে? যোৱা নিৰ্বাচনত বিজেপিৰ তুলনাত কংগ্ৰেছৰ ধনবল আৰু জনবল তেনেই নগণ্য আছিল। কিন্তু তৎসত্ত্বেও সামান্যভাৱে হ’লেও বিজেপিতকৈ কংগ্ৰেছৰ ভোটৰ পৰিমাণ বাঢ়িছে। তাৰ কাৰণ বিজেপিৰ জন বিৰোধী নীতি। আমি এটা কথা উপলব্ধি কৰা উচিত।

কাৰচাজি আৰু ধনবলে সকলো সময়তে কাম নিদিয়ে।মানুহে ভাল বেয়া বুজি পায়।সাংগাঠনিকভাৱে এতিয়াও কংগ্ৰেছ দুৰ্বল, বহুধাবিভক্ত। কিন্তু এই নিৰ্বাচনত কংগ্ৰেছৰ হৈ সাধাৰণ মানুহ লাগিছিল।আৰু এতিয়া গৌৰৱ গগৈৰ নেতৃত্বত মানুহে যেন কিবা এক আশা ভৰসাৰ উমান পাইছে।গৌৰৱে নিজ নিজৰ ওপৰত দেখুওৱা আস্থা আৰু ভৰসাই অসমৰ জনসাধাৰণকো যেন তেওঁৰ ওপৰত ভৰসা কৰিবলৈ সাহস দিছে।সেইকাৰণেই গৌৰৱক লৈ এতিয়া চাৰিওফালে ইমান বিতৰ্ক আৰু আলোচনা-বিলোচনা।গৌৰৱ গগৈ এফালে যেনেকৈ কংগ্ৰেছ নহয় সমগ্ৰ বিজেপি বিৰোধী শিবিৰটোৰ বাবেই এক আস্থা আৰু ভৰসা, আনফালে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বাবে এক ডাঙৰ প্ৰত্যাহ্ববান।এতিয়াও কংগ্ৰেছৰ নিজৰ মাজত হাজাৰটা দুৰ্বলতা।

অসমৰ ৰাজনীতিৰ বাবে কেইটামান কথা বৰ গুৰুত্বপূৰ্ণ।কংগ্ৰেছ নিজে সাংগঠনিকভাৱে সংহত হ’ব লাগিব। তেওঁলোকে সকলো বিজেপি বিৰোধী শক্তিক নিজৰ লগত ৰাখিব পাৰিব লাগিব।আৰু নাগৰিক সমাজৰ লগতো সুসমন্বয় বৰ্তাই ৰাখিব পাৰিব লাগিব।এই ক্ষেত্ৰত গৌৰৱ গগৈৰ দৰে ৰাজনীতিকৰ ভূমিকা হ’ব অতি গুৰুত্বপূৰ্ণ।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd