বৰ্তমান বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ কিমান নম্বৰত গৌতম আদানি; কি খৱৰ বিনোদ আদানিৰ?

ভাৰতৰ অন্যতম ধনী ব্যক্তি গৌতম আদানি এতিয়া বিশ্বৰ ২৫ তম ধনী ব্যক্তি। ফৰ্বছ আলোচনীৰ তথ্য অনুসৰি, বৃহস্পতিবাৰৰ দিনটোৰ শেষত তেওঁৰ সম্পত্তিৰ মূল্য ১৩৩ নিযুত বা ১৩কোটি ৩০ লাখ ডলাৰ বৃদ্ধি পাইছে। ফলস্বৰূপে, তেওঁৰ সম্পত্তিৰ মূল্য এতিয়া ৪৬.৭ বিলিয়ন বা ৪ হাজাৰ ৬৭০ কোটি ডলাৰ।

হিণ্ডেনবাৰ্গ গৱেষণা প্ৰতিবেদন প্ৰকাশ হোৱাৰ পিছত গৌতম আদানিৰ সুসজ্জিত সাম্ৰাজ্যখন ধ্বংস হৈ গৈছে। ২৪ জানুৱাৰীত প্ৰতিবেদনত অভিযোগ কৰা হৈছিল যে গৌতম আদানীয়ে বিভিন্ন প্ৰকাৰৰ প্ৰৱঞ্চনাৰ জৰিয়তে তেওঁৰ মালিকানাধীন কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে।

ইকনমিক টাইমছৰ প্ৰতিবেদন অনুসৰি হিণ্ডেনবাৰ্গ প্ৰতিবেদন প্ৰকাশ হোৱাৰ ফলত গৌতম আদানি গ্ৰুপৰ বজাৰ মূলধন ১৫৩ বিলিয়ন বা ১৫,৩০০ কোটি ডলাৰ হ্ৰাস পাইছে।

লগতে পঢ়ক: নিৰ্বাচনৰ আগতে উৎকোচ! কৰ্ণাটকত বিজেপি বিধায়কে উপহাৰ দিয়া শাৰী জ্বলাই প্ৰতিবাদ

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন অনুসৰি গৌতম আদানিৰ ভাতৃ বিনোদ আদানিয়ে মৰিচাছত এটা ভুৱা কোম্পানী খুলি আদানি গ্ৰুপত বিনিয়োগ কৰিছে। অভিযোগ কৰা হৈছে যে যি আত্মগোপন কৰি থাকি ভাল পোৱা বিনোদ আদানিয়ে বিদেশত আদানি গ্ৰুপৰ সকলো লেনদেন চম্ভালিছিল। তেওঁৰ কোম্পানীৰ সহায়ত শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক ছেবিৰ নিয়ম উপেক্ষা কৰি ভুৱা লেনদেনৰ জৰিয়তে ভাৰতত আদানি গ্ৰুপৰ বিভিন্ন কোম্পানীত এই ধন প্ৰৱেশ কৰিছে।

কেৱল সেয়াই নহয়, হিণ্ডেনবাৰ্গে অভিযোগ কৰিছিল যে বিনোদে আদানি গ্ৰুপৰ বিভিন্ন শ্বেয়াৰত বিনিয়োগ কৰাৰ পৰিৱৰ্তে বিভিন্ন ৰাছিয়াৰ বেংকৰ পৰা ২৪০ নিযুত ডলাৰৰ অধিক ঋণ লৈছিল যিটো ভাৰতীয় কৰ্তৃপক্ষক জনোৱা হোৱা নাছিল। অৱশ্যে আদানি গ্ৰুপে ইতিমধ্যে এই অভিযোগ অস্বীকাৰ কৰিছে।

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত গৌতম আদানিৰ নাম ৫০ বাৰতকৈও অধিক বাৰ প্ৰকাশ পাইছে। কিন্তু বিনোদ আদানিৰ নাম ওলাইছে ১৫১ বাৰ।

গ্লোবেল টেক্স জাষ্টিছ নেটৱৰ্কৰ মতে, বিশ্বৰ টেক্স হেভেন বা যিবোৰ স্থানত সামান্য কৰ দিয়েই ব্যৱসায় কৰিব পৰা যায়, এনে অঞ্চলবোৰৰ মাজেৰে যি পৰিমানৰ অৰ্থ সৰবৰাহ হয় তাৰ ২.৩ শতাংশ মৰিচাছৰ মাজেৰে যায়। সৰ্বাধিক সৰবৰাহ হয় ব্ৰিটিছ ভাৰ্জিনিয়া দ্বীপপুঞ্জৰ মাজেৰে – ৬.৪ শতাংশ।

লগতে পঢ়ক: জাৰ্মানীৰ গীৰ্জাত বন্দুকধাৰীৰ আক্ৰমণত নিহত কমেও ৭ জন; আন কেইবাজনো আহত

কিন্তু মৰিছাছৰ বিত্ত মন্ত্ৰী মহেন কুমাৰ চেৰাতানে কয় যে মৰিচাছক টেক্স হেভেন বুলি কোৱাটো অন্যায়। শেহতীয়াকৈ ভাৰত ভ্ৰমণৰ সময়ত এক ব্যক্তিগত টেলিভিশ্বনক দিয়া সাক্ষাৎকাৰত তেওঁ কৈছিল যে মৰিচাছে কৰ ফাঁকিক উৎসাহিত কৰা একো কাম নকৰে। সেই দেশত বিত্তীয় খণ্ডত এটা নিয়ামক সংস্থাও আছে। ভাৰতৰ মূলধন বজাৰ নিয়ন্ত্ৰক ছেবিৰ সৈতে তেওঁলোকৰ এক চুক্তি আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দুয়োটা সংগঠনে তথ্য বিনিময় কৰে।