• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰ্তমান বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ কিমান নম্বৰত গৌতম আদানি; কি খৱৰ বিনোদ আদানিৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2023 4:10 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ অন্যতম ধনী ব্যক্তি গৌতম আদানি এতিয়া বিশ্বৰ ২৫ তম ধনী ব্যক্তি। ফৰ্বছ আলোচনীৰ তথ্য অনুসৰি, বৃহস্পতিবাৰৰ দিনটোৰ শেষত তেওঁৰ সম্পত্তিৰ মূল্য ১৩৩ নিযুত বা ১৩কোটি ৩০ লাখ ডলাৰ বৃদ্ধি পাইছে। ফলস্বৰূপে, তেওঁৰ সম্পত্তিৰ মূল্য এতিয়া ৪৬.৭ বিলিয়ন বা ৪ হাজাৰ ৬৭০ কোটি ডলাৰ।

হিণ্ডেনবাৰ্গ গৱেষণা প্ৰতিবেদন প্ৰকাশ হোৱাৰ পিছত গৌতম আদানিৰ সুসজ্জিত সাম্ৰাজ্যখন ধ্বংস হৈ গৈছে। ২৪ জানুৱাৰীত প্ৰতিবেদনত অভিযোগ কৰা হৈছিল যে গৌতম আদানীয়ে বিভিন্ন প্ৰকাৰৰ প্ৰৱঞ্চনাৰ জৰিয়তে তেওঁৰ মালিকানাধীন কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে।

ইকনমিক টাইমছৰ প্ৰতিবেদন অনুসৰি হিণ্ডেনবাৰ্গ প্ৰতিবেদন প্ৰকাশ হোৱাৰ ফলত গৌতম আদানি গ্ৰুপৰ বজাৰ মূলধন ১৫৩ বিলিয়ন বা ১৫,৩০০ কোটি ডলাৰ হ্ৰাস পাইছে।

Apply Now

লগতে পঢ়ক: নিৰ্বাচনৰ আগতে উৎকোচ! কৰ্ণাটকত বিজেপি বিধায়কে উপহাৰ দিয়া শাৰী জ্বলাই প্ৰতিবাদ

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন অনুসৰি গৌতম আদানিৰ ভাতৃ বিনোদ আদানিয়ে মৰিচাছত এটা ভুৱা কোম্পানী খুলি আদানি গ্ৰুপত বিনিয়োগ কৰিছে। অভিযোগ কৰা হৈছে যে যি আত্মগোপন কৰি থাকি ভাল পোৱা বিনোদ আদানিয়ে বিদেশত আদানি গ্ৰুপৰ সকলো লেনদেন চম্ভালিছিল। তেওঁৰ কোম্পানীৰ সহায়ত শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক ছেবিৰ নিয়ম উপেক্ষা কৰি ভুৱা লেনদেনৰ জৰিয়তে ভাৰতত আদানি গ্ৰুপৰ বিভিন্ন কোম্পানীত এই ধন প্ৰৱেশ কৰিছে।

কেৱল সেয়াই নহয়, হিণ্ডেনবাৰ্গে অভিযোগ কৰিছিল যে বিনোদে আদানি গ্ৰুপৰ বিভিন্ন শ্বেয়াৰত বিনিয়োগ কৰাৰ পৰিৱৰ্তে বিভিন্ন ৰাছিয়াৰ বেংকৰ পৰা ২৪০ নিযুত ডলাৰৰ অধিক ঋণ লৈছিল যিটো ভাৰতীয় কৰ্তৃপক্ষক জনোৱা হোৱা নাছিল। অৱশ্যে আদানি গ্ৰুপে ইতিমধ্যে এই অভিযোগ অস্বীকাৰ কৰিছে।

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত গৌতম আদানিৰ নাম ৫০ বাৰতকৈও অধিক বাৰ প্ৰকাশ পাইছে। কিন্তু বিনোদ আদানিৰ নাম ওলাইছে ১৫১ বাৰ।

গ্লোবেল টেক্স জাষ্টিছ নেটৱৰ্কৰ মতে, বিশ্বৰ টেক্স হেভেন বা যিবোৰ স্থানত সামান্য কৰ দিয়েই ব্যৱসায় কৰিব পৰা যায়, এনে অঞ্চলবোৰৰ মাজেৰে যি পৰিমানৰ অৰ্থ সৰবৰাহ হয় তাৰ ২.৩ শতাংশ মৰিচাছৰ মাজেৰে যায়। সৰ্বাধিক সৰবৰাহ হয় ব্ৰিটিছ ভাৰ্জিনিয়া দ্বীপপুঞ্জৰ মাজেৰে – ৬.৪ শতাংশ।

লগতে পঢ়ক: জাৰ্মানীৰ গীৰ্জাত বন্দুকধাৰীৰ আক্ৰমণত নিহত কমেও ৭ জন; আন কেইবাজনো আহত

কিন্তু মৰিছাছৰ বিত্ত মন্ত্ৰী মহেন কুমাৰ চেৰাতানে কয় যে মৰিচাছক টেক্স হেভেন বুলি কোৱাটো অন্যায়। শেহতীয়াকৈ ভাৰত ভ্ৰমণৰ সময়ত এক ব্যক্তিগত টেলিভিশ্বনক দিয়া সাক্ষাৎকাৰত তেওঁ কৈছিল যে মৰিচাছে কৰ ফাঁকিক উৎসাহিত কৰা একো কাম নকৰে। সেই দেশত বিত্তীয় খণ্ডত এটা নিয়ামক সংস্থাও আছে। ভাৰতৰ মূলধন বজাৰ নিয়ন্ত্ৰক ছেবিৰ সৈতে তেওঁলোকৰ এক চুক্তি আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দুয়োটা সংগঠনে তথ্য বিনিময় কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

October 3, 2026 6:09 pm
অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

October 3, 2026 6:08 pm
গুৱাহাটীত দুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ, শব্দৰ পৰা নিৰাপত্তালৈ জাৰি একাধিক নিয়ম

গুৱাহাটীত দুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ, শব্দৰ পৰা নিৰাপত্তালৈ জাৰি একাধিক নিয়ম

October 3, 2026 4:45 pm
১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

October 3, 2026 4:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

October 3, 2026 6:09 pm
অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

October 3, 2026 6:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd