• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰত্যাহ্বানৰ সন্মুখীন গাজা শান্তি চুক্তি: পুনৰ বিফল হ’ব নেকি যুদ্ধবিৰতি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 18, 2025 7:39 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মধ্যস্থতাত স্বাক্ষৰীত ২০ দফীয়া গাজা শান্তি চুক্তি। চুক্তিৰ এটা মূল চৰ্ত অনুসৰি হামাছে নিজৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰিব লাগিব, কিন্তু হামাছৰ ৰাজনৈতিক ব্যুৰোৰ সদস্য মহম্মদ নাজালে স্পষ্ট কৰি দিছে যে গোটটোৱে এই বিষয়ত কোনো নিশ্চয়তা দিব নোৱাৰে। এই অসামঞ্জস্যতাই গাজা-ইজৰাইল যুদ্ধবিৰতি পুনৰ বিফল হ’ব নেকি সেইলৈ প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখ্য যে গাজা আৰু ইজৰাইলৰ দীর্ঘস্থায়ী সংঘাতৰ অন্ত আনিবলৈ ৰাষ্ট্ৰপতি ট্ৰাম্পে এই ২০ দফীয়া শান্তি চুক্তি প্ৰস্তাৱ কৰিছিল। চুক্তিৰ ফলত যুদ্ধবিৰতি আৰম্ভ হৈছে আৰু প্ৰথম পৰ্যায়ত কয়দীৰ আদান-প্ৰদানৰ কাম চলি আছে। কিন্তু চুক্তি সম্পূৰ্ণ কৰিবলৈ হামাছে কিছুমান চৰ্ত মানিবলৈ অনিচ্ছুক, ইয়াৰ ভিতৰত অস্ত্ৰ সম্বৰণৰ বিষয়টোও উত্থাপিত হৈছে। হামাছৰ জ্যেষ্ঠ বিষয়াই ৰয়টাৰ্ছক জনোৱা মতে, গোটটোৱে গাজাত সাময়িক নিৰাপত্তা নিয়ন্ত্ৰণ বজাই ৰখাৰ মনস্থ কৰিছে, কিন্তু অস্ত্ৰ প্ৰত্যাহাৰৰ নিশ্চয়তা দিব পাৰে নে নাই সেই লৈ একো তথ্য  প্ৰকাশ কৰা নাই।

Apply Now

মহম্মদ নাজালে কয় যে হামাছে বিধ্বস্ত গাজা পুনৰ নিৰ্মাণৰ বাবে পাঁচ বছৰৰ যুদ্ধবিৰতিৰ বাবে সাজু হৈছে। ইয়াৰ পিছত কি হ’ব সেই বিষয়ে পেলেষ্টাইনীসকলক নিৰ্ভৰযোগ্য আশ্বাস দিব লাগিব। ৰাষ্ট্ৰপতিৰ প্ৰতিশ্ৰুতি আৰু ভৱিষ্যতৰ দিশনিৰ্দেশনাৰ ওপৰত নিৰ্ভৰ কৰি থকা পেলেষ্টাইনীসকলৰ বাবে চুক্তিৰ মূল চৰ্তসমূহৰ নিশ্চয়তা অপৰিহাৰ্য। কিন্তু নাজালে স্পষ্ট কৰি কয় যে অস্ত্ৰ-শস্ত্ৰ সম্বৰণৰ চৰ্তত হামাছে সন্মতি দিব নোৱাৰে। তেওঁ পুনৰ কয়, “এই অস্ত্ৰ সম্বৰণৰ অৰ্থ কি? অস্ত্ৰসমূহ কাৰ হাতত গতাই দিয়া হ’ব?” তেওঁ লগতে উল্লেখ কৰে যে এই বিষয়ে কেৱল হামাছ নহয়, অন্যান্য সশস্ত্ৰ পেলেষ্টাইনী গোটসমূহ আৰু সামগ্ৰিক পেলেষ্টাইনী সমাজৰ সিদ্ধান্ত গুৰুত্বপূৰ্ণ।

ইফালে নাজালৰ মন্তব্যৰ প্ৰত্যুত্তৰত ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কঠোৰ ভাষাত প্ৰতিক্ৰিয়া জানাই কয় যে, “ইজৰাইল যুদ্ধবিৰতি চুক্তিৰ প্ৰতি দায়বদ্ধ আৰু সকলো চৰ্ত মানি চলিব। হামাছে প্ৰথম পৰ্যায়ত সকলো পণবন্দী মুকলি কৰাৰ কথা আছিল, কিন্তু তেওঁলোকে তেনেকৈ কৰা নাই। আমাৰ পণবন্দীসকলৰ মৃতদেহৰ অৱস্থান হামাছে জানে। চুক্তিৰ অধীনত অস্ত্ৰ সম্বৰণৰ কোনো অজুহাত নাই। হামাছে চুক্তি মানি চলিব লাগিব, তেওঁলোকৰ সময় শেষ হৈ গৈছে।”

ট্ৰাম্পৰ চুক্তিয়ে হামাছক অস্ত্ৰ সম্বৰণ কৰি গাজাৰ নিয়ন্ত্ৰণ গতাই দিবলৈ হেঁচাছ প্ৰয়গ কৰি আহিছে। নহ’লে সংঘাত পুনৰ জ্বলন্ত হ’ব পাৰে বুলি সকীয়াই দিয়ে। মঙলবাৰে ট্ৰাম্পে কয় যে তেওঁ হামাছক স্পষ্ট কৰি দিছে যে অস্ত্ৰ আত্মসমৰ্পণ নকৰিলে কঠোৰ চাপৰ সন্মুখীন হ’ব লাগিব।

নাজালে পণবন্দী মৃতদেহৰ সন্দৰ্ভতস্পষ্টভাৱে কয় যে ২০২৩ চনৰ ৭ অক্টোবৰৰ আক্ৰমণত নিহত ২৮টা পণবন্দীৰ মাজত কমেও ৯টা মৃতদেহ হামাছে ইজৰাইলক গতাই দিছে। বাকী মৃতদেহ উদ্ধাৰত কাৰিকৰী অসুবিধাৰ সন্মুখীন হৈছে গোটটো।

এই অস্ত্ৰ সম্বৰণৰ বিতৰ্কই গাজাৰ যুদ্ধবিৰতিক বৃহৎ প্ৰভাৱ পেলাব পাৰে। হামাছৰ অসামঞ্জস্যতাই ইজৰাইলক কঠোৰ অৱস্থান গ্ৰহণ কৰিবলৈ প্ৰেৰণা দিছে, যাৰ ফলত চুক্তিৰ প্ৰথম পৰ্যায়তে বিপন্ন হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতাকাৰীসকলে এতিয়া এই সংকট সমাধানৰ বাবে তৎপৰতা দেখুৱাইছে যদিও হামাছৰ চূড়ান্ত সিদ্ধান্তৰ অপেক্ষাত সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে। যদি অস্ত্ৰ সম্বৰণৰ চৰ্ত মানি নলয়, তেন্তে গাজাত পুনৰ যুদ্ধৰ সূত্ৰপাত হোৱাৰ আশংকাই গা কৰি উঠিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd