DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অখিলৰ অসুস্থতাৰ খবৰ নাপাই উদ্বিগ্ন পত্নী গীতাশ্ৰী তামুলী; জনালে মনৰ কথা

অখিল অসুস্থ, শৰীৰত কোভিডৰ লক্ষণ,মই কি কম বুজি পোৱা নাই-গীতাশ্ৰী তামুলী

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 6, 2020 12:02 pm
images (14)
20.4k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত অসুস্থ কৃষক নেতা অখিল গগৈ। জ্বৰ-কাহত আক্রান্ত কাৰাৰুদ্ধ কৃষক নেতা গৰাকী।

কিন্তু স্বামী অখিলৰ অসুস্থতার কথা নাজানে পত্নী গীতাশ্ৰী তামুলীয়ে।

সংবাদ মাধ্যমত স্বামী অখিল গগৈৰ অসুস্থতা বুলি জানিব পাৰি ফেচবুক যোগে  পত্নী গীতাশ্ৰীয়ে অখিলৰ অসুস্থতা সন্দৰ্ভত প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷

তামুলীয়ে কয়, “কেইবামাহো হ’ল। ঘৰত টিভি নাই। বহু কথা নজনাকৈ ৰৈ যায়। ফেচবুকত দেখিছোঁ, অখিলৰ শৰীৰ অসুস্থ, কোভিডৰ লক্ষণ। কি ক’ম বুজি পোৱা নাই। বহুতে মোক ফোন কৰি বা আন ধৰণেও সোধে, ‘দাদা ভালে আছেনে?’ কিন্তু মই নো কি জানো? কাৰ্যত: গুৱাহাটীৰ পৰা লৈ যোৱাৰ পাছত লগ ধৰিব পৰা নাই।‘’

তেওঁ লগতে কয়, ‘’আগেয়ে এনএছএত গ্ৰেপ্তাৰ কৰি ঘূৰাই ফুৰোতে মাজৰাতি থানা এখনৰ পৰা ফোন কৰি জনাইছিল।এইবাৰ কোনো বতৰা নাই, ফোন নাই। ডিব্ৰুগড়ত থাকোঁতে অসম আৰক্ষীৰ ডিজিপি মহোদয়ক ফোন কৰাত উপায়ুক্তক অনলাইন এপ্লিকেচন দিবলৈ ক’লে। দিলো। দুসপ্তাহ মানৰ পাচত উত্তৰ আহিল, ‘Rejected’. আৰু তাৰ কাৰণো ‘Rejected’।‘’

“গুৱাহাটীলৈ আহিল। বাৰে বাৰে জেলৰ সমুখৰ পৰা ঘূৰি আহিলো। নিয়া কৰ্টৰ অনুমতি লৈ গ’লেও আমাক, মানে অধিবক্তা আৰু মোক কৰ’নাৰ দোহাই দি লগ ধৰাৰ অনুমতি নিদিলে। ২৯ জুনত ক’ৰ্টত হাজিৰ কৰাব বুলি বাট চালো। তাৰ আগতে গুৱাহাটীত লকডাউন,”-তামুলীয়ে এনেদৰে কয়।

তামুলীয়ে লগতে কয়, “এতিয়া বাতৰি-কাকত বা চেনেল কেইটাৰ বাহিৰে জনাৰ একো উপায় নাই। আইনী পৰামৰ্শ, সেই বিষয়ৰ আলোচনা,বেমাৰ- এইবোৰ এতিয়া অভিযুক্ত-তেওঁলোকৰ পৰিয়ালবোৰৰ অধিকাৰৰ ক্ষেত্ৰত নপৰিবও পাৰে। এতিয়া যে কোভিডে অনা জৰুৰী অৱস্থা চলি আছে। তথাপি মোৰ হাতত থকা একমাত্ৰ মাধ্যমটোৰে মোৰ এই উদ্বিগ্নতাখিনি উলিয়াই দিলো”।

উল্লেখ যোগ্য যে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত গ্ৰহণ কৰা ভূমিকাৰ বাবে যোৱা ডিচেম্বৰ পৰা কাৰাবন্দী হৈ আছে কৃষক নেতা গৰাকী।

Recent News

Man rape girlfriend daughter

ধিক্ মানৱতা! প্ৰেয়সীৰ তিনি বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা যুৱকৰ

Budget 2023

সন্মুখত নিৰ্বাচন! সংসদত ‘অমৃত কালৰ প্ৰথমখন বাজেট’ দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

Manmohan Singh

ব্ৰিটেইনত জীৱনজোৰা সাধনাৰ সন্মানেৰে সন্মানিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

Massive Fire in Dhanbad

ঝাৰখণ্ডত বহুমহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড: ১৪ গৰাকীৰ মৃত্যু, আহত ১২ গৰাকী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd