NORTHEAST NOW (Assamese)

২০ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভা

March 16, 2022 8:30 am · এন ই নাও নিউজ,গুৱাহাটী

ক’ভিডকালীন পৰিস্থিতিৰ মাজেৰে গুৱাহাটী প্ৰেছ ক্লাবৰ নতুন সমিতিখনে দুবছৰীয়া কাৰ্যকাল সমাপ্ত কৰিলে৷

প্ৰেছ ক্লাবলৈ চৰকাৰী মাটি আবণ্টন প্ৰক্ৰিয়া আৰু গৃহ নিৰ্মাণৰ আঁচনিকে ধৰি বহুকেইটা বিষয়ত আলোচনা কৰিবলৈ গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহকে এখন সাধাৰণ সভা আহ্বানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

সেইমৰ্মে ২০ মাৰ্চৰ দিনৰ ১১ বজাত প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত সাধাৰণ সভা অনুষ্ঠিত হ’ব।

উক্ত সভাত প্ৰেছ ক্লাবৰ সমূহ সাধাৰণ সদস্যৰ নিশ্চিত উপস্থিতি কামনা কৰিছে সভাপতি মনোজ কুমাৰ নাথ আৰু সম্পাদক সঞ্জয় ৰায়ে

Related News