• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

নতুন এটা সঙ্কটৰ গ্ৰাসত দেশ

ডঃ হীৰেন গোহাঁই by ডঃ হীৰেন গোহাঁই
March 16, 2022 11:11 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত শঙ্কা‌ কৰাটোৱেই হ’ল। গান্ধী পৰিয়ালে কংগ্ৰেছৰ নেতৃত্ব এৰি নিদিলে। ভিতৰৰ‌ কথা‌ জনা টান। কিন্তু শুনা গৈছে যে ছোনিয়া‌ গান্ধীয়ে সপৰিয়ালে কংগ্ৰেছৰ পদ ত্যাগ কৰিব বিচাৰিছিল যদিও এই ক্ষেত্ৰত দলটোৰ শীৰ্ষ নেতাসকলে কোনো ধৰণে ৰাজী নহ’ল।

আনকি Group of 23 বুলি অভিহিত চামৰো‌ প্ৰতিনিধিয়ে এই ফয়চলাৰ‌ বিৰোধিতা নকৰিলে।

Apply Now

হয়তো‌ অৰ্থবল‌ আৰু সংঠনৰ ভিতৰত সাধাৰণ কৰ্মীৰ সমৰ্থন গান্ধী পৰিয়ালৰ দৰে আন কাৰো ইমান নাই। এইবোৰ‌ জনা কথা।  কিন্তু নিজকে পুনৰ আৱিষ্কাৰ ( re-invent) আৰু পুনৰ সুদৃঢ় কৰাৰ বাবে গান্ধী পৰিয়াল সাময়িকভাবে আঁতৰি থকাই ভাল আছিল।

এতিয়া ৰাইজে আকৌ‌ ৰাহুল আৰু প্ৰিয়ঙ্কা গান্ধীকে‌ গ্ৰহণ কৰিব বুলি কেনেকৈ‌ ভবা যায়?  তথাপি ৰাজনীতিত ইচ্ছা-পূৰণৰ সপোন নেচেল। যি‌ আছে তাৰেই কাম চলাব লাগিব।

কংগ্ৰেছক আওকাণ কৰি বা এৰাই হিন্দুত্ব-বিৰোধী সংগ্ৰাম চলোৱা কঠিন হ’ব।
কিন্তু কংগ্ৰেছকে ধৰি আটায়ে এটা কথা স্পষ্টকৈ বুজা ভাল। বিজেপিৰ বাবে তেওঁলোকৰ দৰে নিৰ্বাচন‌ অন্তিম লক্ষ্য নহয়। তাৰ শেষ তথা মূল‌ লক্ষ্য সমগ্ৰ ৰাষ্ট্ৰৰ চৰিত্ৰ‌ সলনি কৰি হিন্দুত্বৰ অনন্ত আধিপত্য প্ৰতিষ্ঠা কৰা।

তেনে ৰাষ্ট্ৰত বিৰোধীৰ স্থান‌ বা প্ৰয়োজন‌ নাই। তেওঁ লোকৰ যুক্তি মতে ‘হিন্দু ৰাষ্ট্ৰ’ ভাৰতৰ‌ বাবে সৰ্বোত্তম ব্যৱস্থা।নমনা বিলাকক‌ সমূলঞ্চে বিনাশ‌ কৰিব। বেলেগ দলৰ অস্তিত্বকে নাকচ কৰা হ’ব।

সেয়ে দল বিলাকে বৰ্তমান‌ পৰিস্থিতিক এক সাময়িক সমস্যা বুলি ধৰি লৈ আন কথা বাদ দি কেৱল‌ নিজে নিজে নিৰ্বাচন জিকাৰ চেষ্টা কৰি‌ যোৱাটো আত্মঘাতী মহামূৰ্খামি হ’ব।২০২৪ হয়তো অস্তিত্ব ৰক্ষাৰ শেষ সুযোগ হ’ব।
সেয়ে অতি শীঘ্ৰে নিজৰ‌ নিজৰ গোড়ামী ,সংস্কাৰ,পছন্দ-অপছন্দ ত্যাগ কৰি গণতান্ত্ৰিক দলবোৰে এটা লক্ষ্যকে সাবটি একেলগে বহি উমৈহতীয়া কাৰ্যপন্থা যুগুত কৰা‌ ভাল।

ধন-জন-সমলৰো যৌথ ভঁৰাল‌ তৈয়াৰ কৰিব লাগিব। যৌথ লক্ষ্য পূৰণ হওঁতেও সময় লাগিব।কাৰণ ২০২৪ত হাৰিলেও হিন্দুত্ব শেষ হৈ নাযায়।
দেশ,ৰাষ্ট্ৰৰ ৰন্ধ্ৰে‌-ৰন্ধ্ৰে সিহঁতৰ মানুহ। বিৰোধীৰ চৰকাৰৰো পদে-পদে পতন হোৱাৰ ভয় থাকিব। এনে পৰিস্থিতিত আসনৰ সংখ্যা লৈ টনা-আজোৰাও কৰুণ হাস্যবিজড়িত নাটক হ’ব।

আটাইতকৈ ডাঙৰ কথা জনগণৰ সমৰ্থন আদায়‌ কৰা।জনগণ‌ মূৰ্খ নহয়। তেওঁলোকে আগন্তুক‌ বিপদৰ কথা‌
ঠিকেই‌ বুজিছে। বেকাৰী,মহঙা বজাৰ,উপাৰ্জন হানি,কেন্দ্ৰ চৰকাৰৰ হৃদয়হীনতা হাড়ে-হাড়ে গম পাইছে। কিন্তু বিৰোধীৰ চেহেৰা-চৰিত্ৰ দেখি তেওঁলোকৰ ওপৰত ভৰসা কৰিব পৰা নাই।

সেই বিশ্বাস ঘূৰাই আনিবলৈ এনে ঐকান্তিক উদ্যোগ দেখা যাবনে?তাৰ ওপৰতে দেশৰ প্ৰগতি,শান্তি,সভ্যতা আৰু জনগণৰ স্বাধিকাৰ নিৰ্ভৰ‌ কৰিব। মাধ্যম,টকা,জনগণৰ উৎসাহ,….সকলোতে বিৰোধীৰ ঘাটি বা দুৰ্বলতা। কিন্তু সাহস,দূৰদৃষ্টি‌ আৰু ত্যাগৰ বল থাকিলে অসম্ভৱো‌ সম্ভৱ‌ হ’ব।

কেৱল গৰ্ব-অহঙ্কাৰ এৰি নিজৰ দুৰ্বলতা নিজে মানি লৈ শুধৰণিৰ প্ৰয়াস কৰিব লাগিব।

ডঃ হীৰেন গোহাঁই

ডঃ হীৰেন গোহাঁই

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd