• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহৰমৰ কাৰ্যসূচীক লৈ বিতৰ্ক, পাকিস্তানত ১৫ দিনৰ বাবে নিষিদ্ধ জিঅ’ নিউজ

পাকিস্তানৰ সংবাদ মাধ্যম নিয়ন্ত্ৰক কৰ্তৃপক্ষই (পেমৰা) দেশখনৰ অন্যতম জনপ্ৰিয় উৰ্দু নিউজ চেনেল জিঅ' নিউজৰ সম্প্ৰচাৰ ১৫ দিনৰ বাবে স্থগিত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2026 7:20 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ সংবাদ মাধ্যম নিয়ন্ত্ৰক কৰ্তৃপক্ষই (পেমৰা) দেশখনৰ অন্যতম জনপ্ৰিয় উৰ্দু নিউজ চেনেল জিঅ‘ নিউজৰ সম্প্ৰচাৰ ১৫ দিনৰ বাবে স্থগিত ৰাখিছে। মহৰমৰ সময়ত সম্প্ৰচাৰিত এটা বিশেষ কাৰ্যসূচীত ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগত এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কৰ্তৃপক্ষৰ মতে, এনে কাৰ্যসূচীয়ে ধৰ্মীয় সম্প্ৰীতি নষ্ট কৰাৰ লগতে দেশৰ শান্তি-শৃংখলাতো ব্যাঘাত জন্মাব পাৰে।

যোৱা শনিবাৰে পেমৰাই এই নিলম্বনৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। জানিব পৰা মতে, যোৱা ২৬ জুনত মহৰম উপলক্ষে জিঅ‘ নিউজত ‘চফৰ-ই-ইস্ক‘ নামৰ এটা কাৰ্যসূচী সম্প্ৰচাৰিত হৈছিল। ইছলামিক বৰ্ষপঞ্জীৰ প্ৰথম আৰু পবিত্ৰ মাহ মহৰমৰ এই অনুষ্ঠানটিত এনে কিছুমান দৃশ্য দেখুওৱা হৈছিল যিয়ে পাকিস্তানৰ ধৰ্মীয় আৰু সামাজিক স্পৰ্শকাতৰতাক সন্মান জনোৱাত ব্যৰ্থ হৈছিল বুলি ৰয়টাৰ্ছৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

Apply Now

কৰাচীস্থিত জিঅ‘ নিউজ হৈছে পাকিস্তানৰ আটাইতকৈ বেছি দৰ্শকে চোৱা উৰ্দু চেনেলসমূহৰ ভিতৰত অন্যতম। ইয়াত ১৫০০ তকৈ অধিক কৰ্মচাৰীয়ে কাম কৰে। পেমৰাৰ এই নিৰ্দেশৰ পিছতে দেওবাৰে চেনেলটোৱে ৰাজহুৱাভাৱে ক্ষমা বিচাৰে আৰু সকলো ডিজিটেল প্লেটফৰ্মৰ পৰা উক্ত কাৰ্যসূচী আঁতৰাই পেলায়। তেওঁলোকে ইয়াক এক ‘সম্পাদকীয় ভুল‘ বুলি স্বীকাৰ কৰিছে আৰু এই সমগ্ৰ বিষয়টোৰ বাবে দুখ প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও পেমৰাই চেনেলটোক এই ভুলৰ বাবে এক আভ্যন্তৰীণ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।

জিঅ‘ নিউজে জনোৱা মতে, সেই তথ্যচিত্ৰখনত ইৰাক আৰু মধ্যপ্ৰাচ্যৰ আন কিছুমান দেশত একাংশ চিয়া মুছলমান লোকে পালন কৰা কিছুমান প্ৰথা দেখুওৱা হৈছিল। চেনেলটোৰ মতে, ইয়াৰ উদ্দেশ্য আছিল কেৱল সেই অঞ্চলৰ স্থানীয় পৰম্পৰা প্ৰদৰ্শন কৰা, কোনো বিশেষ ধৰ্মীয় দৃষ্টিকোণক প্ৰচাৰ কৰা নহয়। উল্লেখযোগ্য যে পাকিস্তান এখন চুন্নী সংখ্যাগৰিষ্ঠ দেশ, য‘ত চিয়া মুছলমানৰ সংখ্যা প্ৰায় দহ শতাংশ। ধৰ্মীয় পৰম্পৰাক লৈ দুই সম্প্ৰদায়ৰ মাজত প্ৰায়ে উত্তেজনাৰ সৃষ্টি হয়, সেয়েহে মহৰমৰ সময়ত প্ৰশাসনে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰে।

এই সাময়িক নিলম্বনৰ ঘটনাটোৱে পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতা সন্দৰ্ভত চলি থকা উদ্বেগক পুনৰ প্ৰকাশ কৰিছে। ৰিপ‘ৰ্টাৰ্ছ উইডাউট বৰ্ডাৰ্ছৰ ২০২৬ চনৰ বিশ্ব সংবাদ মাধ্যমৰ স্বাধীনতা সূচকাংকত পাকিস্তান ১৮০ খন দেশৰ ভিতৰত ১৫৩ তম স্থানত আছে। দেশখনৰ কঠোৰ ধৰ্মনিন্দা আইন আৰু সংবাদ মাধ্যমৰ ওপৰত ক্ৰমবৰ্ধমান চেন্সৰশ্বিপৰ মাজতে জিঅ‘ নিউজৰ দৰে জনপ্ৰিয় চেনেলৰ ওপৰত লোৱা এই পদক্ষেপে সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰতি থকা ভাবুকিক পুনৰবাৰ আঙুলিয়াই দিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd