জাৰ্মানীৰ জোতা-চেণ্ডেল নিৰ্মাণকাৰী প্ৰতিষ্ঠান ভ’ন ৱেলেক্সে আগ্ৰাত তেওঁলোকৰ সামগ্ৰী উৎপাদনৰ কাম আৰম্ভ কৰিছে।
ভাৰতৰ সহযোগী লাট্ৰিক প্ৰাইভেট লিমিটেডৰ সৈতে চুক্তিবদ্ধ হৈ জাৰ্মানীৰ প্ৰতিষ্ঠানটোৱে উৎপাদনৰ কাম আৰম্ভ কৰিছে।
উত্তৰপ্ৰদেশৰ আগ্ৰাত থকা দুটাকৈ উৎপাদন কাৰখানত ভ’ন ৱেলেক্সে নিজৰ উৎপাদন আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত জাৰ্মান প্ৰতিষ্ঠানটোৱে বিগত মে’ মাহত চীনৰ পৰা ভাৰতলৈ তেওঁলোকৰ সম্পুৰ্ণ উদ্যোগক লৈ অহাৰ কথা উল্লেখ কৰিছিল।
পৰৱৰ্তী সময়ত তেওঁলোকে ভাৰত চৰকাৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ সহযোগত আগ্ৰাত তেওঁলোকৰ প্ৰতিষ্ঠানৰ উৎপাদনৰ কাম আৰাম্ভ কৰে।
ভ’ন ৱেলেক্সে উত্তৰপ্ৰদেশৰ তিনিটা প্ৰকল্পত বৰ্তমানলৈ মুঠ ৩০০ কোটি টকা বিনিয়োগ কৰিছে।
উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ সময়ত চীন চৰকাৰৰ নীতি আৰু সিদ্ধান্তৰ বাবে ভালেসংখ্যক আমেৰিকা আৰু ইউৰোপৰ প্ৰতিষ্ঠানে তেওঁলোকৰ প্ৰতিষ্ঠানসমূহ চীনৰ পৰা ভাৰতৰ লগতে দক্ষিণ কোৰিয়া, জাপান আদি দেশলৈ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।