• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এটা যুগৰ পৰিসমাপ্তি! বিখ্যাত জাৰ্মান দাৰ্শনিক জুৰ্গেন হাবাৰমাছৰ পৰলোকপ্ৰাপ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2026 1:57 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুদ্ধোত্তৰ জাৰ্মানীৰ অন্যতম প্ৰভাৱশালী চিন্তাবিদ আৰু সমাজ সমালোচক জুৰ্গেন হাবাৰমাছৰ ৯৬ বছৰ বয়সত দেহাৱসান হয়। শনিবাৰে তেওঁৰ প্ৰকাশক প্ৰতিষ্ঠান ছুহৰকাম্পে এই দুঃখবৰটো ৰাজহুৱা কৰিছে। ১৯৬০ চনত ফ্ৰেংকফৰ্ট বিশ্ববিদ্যালয়ত দৰ্শন আৰু সমাজবিজ্ঞানৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা হাবাৰমাছে সেই সময়ৰ ছাত্ৰ আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ সমৰ্থক আছিল। তেওঁ বিখ্যাত ফ্ৰেংকফৰ্ট স্কুলৰ এজন আগশাৰীৰ সদস্য আছিল আৰু পৰম্পৰাগত মাৰ্ক্সবাদতকৈ অলপ পৃথক দৃষ্টিভংগীৰে পুঁজিবাদক সমালোচনা কৰি নতুন বাওঁ ধাৰাৰ সূচনা কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৯২৯ চনত ডাচেলডৰ্ফত আৰু তেওঁ নাজী জাৰ্মানীৰ বিভীষিকাৰ মাজতে ডাঙৰ-দীঘল হৈছিল।

হাবাৰমাছৰ জীৱন আৰু চিন্তাধাৰাত তেওঁৰ শৈশৱৰ এক বিশেষ প্ৰভাৱ আছিল। জন্মতে তেওঁৰ তালু ফাটি থকাৰ বাবে বাৰে বাৰে অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল আৰু ইয়াৰ ফলত হোৱা কথা কোৱাৰ অসুবিধাই তেওঁক ভাষা আৰু যোগাযোগৰ গুৰুত্ব বুজাত সহায় কৰিছিল। তেওঁৰ পিতৃ ১৯৩৩ চনত নাজী পাৰ্টিত যোগদান কৰিছিল আৰু হাবাৰমাছ নিজেও হিটলাৰ যুৱকৰ সদস্য আছিল যদিও যুদ্ধত অংশ ল‘বলৈ তেওঁৰ বয়স তেতিয়া হোৱা নাছিল। যুদ্ধৰ পৰৱৰ্তী সময়ত তেওঁ মাৰ্বাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে আৰু পিছলৈ মেক্স হৰ্কহাইমাৰ তথা থিয়ডৰ এডৰ্ণোৰ দৰে মহান দাৰ্শনিকৰ সান্নিধ্যত কাম কৰি সমালোচনাত্মক তত্ত্বৰ বিকাশ ঘটায়।

Apply Now

হাবাৰমাছৰ মতে পুঁজিবাদী সমাজে মানুহক মুক্ত কৰাৰ পৰিৱৰ্তে এজন নিষ্ক্ৰিয় গ্ৰাহকলৈ ৰূপান্তৰিত কৰে। তেওঁ গণমাধ্যম আৰু মনোৰঞ্জনৰ বাণিজ্যিকীকৰণক সমালোচনা কৰি কৈছিল যে এনে সংস্কৃতিয়ে সমাজৰ গঠনমূলক ৰাজহুৱা বিতৰ্কক ধ্বংস কৰি পেলায়। ১৯৮১ চনত প্ৰকাশিত তেওঁৰ বিখ্যাত গ্ৰন্থ দ্য থিয়ৰী অৱ কমিউনিকেটিভ একচনত তেওঁ যুক্তি দিছিল যে কেৱল অৰ্থনৈতিক বা ৰাজনৈতিক শক্তিৰে নহয়, বৰঞ্চ পাৰস্পৰিক আলোচনা আৰু যুক্তিৰ দ্বাৰাহে এখন সুস্থ সমাজ জীয়াই থাকিব পাৰে। তেওঁ সদায় এক ঐক্যবদ্ধ ইউৰোপৰ সপক্ষে মাত মাতি আহিছিল যাতে জাতীয়তাবাদী বিবাদে পুনৰ গা কৰি উঠিব নোৱাৰে।

১৯৮০ৰ দশকত তেওঁ জাৰ্মান ইতিহাসবিদসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বিতৰ্কত লিপ্ত হৈছিল য‘ত তেওঁ হ’ল’কাষ্টৰ ঐতিহাসিক গুৰুত্বক কোনো ধৰণে লঘূ কৰি চোৱাৰ বিৰোধিতা কৰিছিল। ১৯৯০ চনত জাৰ্মানীৰ একত্ৰীকৰণৰ সময়তো তেওঁ জাতীয়তাবাদৰ পুনৰুজ্জীৱনক লৈ শংকা প্ৰকাশ কৰিছিল আৰু সাৱধানে আগবঢ়াৰ পৰামৰ্শ দিছিল। তেওঁৰ মৃত্যুত বিশ্বই এজন মহান মানৱতাবাদী দাৰ্শনিকক হেৰুৱালে যিয়ে গোটেই জীৱন গণতন্ত্ৰ আৰু মানৱ মুক্তিৰ হকে কলম চলাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd