• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2026 11:15 am
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ উলুবাৰীৰ হোটেল বিলাস ইনত সংঘটিত পাঁচজনকৈ লোকৰ হত্যাকাণ্ডৰ তদন্তত নতুন মোৰ আহিছে। ঘটনাৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈয়ে ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। ২৬ অক্টোবৰৰ নিশা সংঘটিত ভয়ংকৰ গুলীচালনাৰ ঘটনাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল জোনমণি। সেই নিশাৰ পৰাই তেওঁৰ কোনো শুংসূত্ৰ লাভ কৰা নাছিল আৰক্ষীয়ে।

ঘটনাৰ পাছত জোনমণিৰ লগতে দম্পতীটোৰ সন্তান আৰু তেওঁলোকক ঘটনাস্থলীৰ পৰা কঢ়িয়াই নিয়াৰ অভিযোগ উঠা বাহনচালকজনৰো সন্ধানত নামিছিল আৰক্ষী। হত্যাকাণ্ডৰ পূৰ্বে আৰু পাছত কি কি ঘটনা ঘটিছিল, সেই বিষয়ে জানিবলৈ জোনমণিক সোধা-পোছা কৰাৰ প্ৰস্তুতিও চলাইছিল তদন্তকাৰী দলে।

Apply Now

ইফালে, মূল অভিযুক্ত ঘনকান্ত গগৈক লতাশিল আৰক্ষী থানাত বিশেষ তদন্তকাৰী দলে (এছআইটি) প্ৰতিদিনে সোধা-পোছা অব্যাহত ৰাখিছে। ২৬ অক্টোবৰৰ নিশা বশিষ্ঠ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছত ২৭ অক্টোবৰত তেওঁক সাত দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। আৰক্ষীৰ জিম্মাত থকা গগৈয়ে সোধা-পোছাৰ সময়ত আত্মৰক্ষাৰ বাবেহে গুলীচালনা কৰা বুলি দাবী কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে তেওঁৰ এই দাবীৰ সত্যতা পৰীক্ষা কৰি আছে তদন্তকাৰী দলে।

উল্লেখ্য যে, ২৬ অক্টোবৰত গুৱাহাটীৰ উলুবাৰীৰ হোটেল বিলাস ইনত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। ঘটনাটোত হোটেলখনৰ সহ-মালিক হেলেনা ভৰালী আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ ভূদেৱ ভৰালীৰ লগতে হেলেনাৰ পুত্ৰ দেবৰ্ষি, বোৱাৰী ৰিণিকা আৰু হোটেলখনৰ কৰ্মচাৰী নাৰায়ণ দাসৰ মৃত্যু হৈছিল। আৰক্ষীৰ সন্দেহ অনুসৰি, হোটেলখনৰ মালিকপক্ষ আৰু ঘনকান্ত গগৈৰ মাজত হোৱা আৰ্থিক বিবাদ তথা লীজকেন্দ্ৰিক সংঘাতেই এই হত্যাকাণ্ডৰ মূল কাৰণ হ’ব পাৰে।

আৰক্ষীৰ তথ্য অনুসৰি, ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত পাঁচ বছৰৰ বাবে হোটেলখন লীজত লৈছিল ঘনকান্ত গগৈয়ে। লীজৰ চৰ্ত আৰু ধন-পইচাৰ লেনদেনক লৈ দুয়োপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল বুলি তদন্তকাৰীসকলে সন্দেহ কৰিছে। সেই সংঘাতেই কেনেদৰে পাঁচজন লোকৰ মৃত্যুৰ কাৰণ হৈ পৰিল, সেয়া এতিয়া তদন্তৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ।

আনহাতে, আৰক্ষীৰ জিম্মাত থকা ঘনকান্ত গগৈৰ সুৰক্ষা আৰু ব্যৱহাৰক লৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। আদালতে নিৰ্দেশ দিছে যে সূৰ্যাস্তৰ পাছত আৰু সূৰ্যোদয়ৰ পূৰ্বে প্ৰমাণ উদ্ধাৰৰ বাবে অভিযুক্তক বাহিৰলৈ নিবলগীয়া হ’লে পৰ্যাপ্তসংখ্যক আৰক্ষীৰ লোক তেওঁৰ সৈতে থাকিব লাগিব। এনে অভিযানৰ সময়ত উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ এগৰাকী বিষয়াৰ উপস্থিতিও বাধ্যতামূলক কৰিছে আদালতে।

লগতে, আৰক্ষীৰ জিম্মাত অভিযুক্তক কোনো ধৰণৰ শাৰীৰিক নিৰ্যাতন চলাব নোৱাৰিব বুলি স্পষ্ট নিৰ্দেশ দিছে আদালতে। আৰক্ষীৰ জিম্মাত থকাৰ সময়ছোৱাত প্ৰতি ২৪ ঘণ্টাৰ মূৰে মূৰে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাবলৈ তদন্তকাৰী বিষয়াক নিৰ্দেশ দিয়া হৈছে। অভিযুক্তক পৰিষ্কাৰ-পৰিচ্ছন্ন খাদ্য আৰু খোৱাপানী যোগান ধৰাৰ লগতে আৰক্ষীৰ জিম্মাত ৰখাৰ ক্ষেত্ৰত প্ৰচলিত সকলো নিয়ম মানি চলিবলৈও কোৱা হৈছে।

পাঁচজনকৈ লোকৰ প্ৰাণ লোৱা এই হত্যাকাণ্ডৰ আঁৰত প্ৰকৃততে কি সংঘাত আছিল, গুলীচালনাৰ সময়ত ঘনকান্ত গগৈৰ ভূমিকা কি আছিল আৰু তেওঁৰ আত্মৰক্ষাৰ দাবীৰ সত্যতা কিমান—এই সকলো দিশ এতিয়া এছআইটিৰ তদন্তৰ আওতাত। পত্নী জোনমণি গগৈৰ আত্মসমৰ্পণৰ পাছত তদন্তত নতুন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। পৰিয়ালৰ আন সদস্য আৰু ঘটনাৰ সৈতে জড়িত বুলি সন্দেহ কৰা বাহনচালকজনৰ সন্ধানতো আৰক্ষীৰ অভিযান অব্যাহত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

October 31, 2026 11:22 am
ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

October 31, 2026 11:15 am
এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

October 31, 2026 10:23 am
“সম্পৰ্ক এটা শেষ কৰাৰ অধিকাৰ পুৰুষৰ নাই নেকি?”  ধৰ্ষণৰ ভুৱা গোচৰত প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

“সম্পৰ্ক এটা শেষ কৰাৰ অধিকাৰ পুৰুষৰ নাই নেকি?”  ধৰ্ষণৰ ভুৱা গোচৰত প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

October 31, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

October 31, 2026 11:22 am
ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

October 31, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd