• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুলাম নবী আজাদৰ দাবী: হিমন্ত পৰ্ব ৰাহুল গান্ধীৰ ‘ভুল পৰিচালনা’ আছিল; ছোনিয়া আছিল নিমাত!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 23, 2023 4:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ত অসমত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ নেতা হিমন্ত বিশ্ব শৰ্মাৰ সংখ্যাগৰিষ্ঠ বিধায়কৰ সমৰ্থন আছিল আৰু তেওঁ বিদ্ৰোহ কৰি দল ত্যাগ কৰিব বুলি কোৱাৰ পিছতো ৰাহুল গান্ধীয়ে নিসংকোচে ‘’তেওঁক যাবলৈ দিয়ক” বুলি স্পষ্ট কৰি দিছিল। নিজৰ আত্মজীৱনী “আজাদ”ত এইদৰে লিখিছে গুলাম নবী আজাদে।

২০২২ চনৰ আগষ্টত দল ত্যাগ কৰা আৰু নিজৰ আঞ্চলিক দল আৰম্ভ কৰা কংগ্ৰেছৰ প্ৰাক্তন অনুগত আজাদে ছোনিয়া গান্ধীক লক্ষ্য কৰি কয় যে তেওঁ “সন্মুখলৈ অহা ধ্বংসাত্মক পৰিণামবোৰ বুজি পোৱা স্বত্বেও” নিজে দলৰ সভাপতি হিচাপে কোনো দাবী কৰা নাছিল।

বিজেপিত গৈ যোগদান কৰা আৰু অসমৰ মুখ্যমন্ত্ৰী হোৱা শৰ্মা এজন গুৰুত্বপূৰ্ণ কংগ্ৰেছ ৰণনীতিবিদ আছিল। ২০১৫ চনৰ ছেপ্টেম্বৰত অসমত কংগ্ৰেছ নেতৃত্বৰ সৈতে মতভেদক লৈ দল ত্যাগ কৰাৰ সময়ত দহজন বিধায়কে তেওঁক অনুসৰণ কৰিছিল।

Apply Now

লগতে পঢ়ক: আদানি গ্ৰুপৰ পিছত এইবাৰ ‘টাৰ্গেট’ত কোন? হিণ্ডেনবাৰ্গৰ নতুন টুইটত শ্বেয়াৰ বজাৰত জোকাৰণি!

“ৰাহুলে আমাক স্পষ্টকৈ কৈছিল যে নেতৃত্বত কোনো পৰিৱৰ্তন নহ’ব। আমি তেওঁক (ৰাহুল) আঙুলিয়াই দিছিলো যে হিমন্তৰ সংখ্যাগৰিষ্ঠ বিধায়ক আছে আৰু তেওঁ বিদ্ৰোহ কৰিব আৰু দল ত্যাগ কৰিব। ‘তেওঁক যাবলৈ দিয়ক’ ৰাহুলে কৈছিল। বৈঠকখন শেষ হৈছিল।” অহা মাহত মুক্তি পাবলগীয়া ৭৪ বছৰীয়া আজাদে তেওঁৰ আত্মজীৱনীত এইদৰে লিখিছে।

নৱগঠিত ডেমক্ৰেটিক প্ৰগ্ৰেছিভ আজাদ পাৰ্টিৰ অধ্যক্ষ আজাদে কয় যে ৰাহুল গান্ধীয়ে শৰ্মা পৰ্বটো “ভুল পৰিচালনা” কৰিছিল।

উল্লেখ্য যে ৫৪ বছৰীয়া হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ এৰি যোৱাৰ মাত্ৰ পাঁচ বছৰ পিছত তেওঁ অসমত বিজেপিৰ হৈ একেৰাহে দ্বিতীয়টো জয় নিশ্চিত কৰাত ২০২১ চনত মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।

আজাদৰ মতে, তেওঁ নিশ্চিত নাছিল যে ৰাহুলে “নিজকে প্ৰমাণ কৰিবলৈ কি কৰিছিল বা হয়তো তেওঁ অজ্ঞ আছিল যে তেওঁৰ সিদ্ধান্তৰ সুদূৰপ্ৰসাৰী পৰিণাম কেৱল অসম ৰাজ্যতে নহয়, সমগ্ৰ উত্তৰ-পূবত পৰিব”।

ৰাজ্যসভাৰ বিৰোধী দলৰ প্ৰাক্তন নেতাজনে কয় যে তেওঁ ৰাহুল গান্ধীৰ সৈতে বাৰ্তালাপৰ পিছত ছোনিয়া গান্ধীক নতুন “কাহিনীটোৰ গতি”ৰ বিষয়ে অৱগত কৰিছিল।

লগতে পঢ়ক: যুদ্ধৰ খৱৰ! ৰাছিয়াৰ ড্ৰোণ আক্ৰমণত কিয়েভ অঞ্চলত ৮ জন নিহত; দাবী ইউক্ৰেইনৰ

আজাদে লিখিছে, “… এইটো বৰঞ্চ দুৰ্ভাগ্যজনক যে তেওঁ নিজকে দলৰ সভানেত্ৰী হিচাপে কোনো দাবী কৰা নাছিল। তাৰ পৰিৱৰ্তে, তেওঁ মোক হিমন্তক নাওখন দিশহাৰা নকৰিবলৈ অনুৰোধ কৰিবলৈ কৈছিল।”

গ্ৰন্থখনৰ প্ৰকাশক ৰূপাই এটা বিবৃতিত কৈছে যে ৰাজীৱ গান্ধীক ৰাজনীতিলৈ অনাৰ বাবে ইন্দিৰা গান্ধীৰ সৈতে ৰণনীতি প্ৰস্তুত কৰাৰ পৰা আৰু ছোনিয়াক দলৰ মুৰব্বী হ’বলৈ সৈমান কৰা তথা ৰাহুল গান্ধী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ মতানৈক্যত তেওঁৰ মধ্যস্থতাৰ প্ৰচেষ্টালৈকে “আজাদ”ত গুলাম নবীয়ে নেতৃত্বৰ প্ৰত্যাহ্বান আৰু ৰাজনৈতিক দৃশ্যপটত নতুন চিন্তা কৰিবলৈ সাহস কৰাৰ পৰিণামবোৰৰ অন্বেষণ কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd