ক’ৰ’নাৰ আতংকৰ মাজতে আজি নলবাৰী জিলাত প্ৰেমৰ বাবেই আত্মহত্যাৰ পথ বাছি লয় এগৰাকী যুৱতীয়ে।
নলবাৰীৰ বৰকুৰা ৰে’ল গেটত ৰে’লৰ আগত জাপ দি নিজৰ জীৱন বিসৰ্জন দিয়ে যুৱতী গৰাকীয়ে।
আত্মহত্যা কৰা যুৱতী গৰাকী নলবৰীৰ বৰকুৰিহাৰ ৰবীন কলিতাৰ কন্যা বন্দনা কলিতা বুলি জানিব পৰা গৈছে।
বন্দনা কলিতাই উজনিমুৱা শ্ৰমিক এক্সপ্ৰেছ ৰে’লৰ আগত আত্মহত্যা কৰে।
আনহাতে, মৃত্যুৰ পূৰ্বে যুৱতী গৰাকীয়ে টিকটক কৰি নিজৰ মৃত্যুৰ কাৰণ ৰাজহুৱা কৰে।
‘‘দেউতা-মা তোমালোকক বহুত ভালপাঁও। ভাইটিক ভালকৈ পঢ়িবলৈ দিবা। মৰিব ভয় লাগে কিন্তু কি কৰিম বহুত ভাল পাইছিল তাইক,’’ মৃত্যুৰ পূৰ্বে টিকটকত এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে যুৱতী গৰাকীয়ে।
জানিব পৰা মতে, গোৰেশ্বৰৰ বীৰেণ কাকতি নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল বন্দনাৰ।
সোমবাৰে বীৰেণ বন্দনাৰ ঘৰলৈ আহিছিল আৰু বন্দনাৰ ঘৰৰ পৰা উভতি গৈয়ে বীৰেণে আত্মহত্যা কৰে। বীৰেণৰ আত্মহত্যাৰ খবৰ লাভ কৰাৰ পাছতে বন্দনাই শোকত ব্যথিত হৈ পৰে আৰু আজি ৰাতিপুৱা ঘৰৰ পৰা নলবাৰী অভিমুখে ওলাই গৈ আত্মহত্যা কৰে।
ঘটনাস্থলীত উপস্থিত হৈ ৰে’ল আৰক্ষী আৰু নলবাৰী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।