NORTHEAST NOW (Assamese)

উচ্চতৰ মাধ্যমিকত আশা কৰা ধৰণে ফলাফল লাভ নকৰা ছাত্ৰীৰ আত্মহত্যা

May 27, 2019 10:03 am · মানস প্ৰতিম গগৈ
আত্মহত্যা কৰা ছাত্ৰী লুনা দহোটীয়া

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলে একাংশ ছাত্ৰ-ছাত্ৰীক আনন্দিত কৰি তোলাৰ সময়তে আন একাংশ ছাত্ৰ-ছাত্ৰীয়ে হতাশাত ভূগি আত্মহত্যাৰ দৰে চৰম পন্থা গ্ৰহণ কৰিছে। এনে এক ঘটনা সংঘটিত হয় তিনিচুকীয়া জিলাৰ বৰডুমছাত।

ঘটনাৰ বিৱৰণি মতে তিনিচুকীয়া জিলাৰ ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰী তথা বৰডুমছা কঠালগুৰিৰ নিবাসী লুনা দহোটীয়া(১৮)ই  সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত আশা কৰা ধৰণে ফলাফল লাভ কৰবিলৈ সক্ষম নহ’ল। লুনা দহোটীয়াই বাণিজ্য শাখাত তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিল।

ফলত ছাত্ৰীগৰাকীয়ে আশা কৰা ধৰণে ফলাফল লাভ নকৰাত হতাশাথ ভূগি কালি অৰ্থাৎ ২৬ মে’ত ঘৰতে কীটনাশক দ্ৰব্য সেৱন কৰি আত্মহননৰ চেষ্টা কৰে।

পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীক স্থানীয় চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। কিন্তু দুৰ্ভাগ্যবশত নিয়তিৰ আগত হাৰ মানি ডিব্ৰুগড়লৈ গৈ থকা অৱস্থাতে লুনা দহোটীয়াই শেষ নিশ্বাস ত্যাগ কৰে।

আনহাতে ডিগবৈ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে এনেদৰে আত্মহত্যাৰ দৰে চমৰ পন্থা বাছি লোৱাত অঞ্চলটোত গভীৰ শোক ছাঁ‌ পৰে।

Related News