NORTHEAST NOW (Assamese)

২৪ ঘণ্টাৰ পাছতো উদ্ধাৰ কৰিব পৰা নাই দিচাংমুখৰ ব্ৰহ্মপুত্ৰত সলিল সমাধি ঘটা দুই যুৱতীক

December 17, 2018 10:56 am · পাৰ্শ্বজ্যোতি গগৈ
Updated: December 17, 2018 2:41 pm

দেওবাৰে শিৱসাগৰৰ দিচাংমুখৰ অফলা ঘাটত ব্ৰহ্মপুত্ৰত পৰি সলিল সমাধি ঘটা দুই যুৱতীৰ সন্ধান বৰ্তমানলৈকে পোৱা নাই। ফলত আজি পুৱা প্ৰায় ৮ বজাৰ পৰা পুনৰ এছ ডি আৰ এফৰ তিনিজনীয়া দল এটাই ডুবাৰুসহ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে দেওবাৰে পূজা সামগ্ৰী পেলাবলৈ আহি ব্ৰক্ষ্মপুত্ৰৰ গৰাৰ পৰা পিছল খাই পৰি সলিল সমাধি ঘটিছিল দিচাংমুখ অফলা গাঁৱৰ কালমন ছেত্ৰীৰ ১৭ বছৰীয়া কন্যা অঞ্জলি ছেত্ৰী আৰু দিচাংমুখত  বিয়া খাবলৈ অহা ডুমডুমাৰ ফিল’বাৰীৰ আৰতি ছেত্ৰীৰ। দুয়োগৰাকী ছাত্ৰী উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী আছিল।

ইফালে ঘটনা সংঘটিত হোৱা ২৪ ঘণ্টা অতিক্ৰম কৰাৰ  পাছতো দুযোগৰাকী যুৱতীক উদ্ধাৰ কৰিব নোৱাৰাত যুৱতী দুগৰাকীৰ পৰিয়ালৰ লোক শোকত ভাগি পৰিছে।

আনহাতে দিচাংমুখৰ ড০ বি আৰ আম্বেদকাৰ জুনিয়ৰ কলেজৰ অতি অমায়িক ছাত্ৰী অঞ্জলি ছেত্ৰী আৰু আলহি খাবলৈ অহা আৰতি ছেত্ৰীৰ মৃত্যুত সমগ্ৰ দিচাংমুখ অঞ্চলত শোকৰ ছাঁ পৰিছে।

Related News