কাৰাগাৰৰ কয়দীৰ জীৱন সলনি কৰাৰ সপোন দেখা যুৱতী গৰাকী

Gitima Bora

গিতীমা বৰা।

ৰাজ্যৰ কাৰাগাৰ সমূহৰ আধুনিকীকৰণ, সংশোধনীকৰণ আৰু কয়দী সকলৰ প্ৰাপ্য সুবিধাৰ ওপৰত গৱেষণা আৰু কয়দী সকলক এখন সমাজ গঢ় দিয়াৰ মানসিকতাৰে কলিয়াবৰৰ সৰুভগীয়া গাঁৱৰ গীতিমা বৰা নামৰ এগৰাকী যুৱতীয়ে ৰচিছে এক সপোন।

স্বৰ্গীয় চম্পক বৰা আৰু বিনো বৰাৰ কন্যা গীতিমা বৰা পেছাত এগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা যদিও তেওঁ এগৰাকী সমাজকৰ্মী, সাংস্কৃতিকপ্ৰেমী বুলিহে সমাজত পৰিচিত।

সমাজৰ প্ৰতি দায়িত্ববোধ থকা মনোভাৱৰ বাবেই গীতিমা বৰাই কয়দী সকলৰ শিক্ষা, স্বাস্থ্য, খাদ্য, আধ্যাত্মিক, নৈতিকতা আদি বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি শিক্ষাক বাধ্যতামূলক কৰাৰ চেষ্টা চলাব। লগতে কয়দী সকলে কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহি যাতে নিজে কৰা ভুলৰ সংশোধন কৰি শুদ্ধ পথেৰে আগবাঢ়ি যাব পাৰে তাৰ ওপৰতো কাম কৰিব বুলি জানিবলৈ দিয়ে।

ইফালে মুকলি আকাশৰ তললৈ অহাৰ পাছত কয়দী সকলৰ জীৱিকাৰ লগতে কৰ্ম সংস্থাপনৰ দিশটোৰ প্ৰতিও সমানে গুৰুত্ব আৰোপ কৰি এখন আঁচনিৰ পৰিকল্পনাৰ কাম হাতত লোৱা বুলি তেওঁ জনাইছে।

এই সন্দৰ্ভত গীতিমা বৰাই কলিয়াবৰৰ বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, সমাজ সচেতক, স্থানীয় ৰাইজক একত্ৰিত কৰি আজি এক আলোচনাতো মিলিত হয়। আলোচনাৰ অন্তত উপস্থিত ৰাইজে এখন আহ্বায়ক সমিতি গঠন কৰি অনাগত সময়ত এই সম্বন্ধে ৰাজ্যৰ বিভিন্ন ব্যক্তিৰ লগত আলোচনা কৰাৰো পোষকতা কৰে।

আনহাতে গীতিমা বৰাই এই আঁচনিখন বাস্তৱত ৰূপ দিয়াৰ ক্ষেত্ৰত অসমবাসী ৰাইজৰ ওচৰত সহায় সহযোগিতা ও পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে।