উত্তৰাখণ্ডত হিমবাহ খহি মহাপ্ৰলয়ৰ সৃষ্টি, হতাহত ১৫০ৰো অধিক লোক

a uttara

পুনৰ ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে জোকাৰি গৈছে পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডক।

আজি পুৱা উত্তৰাখণ্ডৰ ধাউলি গংগা নদীৰ পানী হঠাতে ওফন্দি উঠাৰ ফলত মুহূৰ্তৰ ভিতৰতে এক বৃহৎ অঞ্চল পানীৰ ঢলে ঢৌৱাই নিয়ে।

পানীৰ সোঁতত ঋষি গংগা শক্তি প্ৰকল্পত কৰ্মৰত প্ৰায় ১৫০ জন কৰ্মীক উটুৱাই নিয়ে।

এতিয়ালৈকে তেওঁলোকৰ কোনো সন্ধান পোৱা হোৱা নাই।উত্তৰাখণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শীৰ্ষ বিষয়া ৰিধিম আগৰৱালাই প্ৰকাশ কৰা মতে ৰাজ্য খনৰ চামলি জিলাৰ তপোবন অঞ্চল ৰেনী নামৰ অঞ্চলটোত বৰফৰ এটা বৃহৎ খণ্ড খহি পৰাৰ ফলতে নৈৰ জলপৃষ্ঠ হঠাতে বাঢ়ি যায়।

হিমবাহ গলি যোৱাৰ ফলতে দাউলি গংগা নদীৰ জলপৃষ্ঠ বাঢ়ি যায় আৰু নৈ খনৰ ভাঙি পৰে।

হঠাতে সৃষ্টি হোৱা বানে বহু ঘৰ-দুৱাৰ উটুৱাই নিয়াৰ বাতৰি পোৱা গৈছে।

এই প্ৰলয়ৰ খবৰ পোৱাৰ পিছতে উদ্ধাৰকাৰীৰ দলে যুদ্ধকালিন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰ্ৰম্ভ কৰিছে।

ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত শতাধিক লোকৰ মৃত্যু ঘটা বুলি আশংকা কৰা হৈছে।

আজিৰ এই ঘটনাই ৮ বছৰ পূৰ্বে কেদাৰনাথত হোৱা মহাপ্ৰলয়ৰ কথা পুনৰ ৰাজ্য খনৰ বাসিন্দাসকলক মনত পেলাই দিছে।

ইতিমধ্যে আইটিবিপিৰ জোৱানে সমগ্ৰ অঞ্চলটোত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

বায়ু সেনা বাহিনীয়েও হেলিকপ্তাৰেৰে উদ্ধাৰ কাৰ্য চলাই গৈছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে পৰিস্থিতিৰ পৰ্যালোচনা কৰি গৈছে আৰু সকলোকে সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে।

হঠাৎ সৃষ্টি হোৱা বানে অলকানন্দাৰ নামনিত থকা অঞ্চলসমূহলৈও ভাবুকি কঢ়িয়াই  আনিছে।