• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আয়াতুল্লাহ আলী খামেনেইৰ হত্যাত লৈ বিশ্ব বিয়পা প্ৰতিক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2026 8:28 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণৰ দীৰ্ঘসময়ৰ শাসক আয়াতুল্লাহ আলী খামেনেইৰ হত্যাই সমগ্ৰ বিশ্ব জোকাৰি গৈছে। এই খবৰৰ পাছতে বিভিন্ন দেশৰ চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে মধ্যপ্ৰাচ্যত হ’ব পৰা সাম্ভাব্য অস্থিৰতাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বহু ৰাষ্ট্ৰপ্ৰধানে এই জটিল সময়ত সকলোকে সংযমী হবলৈ আহ্বান জনাইছে।

ৰাছিয়া আৰু চীনে খামেনেইৰ হত্যাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইয়াক আন্তঃৰাষ্ট্ৰীয় আইনৰ এক গুৰুতৰ উলংঘন বুলি অভিহিত কৰি খামেনেইৰ প্ৰতি সমবেদনা জনাইছে। একেদৰে চীনেও এই আক্ৰমণক গ্ৰহণযোগ্য নহয় বুলি কৈছে আৰু ইৰাণত সামৰিক অভিযান বন্ধ কৰিবলৈ দাবী জনাইছে। আনহাতে ইউৰোপীয় দেশসমূহে অতি সাৱধানতাৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইউৰোপীয় ইউনিয়নে এই সময়ছোৱাক ইৰাণৰ ইতিহাসৰ এক নিৰ্ণায়ক মোৰ (turning point) বুলি উল্লেখ কৰাৰ লগতে শান্তি তথা আলোচনাৰ ওপৰত গুৰুত্ব দিছে। ব্ৰিটেইন আৰু ফ্ৰান্সেও মধ্যপ্ৰাচ্যত নিজৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে আৰু অঞ্চলটোত যাতে সংঘাত বৃদ্ধি নাপায় তাৰ বাবে কূটনৈতিক প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Apply Now

মধ্যপ্ৰাচ্যৰ দেশসমূহৰ মাজত এই হত্যাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে। ইৰাকে ৰাষ্ট্ৰীয় শোক ঘোষণা কৰাৰ বিপৰীতে কেইবাখনো চুবুৰীয়া দেশে ইৰাণৰ আক্ৰমণৰ আশংকাত নিজৰ আকাশমাৰ্গ আৰু সীমান্তৰ সুৰক্ষা বৃদ্ধি কৰিছে। হামাছৰ দৰে সংগঠনসমূহে খামেনেইক তেওঁলোকৰ এজন ডাঙৰ সমৰ্থক বুলি অভিহিত কৰি গভীৰ শোক প্ৰকাশ কৰিছে। লেটিন আমেৰিকা আৰু বিশ্বৰ অন্যান্য প্ৰান্তৰ দেশসমূহৰ মাজতো এই ঘটনাক লৈ মতভেদ দেখা পোৱা গৈছে।

তদুপৰি সমগ্ৰ পশ্চিম এছিয়াতে তীব্ৰ উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ভাৰতে সকলোকে সংযমী হ’বলৈ আৰু আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছে। এক চৰকাৰী বিবৃতিযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মধ্যপ্ৰাচ্যত বৃদ্ধি পোৱা সংঘাতক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ভাৰতে অবিলম্বে যুদ্ধ শেষ কৰিবলৈ আৰু আন্তৰ্জাতিক আইনক সন্মান জনাবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে, আমেৰিকা আৰু ইজৰাইলৰ সামৰিক অভিযানক নতুন দিল্লীয়ে এই পৰ্যন্ত পোনপটীয়াকৈ সমৰ্থন বা গৰিহণা দিয়াৰ পৰা বিৰত আছে। ভাৰতীয় বিষয়াসকলে অঞ্চলটোত স্থিৰতা বজাই ৰখাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। পশ্চিম এছিয়াত চলি থকা এই অস্থিৰতাই খাৰুৱা তেলৰ দামৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে বুলি আশংকা কৰা হৈছে। ইয়াৰ উপৰি উপসাগৰীয় দেশসমূহত কৰ্মৰত লাখ লাখ ভাৰতীয় লোকৰ সুৰক্ষাৰ বিষয়টো এতিয়া চৰকাৰৰ বাবে আটাইতকেই ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই জনোৱা মতে ইৰাণ আৰু ইয়াৰ চুবুৰীয়া দেশসমূহত থকা ভাৰতীয় নাগৰিকসকলৰ নিৰাপত্তাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে। ইৰাণত থকা ভাৰতীয় দূতাবাসে ইতিমধ্যে জৰুৰীকালীন হেল্পলাইন নম্বৰ মুকলি কৰিছে আৰু ভাৰতীয়সকলক অতি সাৱধানে থাকিবলৈ পৰামৰ্শ দিছে।

কূটনৈতিক দিশৰ পৰা চাবলৈ গলে ভাৰত বৰ্তমান এক কঠিন প্ৰত্যাহ্বানৰ মুখামুখি হৈছে। ভাৰতে পৰম্পৰাগতভাৱে ইৰাণৰ সৈতে বন্ধুত্ত্বপূৰ্ণ সম্পৰ্ক ৰখাৰ লগতে পশ্চিমীয়া দেশসমূহৰ সৈতেও সুসম্পৰ্ক বজাই ৰাখিছে। ইফালে ইৰাণৰ চাবাহাৰ বন্দৰ প্ৰকল্পত ভাৰতৰ বৃহৎ স্বাৰ্থ জড়িত হৈ আছে। আনহাতে আমেৰিকা আৰু ইজৰাইলৰ সৈতে ভাৰতৰ ক্ৰমান্বয়ে বৃদ্ধি পোৱা সুৰক্ষা আৰু অৰ্থনৈতিক অংশীদাৰিত্বৰ বাবে এই স্পৰ্শকাতৰ বিষয়টোত ভাৰতে অতি জুখি-মাখি নিজৰ মত প্ৰকাশ কৰিবলৈ বাধ্য হৈছে।

ইপিনে ৰাষ্ট্ৰসংঘই সকলো পক্ষকে শান্তি বজাই ৰাখিবলৈ বাৰে বাৰে অনুৰোধ জনাইছে। আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলৰ মতে খামেনেইৰ হত্যাই মধ্যপ্ৰাচ্যৰ ৰাজনৈতিক মানচিত্ৰ সলনি কৰি দিব পাৰে। ইৰাণে ইতিমধ্যে প্ৰতিশোধ লোৱাৰ হুংকাৰ দিছে আৰু এই ঘটনাৰ বাবে অনাগত দিনত অঞ্চলটোত অস্থিৰতা বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd