• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাত বছৰীয়া কন্যাৰ সন্মুখতে গোৱাত স্বামীৰ দুই আবিয়ৈ পেহীয়েকক হত্যা কৰিলে দুগৰাকী মহিলাই

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2020 4:27 pm
index.jpgkk
39.5k
VIEWS
Share on FacebookShare on Twitter

সাত বছৰীয়া নিজ কন্যাৰ সন্মুখতে এগৰাকী মহিলাই সহযোগীৰ সৈতে মিলি স্বামীৰ দুই আবিয়ৈ পেহীয়েকক চোকা অস্ত্ৰেৰে হত্যা কৰাৰ এক লোমহৰ্ষক ঘটনাই চাঞ্চল্যৰ সৃ্ষ্টি কৰিছে।

ঘটনাটো সংঘটিত হৈছে দক্ষিণ গোৱাৰ অঞ্জুনা আৰক্ষী থানাৰ অন্তৰ্গত চিয়’লিম নামৰ গাঁৱত।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি যোৱা দেওবাৰে সন্ধিয়া জুলিঅ’ লুবু(৩২)ৰ পত্নী ৰবীনা লুবু(২৮) তেওঁৰ সহযোগী শোভন ৰাজ্যবল্লী(২৮)এ জুলিঅ’ৰ দুই আবিয়ৈ পেহীয়েক ক্ৰমে ক্লেমেন্টিনা লুবু(৬৪) আৰু ভাৰা লুবু(৬২)ক চোকা অস্ত্ৰেৰে সানি খুচি হত্যা কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি জুলিঅ’-এ দুই আবিয়ৈ পেহীয়েকক লৈ নিজৰ পৰিয়ালটোৰ সৈতে একেখন গাঁৱতে পিতৃ-মাতৃৰ পৰা পৃথকে বাস কৰিছিল।

এই লৈ জুলিঅ’ৰ পত্নী ৰবীনা আৰু দুই আবিয়ৈ পেহীয়েকৰ সৈতে প্ৰায়ে কাজিয়া সূত্ৰপাত হৈ অহাৰ লগতে ৰবীনাক দুই আবিয়ৈ পেহীয়েকে অত্যাচাৰ কৰি অহা বুলি অভিযোগ উত্থাপিত হৈছে। সেয়ে দুয়োকে হত্যা কৰাৰ পৰিকল্পনা কৰা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে অভিযুক্তই।

“ৰবীনাই শোভন(হত্যাৰ কাণ্ডৰ সৈতে জড়িত)ক স্বামীৰ দুই আবিয়ৈ পেহীয়েকৰ সৈতে দীৰ্ঘদিনৰ পৰা সম্পৰ্ক ভাল নহয় বুলি কৈছিল। আৰু দুয়োৱে চোকা অস্ত্ৰেৰে হত্যাকাণ্ডটো সংঘটিত কৰে।” অঞ্জুনা আৰক্ষী থানাৰ পৰিদৰ্শক সুৰজ গাৱাছে সাংবাদিকক কয়।

জুলু আৰু ৰবীনাৰ এগৰাকী সাত বছৰীয়া কন্যা সন্তান আৰু এটি এবছৰীয়া পুত্ৰ সন্তান আছে। ৰবীনা আৰু শোভনে স্বামী ঘৰত নথকা অৱস্থাত সাত বছৰীয়া নিজ কন্যাৰ চকুৰ আগতে উক্ত হত্যাকাণ্ডটো সংঘটিত কৰে।

ঘৰলৈ অহাৰ পিছত সাত বছৰীয়া কন্যাই মাতৃয়ে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা পিতৃক অৱগত কৰে আৰু পিতৃয়ে লগে লগে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ৰবীনা আৰু শোভন দুয়োকে গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd