কৃষ্ণাই|| মেধাৱী মণিকংকণাৰ কাষত সুশান্ত বিশ্ব শৰ্মা
অভাৱৰ মাজতে পিতৃহাৰা কৃষ্ণাই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী মণিকংকণা সিঙৰ সাফল্যৰ বাতৰি পোৱাৰ পিছতে ছাত্ৰীগৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহিল গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা৷
দেওবাৰে বিয়লি আৰক্ষী অধীক্ষকগৰাকী মণিকংকণা সিঙৰ ঘৰত উপস্থিত হৈ ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে ছাত্ৰীগৰাকীলৈ নগদ ধনৰ টোপোলা এটি আগবঢ়ায়৷
লগতে আৰক্ষী অধীক্ষকগৰাকীয়ে ছাত্ৰীগৰাকীৰ ইচ্ছা অনুসৰি পঢ়াশুনাৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ আৰক্ষী অধীক্ষকগৰাকীৰ এনে ভূমিকাক পৰিয়ালৰ লগতে স্থানীয় ৰাইজে শলাগ লয়৷
মণিকংকণাৰ ইচ্ছা বিজ্ঞান শাখাত পঢ়ি ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ৷
ছোৱালীজনীৰ দেউতাক কৃষ্ণাই বজাৰৰ মাজমজিয়াৰ প্ৰয়াত বীৰেন সিং। জীয়ৰী মণিকংকণাক মাক বিদ্যা মিচিৰে অতি কষ্টৰে লালন পালন কৰি পঢ়াশুনা কৰাইছে৷
তিনিগৰাকী ছোৱালীৰ পঢ়াশুনাৰ লগতে পৰিয়ালটো পোহপাল দিয়াটো মাক বিদ্যা মিচিৰৰ বাবে এক প্ৰত্যাহ্বান৷
জিলাখনৰ এনে বহু আৰ্থিক অনাতনে জুৰুলা কৰা প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আৰক্ষী অধীক্ষকগৰাকীয়ে নিজাববীয়াকৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে৷
মণিকংকণাৰ ফলাফলত কৃষ্ণাই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষক-শিক্ষয়েত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলো উৎফুল্লিত, অনুপ্ৰাণিত৷