• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিয়তিয়ে কাঢ়ি নিলে মাতৃ হোৱাৰ সুখ, বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীয়ে হেৰুৱালে নৱজাত সন্তান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2023 7:08 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জন্ম আৰু মৃত্যু দুয়োটা ভাগ্যৰ হাতত। জন্ম বা মৃত্যুৰ ক্ষেত্ৰত মানুহৰ কোনো হাত নাই। সকলো ইশ্বৰৰ ইচ্ছা। কিন্তু এগৰাকী মাতৃৰ বাবে প্ৰসৱৰ পিছত নিজৰ পেটৰ সন্তান হেৰুৱাবলগীয়া হোৱাতকৈ ডাঙৰ দুখ এই পৃথিৱীত একো নাই।

এটা সুস্থ সন্তান জন্ম দিয়াৰ পিছত নিয়তিয়ে কাঢ়ি লৈ ​​গ’ল বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী চেলিনা জেটলীৰ মাতৃ হোৱাৰ সুখ। একমাত্ৰ সন্তানক হেৰুৱাই তেওঁ আৰু তেওঁৰ স্বামী পিটাৰ হাগে দিক-বিদিক হেৰুৱাই পেলাইছে।

Apply Now

বুধবাৰে ইনষ্টাগ্ৰামত তিনিখন ছবি শ্বেয়াৰ কৰে চেলিনাই। ইয়াৰ ভিতৰত প্ৰথম ছবিখনত তেওঁ চিকিৎসালয়ত নৱজাত শিশুটিক ধৰি হাঁহি হাঁহি কেমেৰাত সেই মুহূৰ্তটো বন্দী কৰা দেখা গৈছে। কাষতে স্বামী পিটাৰ। দ্বিতীয়খন ফটোত দেখা গৈছে তাইৰ কেঁচুৱাটো আই চি ইউত। এই পোষ্টটোৰ কেপচনত তেওঁ এই হৃদয় বিদাৰক খবৰটো দিছে।

চেলিনাই কয় যে তেওঁৰ সন্তান গৰ্ভাধাৰণৰ ৩২ সপ্তাহত প্ৰসৱৰ সময়ত মৃত্যু হয়। নৱজাতকটোৰ হাৰ্ট এটেক হৈছিল। 

চেলিনাই কয় যে তেওঁ নিজৰ অভিজ্ঞতাৰ পৰাই বুজি পাইছে যে অকালতে জন্ম লোৱা শিশুৱে জীয়াই থকাৰ বাবে যুঁজ দিয়াটো কিমান কঠিন। যদি গৰ্ভাৱস্থাৰ ৩৭ সপ্তাহৰ আগতে জন্ম হয় তেন্তে সেই শিশুটিক চিকিৎসাৰ ক্ষেত্ৰত প্ৰিটাৰ্ম বেবী বুলি কোৱা হয়। চেলিনাৰ সন্তান শ্বামছেৰৰ জন্ম হৈছিল ৩২ সপ্তাহত। কিন্তু জন্মৰ কিছু সময়ৰ পিছতে তেওঁ হাৰ্ট এটেকত আক্ৰান্ত হয়। চিকিৎসাৰ পিছতো তেওঁক বচাব পৰা নাছিল।

অভিনেত্ৰীগৰাকীয়ে লগতে লিখিছে, “পিটাৰ আৰু মোৰ বাবে বহুত কঠিন আছিল।” এন আই চি ইউত আছিল এক অদ্ভুত আৰু কঠিন পৰিৱেশ। ভাল দিন আৰু বেয়া দিন আমাৰ অভিজ্ঞতাত লিপিবদ্ধ হৈ থাকিব। শ্বামছেৰক হেৰুৱাই মই আৰু পিটাৰ কেইমাহমানৰ বাবে ডুবাইৰ এখন চিকিৎসালয়লৈ গুচি আহিলোঁ। হতাশা, তীব্ৰ বিষাদ, অস্থিৰতা, অপৰাধবোধ, প্ৰেমৰ অনুভূতিয়ে আমাক আগুৰি ধৰিছিল।”

চেলিনাই লগতে কয় যে তেওঁ যি অভিজ্ঞতা লাভ কৰিছে তাত তেওঁ অকলশৰীয়া নহয়। বহুতে সন্তান হেৰুৱাৰ যন্ত্ৰণাৰ মাজেৰে পাৰ হ’বলগীয়া হয়। গতিকে এই সময়ত মনত ৰখাটো জৰুৰী যে পিতৃ-মাতৃ দুয়োজনেই ইজনে সিজনৰ কাষত থাকিব লাগে। এই পৃথিৱীখন কষ্টৰে ভৰি আছে যদিও ইয়াক অতিক্ৰম কৰিব লাগিব।

উল্লেখ্য যে চেলিনা হৈছে ‘গোলমাল ৰিটাৰ্ণছ’, ‘নো এণ্ট্ৰি’ আদি ছবিত অভিনয় কৰা বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।

 

View this post on Instagram

 

A post shared by Celina Jaitly (@celinajaitlyofficial)

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd