• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া: ২৬ নৱেম্বৰত ৰাজ্য চৰকাৰৰ অৰ্ধ ছুটী ঘোষণা

NE NOW NEWS এন ই নাও নিউজ
, November 25, 2020 7:48 pm

2 min read

a gogoi
766
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাইলৈ গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত অন্ত্যষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।

সেই উপলক্ষ্যে নৱগ্ৰহ শ্মশানত যাৱতীয় সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে।তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনটোত ৰাজ্য চৰকাৰে অৰ্ধ ছুটী ঘোষণা কৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ৰাজ্য চৰকাৰে কাইলৈ অৰ্থাৎ ২৬ নৱেম্বৰৰ দিনা দিনৰ এক বজাৰ পৰা অৰ্ধ ছুটী ঘোষণা কৰিছে।

ৰাজ্য চৰকাৰে প্ৰকাশ কৰা জাননীত কোৱা হৈছে যে কাইলৈ দিনৰ এক বজাৰ পৰা সকলো চৰকাৰী, অৰ্ধ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, চৰকাৰী বোৰ্ড, নিগম-নিকায় আদি বন্ধ থাকিব।

উল্লেখ্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য অনুষ্ঠানৰ বাবে সাজু কৰি তোলা হৈছে নৱগ্ৰহ শ্মশান।

a copy

পৰিষ্কাৰ কৰা হৈছে সমগ্ৰ শ্মশান চৌহদ। নৱগ্ৰহ শ্মশানৰ তিনি নম্বৰ চিতাখনত সৎকাৰ কৰা হ’ব বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ নশ্বৰ দেহ।সৎকাৰৰ পূৰ্বে ইয়াতেই ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰা হ’ব।

প্ৰথমতে টাই আহোমৰ পৰম্পৰাগ ৰীতি আৰু পাছত হিন্দু নিয়ম অনুসৰি কৰা হ’ব অন্তিম সৎকাৰ।

শৱদেহ দাহনৰ সময়ত সেই স্থানত চৰকাৰ, বিভিন্ন সংগঠন তথা গুণমুগ্ধ উপস্থিত থাকিব পৰাকৈ কৰা হৈছে সকলো ব্যৱস্থা।

তৰুণ গগৈৰ নিজা সমষ্টি তিতাবৰৰ পৰা অহা লোকৰ বাবে ১০০ খন আসন সংৰক্ষণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে।

নৱগ্ৰহ শ্মশান সমিতিয়ে তৰুণ গগৈৰ দেহ সৎকাৰৰ বাবে চাৰিজন লোকক নিয়োগ কৰিছে।ইপিনে আজি নৱগ্ৰহৰ সৎকাৰস্থলী পৰিদৰ্শন কৰি সকলো ব্যৱস্থাৰ বুজ লয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকে মহানগৰীৰ আৰক্ষী আয়ুক্ত, জিলা উপায়ুক্তকে ধৰি কেইবাগৰাকীও বিষয়া।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd