• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতিৰ চেষ্টা! এজন সাংবাদিকসহ জাতীয় সংগঠনৰ নেতাক আটক

 এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2025 11:56 am
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পইচাৰ লোভত পৰি অনৈতিক কাৰ্যত জড়িত হোৱাৰ ঘটনা সঘনাই দেখা যায়। এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতিৰ ৰূপত দেখা গৈছে সাংবাদিক আৰু জাতীয় সংগঠনৰ নেতাসকলক। গোলাঘাটত সংঘটিত এনে এটা ঘটনাত এটা ব্যক্তিগত পৰ্টেলৰ সাংবাদিকসহ জাতীয় সংগঠনৰ তিনিজন লোকক ধনদাবী আৰু ডকাইতিৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে।

ইটিভিৰ প্ৰতিবেদন অনুসৰি, গোলাঘাটৰ ৰঙাজানৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত মংগলদৈৰ পৰা ডিমাপুৰ অভিমুখে যোৱা এখন গাহৰী ভৰ্তি ট্ৰাকৰ চালকক ভয় দেখুৱাই ধনদাবী কৰি লুটপাতৰ চেষ্টা চলোৱাৰ সময়ত গোলাঘাট আৰক্ষীয়ে হাতে-লুটে ধৰিবলৈ সক্ষম হয়। ধৃত চাৰিজন লোকৰ নাম হ’ল— বিতু মুণ্ডা (সাংবাদিক), ডেনিছ বৰা, প্ৰাঞ্জল বৰা আৰু গৌতম ঠেঙাল। এই আটাইকেইজন লোক জাতীয় সংগঠনৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে।

Apply Now

ধৃতসকলৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন মালবাহী যানৰ পৰা ধনদাবী কৰি লুটপাত কৰাৰ অভিযোগ পূৰ্বেও উত্থাপিত হৈছিল। কিছুদিন পূৰ্বে ৰঙাজানৰ এটা বাসগৃহত হোৱা ডকাইতিৰ ঘটনাতো এই যুৱকসকল জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে। বৰ্তমান আৰক্ষীয়ে চাৰিজন লোকক আটক কৰি জেৰা চলাই আছে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙাজান আঞ্চলিক বিষয়ববীয়া ডেনিছ বৰাই কয় যে, “গোলাঘাট জিলাত গাহৰী বিক্ৰী নিষিদ্ধ হোৱাৰ বাবে আমি গাহৰী ভৰ্তি গাড়ী অনুসৰণ কৰিছিলোঁ, আৰু তাৰ পিছতেই আৰক্ষীয়ে আমাক আটক কৰে।”

আন এজন ধৃত যুৱকে কয়, “মই কোনো সংগঠনৰ নহয়, মই কেৱল তেওঁলোকৰ লগতহে আহিছিলোঁ।”

ধৃত সাংবাদিক বিতু মুণ্ডাই কয় যে, “মোক সংগঠনৰ লোকসকলে গাহৰী ভৰ্তি গাড়ী আছে বুলি কৈছিল। মই গৈ মোবাইলত ভিডিঅ’ কৰিবলৈ গৈছিলোঁ, তাতেই আৰক্ষীয়ে ধৰিলে।”

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ডেনিছ বৰাৰ নেতৃত্বত এই দলটোৱে ৰাষ্ট্ৰীয় ঘাইপথত চীনৰ পৰা গোপনে সৰবৰাহ কৰা নহৰু ভৰ্তি গাড়ী ৰখাই ধনৰ লেনদেন কৰাৰ গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছিল। এই ঘটনাই প্ৰশ্ন উত্থাপন কৰিছে যে জাতীয় সংগঠনৰ নামত আৰু কিমান লোক অপৰাধত জড়িত হৈ আছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্ততহে ঘটনাৰ সবিশেষ জানিব পৰা যাব।

 এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd