NORTHEAST NOW (Assamese)

সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী সাংবাদিক সুৰক্ষা মঞ্চৰ, মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ স্মাৰক পত্ৰ

April 30, 2019 7:44 am · ঋতুপল্লব শইকীয়া
দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা সাংবাদিক ৰাজেন ডেকা। ফটো : নৰ্থ-ইষ্ট নাও

দুগৰাকীকৈ সাংবাদিকৰ ওপৰত হোৱা ভংয়কৰ আক্ৰমণৰ বিৰুদ্ধে সাংবাদিক সুৰক্ষা মঞ্চৰ গোলাঘাট জিলা সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সমিতিখনে সাংবাদিক ৰাজেন ডেকা আৰু ৰাজীৱ বৰাৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰি এনে ঘটনাক অসহনীয়, নিন্দনীয় আৰু গৰিহনাৰ যোগ্য বুলি মন্তব্য কৰিছে।

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত হোৱা এনে ঘ্টনা নিঃসন্দেহে গণতন্ত্ৰ আৰু সমাজৰ বাবে শুভ লক্ষণ নহয় বুলি উল্লেখ কৰি সমিতিখনে সোমবাৰে সাংবাদিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় মুখ্য মন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

ইয়াৰ উপৰি যিসকল সাংবাদিক এনে আক্ৰমণৰ বলি হয়,তেওঁলোকক চৰকাৰী প্ৰচেষ্টাৰে উন্নত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা, ভুক্তভোগী সাংবাদিকগৰাকীক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা কৰা আৰু সাংবাদিকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে শীঘ্ৰে এখন কঠোৰ আইন প্ৰণয়নৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে।

সমিতিৰ তৰফৰ পৰা সভাপতি প্ৰবীণ কুমাৰ দাস, কাৰ্যকৰী সভাপতি জয়ন্ত হাজৰিকা আৰু ভাৰপ্ৰাপ্ত সম্পাদক বিচিত্ৰ গোস্বামীয়ে জিলা উপায়ুক্তৰ জৰিয়তে উক্ত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Related News