NORTHEAST NOW (Assamese)

গোলাঘাট সাংবাদিক সংস্থাৰ উদ্যোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৫ সংখ্যক মৃত্যু দিৱস পালন

May 1, 2021 2:03 pm · মীনাক্ষী ফুকন

আজি হেমকোষ প্ৰণেতা তথা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৫ সংখ্যক মৃত্যু দিৱস।

সেই উপলক্ষ্যে  গোলাঘাট কলেজ তিনিআলি পথত অৱস্থিত হেমচন্দ্ৰ বৰুৱাৰ আৱক্ষ মূৰ্তিৰ তলত মহান ব্যক্তিত্ব গৰাকীক শ্ৰদ্ধা স্মৰণ কৰা হ’য়।

গোলাঘাট জিলা সাংবাদিক সংস্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচী সম্পূৰ্ণৰূপে ক’ভিড প্ৰট’কল মানি ৰূপায়ণ কৰা হ’য়।

ভাষাৰ ওজাগৰাকীৰ প্ৰতিমূৰ্তি থলীত গোলাঘাটৰ আন কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গও উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে জিলা সাংবাদিক সংস্থাৰ সভাপতি বিকাশ শৰ্মাই।

ইয়াৰোপৰি গোলাঘাটৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে তেখেতৰ জীৱনৰ আলোকপাত কৰে।

ইয়াৰ পিছতেই সাংবাদিক সংস্থাৰ অনান্য বিষয়-ববীয়াসকলেও এই মহান ব্যক্তি গৰাকীৰ চৰণত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে।

Related News