যেন ৰূপকথাৰহে কাহিনী।
ৰূপকথাৰ কাহিনীত মাটিৰ তলত পুতি থোৱা ৰত্ন ভাণ্ডাৰৰ কথা প্ৰায়ে পোৱা যায়।
কিন্তু বাস্তৱতো যদি ৰূপকথাৰ কাহিনীৰ দৰেই ঘটনা ঘটে তেন্তে সেয়া হয়তো আচৰিত হ’বলগীয়া কথাই হ’ব।
ৰূপকথৰ কাহিনীৰ দৰেই ঘটনা এটা ঘটিছে তেলেংগানাত।
তেলেংগানাৰ জানগা জিলাৰ পেমভাৰতী নামৰ অঞ্চলটোত এজন লোকে মাটি খান্দি থকাৰ সময়তে মাটিৰ তলৰ পৰা ওলাই পৰে কলহে কলহে সোণ-ৰূপ।
হায়দৰাবাদৰ বাসিন্দা নৰসিমহা নামৰ লোকজনৰ তেলেংগানাৰ পেমভাৰতী গাঁওত ১১ একৰ মাটি আছে।
সেই মাটিত ঘৰ-সজাৰ বাবে তেওঁ মাটি খন্দাৰ কাম কৰোৱাইছিল।
শ্ৰমিকে মাটি খান্দি থকাৰ সময়তে হঠাতে কোৰ এঠাইত লাগি ধৰে। সেই ঠাই খিনি ভালদৰে খন্দাৰ পিছত তাত ওলাই পৰে তামৰ পাত্ৰ এটা। তামৰ পাত্ৰটো খুলি বাকৰুদ্ধ হৈ পৰে নৰসিমহা নামৰ লোক জন।
কাৰণ তামৰ পাত্ৰটোৰ ভিতৰত সজাই থোৱা আছিল শাৰী শাৰী সোণ-ৰূপৰ গহণা।
জানিব পৰা মতে মাটিৰ উপৰি ভাগৰ পৰা মাত্ৰ দুই ফুট গভীৰতাত উদ্ধাৰ হোৱা তামৰ পাত্ৰটোত ২২ টা সোণৰ কাণত পিন্ধা দুল,৫১ ডাল সোণৰ নেকলেছ,১১ টা সোণৰ মংগল সূত্ৰ,২৬ ডাল ৰূপৰ দণ্ড,৫ ডাল ৰূপৰ নেকলেছ আছে ।
এই বিশাল পৰিমাণৰ সোণ-ৰূপৰ গহণা উদ্ধাৰ হোৱাৰ পিছতে আনন্দত আত্মহাৰা হৈ পৰে নৰসিমহা। কিন্তু তেওঁ সেই গহণা খিনি নিজৰ লগত ৰখাৰ কথা নাভাবিলে।
তেওঁ লগে লগে জিলা প্ৰশাসনক এই ঘটনাৰ বিষয়ে অৱগত কৰে আৰু জিলা প্ৰশাসনৰ লোকে গৈ সোণ-ৰূপেৰে ঠাহ খাই থকা তামৰ পাত্ৰটি নিজৰ জিম্মালৈ আনে।
সম্প্ৰতি সেই পাত্ৰটি জানগা জিলাৰ কালেক্টৰৰ কাৰ্যালয়ত ৰখা হৈছে।
জানগা জিলাৰ প্ৰশাসনৰ এগৰাকী শীৰ্ষ বিষয়া ৰাজেন্দ্ৰ প্ৰসাদে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মাটিৰ তলৰ পৰা সোণ-ৰূপ ওলোৱাৰ পিছতে সেই স্থানত নতুনকৈ খনন নচলাবলৈ মাটিৰ মালিকক কোৱা হৈছে।
উদ্ধাৰ হোৱা গহণা খিনি প্ৰাচীন কাকতীয় বংশৰ ৰজাৰ দিনৰ হ’ব পাৰে বুলি তেওঁ মন্তব্য কৰে।