NORTHEAST NOW (Assamese)

কমনৱেলথ গেমচত সোণৰ পদক লাভ কৰা নয়নমনি শইকীয়াক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিপুল সম্বৰ্ধনা

August 20, 2022 7:00 am · উত্তম শইকীয়া, বোকাখাত

সদ্য সমাপ্ত কমনৱেলথ গেমচত ল’ন বল প্ৰতিযোগিতাত সোণ বুটলি ভাৰতৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা নয়নমনি শইকীয়াক শুকুৰবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ ফালৰ পৰা উষ্ণ আদৰণি জনোৱা হয় ৷

আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈ নয়নমনি শইকীয়াক সম্বৰ্ধনা জনোৱাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰাত থকা শতবৰ্ষ সমাৰোহ কেন্দ্ৰত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

লগতে পঢ়কঃ জাপানৰ যুৱক-যুৱতীসকলে অধিক সুৰা পান কৰাটো বিচাৰে দেশ খনৰ চৰকাৰে! কিয়?

আড়ম্বৰপুৰ্ণ এই অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা,  ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, অতিৰিক্ত আৰক্ষী অধীক্ষক দিব্যজ্যোতি নাথ, নয়নমনি শইকীয়াৰ স্বামী ভাস্কৰ গোহাঁইৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সকলো উচ্চপদস্থ বিষয়া উপস্থিত থাকে ৷

অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৰফৰ পৰা নয়নমনি শইকীয়াক ফুলাম গামোছা, ফুলৰ থোপা, স্মাৰক আৰু অনান্য উপহাৰেৰে সম্বৰ্ধনা জনোৱা হয় ৷

উল্লেখ্য যে সৰুপথাৰৰ নয়নমনি শইকীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত দ্বিতীয় বন সুৰক্ষা বাহিনীৰ এগৰাকী কৰ্মী ৷ কমনৱেলথ গেমত সোনৰ পদক লাভ কৰাৰ পিচতেই তেওঁক উক্ত বাহিনীৰ উপ অধীক্ষকৰ পদলৈ পদোন্নতি দিয়া হয় ৷

লগতে পঢ়কঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছদিয়াৰ বাসগৃহত চিবিআইৰ অভিযান: অভিযানক আদৰণি জনালে মুখ্যমন্ত্ৰী কেজৰিৱালে

সদ্য সমাপ্ত কমনৱেলথ গেমচৰ আগতে নয়নমনি শইকীয়াই ২০১১ আৰু ২০১৫ বৰ্ষ ৰাষ্ট্ৰীয় গেমচত সোণৰ পদক লাভ কৰাৰ উপৰিও ২০১২ চনত ২৫ বছৰ অনুৰ্ধৰ ছোৱালীৰ এচিয়ান ল’ন বল চেম্পিয়চিপত সোণৰ পদক লাভ কৰিছিল ৷

Related News