• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাৰ্কিন সুৰা পান কৰা সকললৈ সুখবৰ! আমেৰিকান হুইস্কিৰ ওপৰত থকা ৫০ শতাংশ কৰ প্ৰত্যাহাৰ ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2025 4:18 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া আমেৰিকা ভ্ৰমণ সম্পূৰ্ণ কৰি শুকুৰবাৰে নিশা দিল্লীলৈ উভতি আহে। তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰে। কিন্তু তাৰ আগতে ভাৰত চৰকাৰে আমেৰিকাৰ হুইস্কিৰ ওপৰত ৫০ শতাংশ কৰ উঠাই দিয়ে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ৰাজহ বিভাগে ১৩ ফেব্ৰুৱাৰীত জাৰি কৰিছিল এক অধিসূচনা। ইয়াত উল্লেখ কৰা হৈছে যে এতিয়াৰ পৰা আমেৰিকাৰ বাৰ্বন হুইস্কিৰ আমদানিৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰা হ’ব। পূৰ্বে শুল্কৰ হাৰ আছিল ১৫০ শতাংশ।

ভাৰতত আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক লোৱাৰ মাত্ৰাক লৈ ট্ৰাম্পে বাৰে বাৰে অসন্তুষ্টি প্ৰকাশ কৰি আহিছে। মোদীক সাক্ষাৎ কৰাৰ কেইঘণ্টামান আগতে তেওঁ কৈছিল যে ভাৰতে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতি বেছি কৰ আৰোপ কৰে। ইয়াৰ পাছতে তেওঁ মোদীৰ সৈতে এখন বৈঠকত এই বিষয়ত আলোচনা কৰে। পাছত ট্ৰাম্পে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী তেওঁতকৈ আলোচনাত ভাল। ট্ৰাম্পে লগতে কয় যে দুয়োখন দেশৰ বাণিজ্য নীতি সন্দৰ্ভত তেওঁলোকৰ মাজত ইতিবাচক আলোচনা হৈছিল।

Apply Now

১৪ ফেব্ৰুৱাৰীত ট্ৰাম্পৰ সৈতে মোদীয়ে সাক্ষাৎ কৰে। দেখা গ’ল যে মাত্ৰ এদিন আগতে কেন্দ্ৰই আমেৰিকাৰ হুইস্কিৰ পৰা কৰ আঁতৰোৱাৰ বাবে এক অধিসূচনা জাৰি কৰিছিল। বহুতে কৈছে যে বৈঠকৰ পূৰ্বে মোদীয়ে আপোচ কৰিবলৈ চেষ্টা কৰিছিল। যাতে ট্ৰাম্পে তেওঁৰ ওচৰত অভিযোগ কৰাৰ সুযোগ কম পায়। কিন্তু শুকুৰবাৰে মোদী-ট্ৰাম্পৰ বৈঠকৰ পাছতে বাৰ্বন হুইস্কিৰ ওপৰত কৰ হ্ৰাসৰ ঘোষণা ৰাজহুৱা কৰা হয়।

উল্লেখ্য যে, আমেৰিকাত বাৰ্বন হুইস্কি অত্যন্ত জনপ্ৰিয়। ভাৰততো ইয়াৰ চাহিদা আছে। চৰকাৰী অধিসূচনাত উল্লেখ কৰা হৈছে যে এই বিশেষ হুইস্কিৰ ওপৰত প্ৰাৰম্ভিক শুল্ক ৫০ শতাংশ হ’ব। ৫০ শতাংশ অতিৰিক্ত শুল্ক থাকিব। মুঠতে এই হুইস্কিৰ আমদানিৰ ওপৰত মুঠ ১০০ শতাংশ শুল্ক আৰোপ কৰা হ’ব। কিন্তু আমেৰিকাৰ পৰা আমদানি কৰা আন কোনো মদৰ ওপৰত শুল্ক হ্ৰাস কৰা হোৱা নাই। ভাৰতে অধিকাংশ সুৰাৰ ওপৰত ১৫০ শতাংশ কৰ আৰোপ কৰে।

কেৱল ভাৰতেই নহয়, দক্ষিণ এছিয়াৰ বিভিন্ন দেশেও আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ট্ৰাম্পে। দ্বিতীয় বাৰৰ বাবে ক্ষমতালৈ অহাৰ পাছত বহু দেশত কৰ আৰোপ কৰাৰ পৰিকল্পনা ঘোষণা কৰে। তেওঁ কয় যে কৰ সম্পৰ্কে তেওঁৰ নীতি হ’ব ‘টিট ফৰ টেট’। অৰ্থাৎ এখন দেশে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত যিমানেই বেছি কৰ আৰোপ কৰিব সিমানেই সেই দেশৰ সামগ্ৰীৰ ওপৰত আমেৰিকাই অধিক কৰ আৰোপ কৰিব। ট্ৰাম্পৰ এই সতৰ্কবাণীৰ পাছত বহুতে নিজৰ সুৰ কোমল কৰিছে। অনাগত দিনত ভাৰতে অধিক আমেৰিকান সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am
হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd