জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত এগৰাকী কৰ্মচাৰীয়ে জীয়েকৰ বিয়াৰ বাবে চৰকাৰী ভূমিৰ গছ কটাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে জখলাবন্ধাত।
জখলাবন্ধা পানী যোগান আঁচনিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভূমিত থকা তিনিজোপা প্ৰকাণ্ড গছ কাটে বিভাগটোৰ কৰ্মৰত কৰ্মচাৰী মানিক শইকীয়াই।
বিভাগীয় কৰ্তৃপক্ষৰ কোনোধৰণৰ অনুমতি নোলোৱাকৈয়ে তথা বন বিভাগক অৱগত নকৰাকৈয়ে এজোপা প্ৰকাণ্ড চেগুন আৰু দুজোপা গমাৰী গছ কাটে মানিক শইকীয়াই।
নিজৰ জীয়েকৰ বিয়াৰ বাবেই এনেদৰে মানিক শইকীয়াই কানোধৰণৰ অনুমতি গ্ৰহণ নকৰাকৈ চৰকাৰী ভূমিৰ গছ কাটে বুলি জানিব পৰা গৈছে।
অৱশ্যে, চোৰাংভাৱে এনেদৰে গছ কটাৰ খবৰ লাভ কৰাৰ লগে লগেই উক্ত স্থানত জখলাবন্ধা বন বিভাগৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
ইপিনে, নিজৰ ব্যক্তিগত কামত চৰকাৰী ভূমিৰ মূল্যবান গছ কটাক লৈ চৰকাৰী বিষয়া গৰাকীক স্থানীয় লোক সকলে তীব্ৰ সমালোচনা কৰিছে।
অঞ্চলটোৰ ৰাইজে শীঘ্ৰে বন বিভাগক উচিত তদন্ত কৰি শাস্তি প্ৰদান কৰাৰো দাবী জনাইছে।