• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ যোৱা চৰকাৰী কৰ্মচাৰীয়ে পাব দুদিনৰ বিশেষ ছুটী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2026 10:51 am
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এক সুখবৰ প্ৰকাশ পাইছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আসন্ন ৯৫সংখ্যক বাৰ্ষিক অধিবেশনত অংশগ্ৰহণ কৰিবলগীয়া কৰ্মচাৰীসকলৰ বাবে চৰকাৰে ৬ আৰু ৭ ফেব্ৰুৱাৰী তাৰিখে দুদিনৰ বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এক আনুষ্ঠানিক জাননীৰ জৰিয়তে এই বিশেষ ৰেহাইৰ কথা ৰাজহুৱা কৰিছে। ইয়াৰ ফলত শংকৰী সংস্কৃতিৰ অনুগামী চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে কোনো অসুবিধা নোহোৱাকৈ ধৰ্মীয় অনুষ্ঠানটোত ভাগ ল’ব পাৰিব।

এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক মূল অধিৱেশনখনি শোণিতপুৰ জিলাৰ জামুগুৰিহাটত অতি উলহ-মালহেৰে আয়োজন কৰা হৈছে। ৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই বিশাল ধৰ্মীয় সভালৈ লাখ লাখ ভক্তৰ আগমন ঘটিব বুলি আশা কৰা হৈছে। জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত বৰ্তমান এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে আৰু প্ৰায় ২০০০ বিঘা ভূমিৰ এক বিশাল এলেকা এই অধিৱেশনৰ বাবে সাজু কৰি তোলা হৈছে।

Apply Now

অধিৱেশনস্থলীত ভক্তসকলৰ সেৱাৰ বাবে ১০ হাজাৰ সেৱক-সেৱিকাৰ এটা বৃহৎ বাহিনী সাজু হৈ আছে। দৈনিক প্ৰায় ১০ লাখ ভকতক চোৱা-চিতা কৰিব পৰাকৈ কেন্দ্ৰীয় সেৱা বাহিনীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। অনুষ্ঠানটোৰ অন্যতম আকৰ্ষণ হৈছে ইয়াৰ সমূহীয়া ভোজনালয়। ১৫ হাজাৰ লোকে একেলগে আহাৰ গ্ৰহণ কৰিব পৰাকৈ এক সুবিশাল ভোজনালয় নিৰ্মাণ কৰা হৈছে য’ত ভাতৃত্ববোধৰ এক সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা যাব। ৰান্ধনীশালত তিনি শতাধিক চৌকাৰ ব্যৱস্থা কৰা হৈছে আৰু দৈনিক এহেজাৰ ৰান্ধনীয়ে ভকতসকলৰ বাবে প্ৰসাদ আৰু আহাৰ প্ৰস্তুত কৰিব।

ধৰ্মীয় কাৰ্যসূচীৰ উপৰিও এই অধিৱেশনত বিভিন্ন জনগোষ্ঠীয় কলা-সংস্কৃতিৰো সমাহাৰ ঘটিব। শংকৰী সংস্কৃতিৰ সমান্তৰালভাৱে মণিপুৰী আৰু নগা জনগোষ্ঠীৰ লোক-কৃষ্টিও ইয়াত প্ৰদৰ্শন কৰা হ’ব। প্ৰদৰ্শনীৰ বাবে ১০০০ টা বিপণী সাজু কৰা হৈছে য’ত শোণিতপুৰৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা, চতিয়াৰ ঐতিহাসিক থানা আৰু তেজপুৰৰ হৰিহৰ যুদ্ধৰ দৰে দৃশ্যসমূহ ফুটি উঠিব। ভক্ত আৰু দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে যাতায়াতৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিয়া হৈছে। সমীপতে ১৫ টা পাৰ্কিং স্থান নিৰ্মাণ কৰাৰ লগতে ৰে’ল বিভাগেও ধলাইবিল ষ্টেচনত ডনিপল’ আৰু লাচিত এক্সপ্ৰেছ ৰখোৱাৰ বিশেষ ব্যৱস্থা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd