• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডিঙিৰ শিৰ ফুলাই দিয়া ভাষণতে সীমাবদ্ধ বিজেপিৰ সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ আশ্বাস

বৰদোৱাৰ বেদখলকৃত ভূমি উচ্ছেদ কৰিয়েই থমকি ৰ’ল সোণোৱাল চৰকাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 12, 2020 3:36 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হ’বলৈ মাত্ৰ কেইটামান মাহ বাকী আছে। ‘পৰিবৰ্তন’ৰ শ্ল’গান দিয়া বিজেপিয়ে শাসনলৈ অহাৰ পূৰ্বে অসমবাসীক বহু প্ৰতিশ্ৰতি দিছিল, বহু আশ্বাস প্ৰদান কৰিছিল। কিন্তু সেই আশ্বাস, প্ৰতিশ্ৰুতি কাৰ্যতঃ কিমান বাস্তৱত ৰূপায়িত হ’ল সেয়া স্বাভাৱিকতে এটা ডাঙৰ প্ৰশ্ন।

শাসনাধিষ্ঠ বিজেপি মিত্ৰজোঁট চৰকাৰৰ এটা অন্যতম এজেণ্ডা আছিল সত্ৰৰ ভূমিসমূহক সুৰক্ষা প্ৰদান কৰা। ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰস্তুত কৰা ‘ভিজন ডকুমেন্ট’ত স্থান পাইছিল এই প্ৰসংগই।

Apply Now

ভিজন ডকুমেন্টৰ ১০ নম্বৰ পৃষ্ঠাত উল্লেখ আছিল সত্ৰ, আন ধৰ্মীয়, সাংস্কৃতিক তথা প্ৰাকৃতিক ভূমিসমূহক সুৰক্ষা দিয়াৰ আশ্বাস।

কিন্তু বিজেপিৰ সেই ‘ভিজন’ কেৱল মাত্ৰ লিপিবদ্ধ হৈহে থাকিল। কাৰ্যকাল শেষ হ’বলৈ ওলোৱা এই চৰকাৰখনৰ দিনত বেদখলমুক্ত নহ’ল সত্ৰসমূহৰ ভূমি। আজিও সুৰক্ষিত নহ’ল সত্ৰ-নামঘৰ আদি ধৰ্মানুষ্ঠান।

বছৰ বছৰ ধৰি অবৈধ বিদেশীৰ অনুপ্ৰৱেশৰ সমস্যাই অসমৰ ধৰ্ম-সংস্কৃতিৰ অন্যতম কেন্দ্ৰ সত্ৰ-নামঘৰসমূহ বাৰুকৈয়ে প্ৰভাৱান্নিত কৰি আহিছে।

মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱকে ধৰি কেইবাগৰাকীও বৈষ্ণৱ গুৰুৱে স্থাপন কৰা অসমৰ ৯২৬ খন সত্ৰৰ ৮,১০১ বিঘা মাটি বৰ্তমান বেদখলকাৰীৰ কৱলত। শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চ নামৰ এটা সংস্থাই চলোৱা এক সমীক্ষাত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে।

কিন্তু বৰ্তমানৰ চৰকাৰখনৰ দিনত সেই বেদখল উচ্ছেদ কৰি সত্ৰসমূহক সুৰক্ষিত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল।

কেৱল ৰাজনৈতিক সভা-সমিতিত নেতাই ডিঙিৰ শিৰ ফুলাই দিয়া ভাষণতে সীমাবদ্ধ ৰ’ল বিজেপিৰ সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ আশ্বাস।

শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চই এখন গোহাৰীযোগে প্ৰকাশ কৰা অনুসৰি বৰ্তমান বেদখলকাৰীৰ কৱলত থকা সত্ৰৰ ভূমিসমূহৰ তথ্য এনেধৰণৰ- ধুবুৰী জিলাৰ ৰামৰায় কুঠি সত্ৰৰ ৩২ বিঘা, শিমলাবাৰী সত্ৰৰ ১৯৫ বিঘা। বৰপেটা জিলাৰ কালজাৰ সত্ৰৰ ১৯০০ বিঘা, ভৱানীপুৰ সত্ৰৰ ১১৭ বিঘা, বহৰি সত্ৰৰ ১৯০ বিঘা, জনিয়া সত্ৰৰ ১৬০ বিঘা, ধূপগুৰি সত্ৰৰ ১৮২ বিঘা, পাটবাউসী সত্ৰৰ ৮১ বিঘা, মইনবড়ী সত্ৰৰ ১৪০ বিঘা, মন্দিয়া সত্ৰৰ ৬ বিঘা, গো-মূঢ়া সত্ৰৰ ৬৫ বিঘা, বৰপেটা সত্ৰৰ ৯৬০ বিঘা।

গোৱালপাৰাৰ ইলাৰ বাপুপাৰা সত্ৰৰ ১১০ বিঘা, দামোদৰ সত্ৰৰ ৪৬ বিঘা, বিষ্ণুপুৰ সত্ৰৰ ১৬২ বিঘা। বঙাইগাঁও জিলাৰ ৰঙাপানী সত্ৰৰ ৫৮ বিঘা, বাটবাড়ী সত্ৰৰ এবিঘা। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰৰ ৫০ বিঘা, মালঞ্চা সত্ৰৰ ৪৮ বিঘা।

মৰিগাঁও জিলাৰ কোবাইকটা সত্ৰৰ ৪৬ বিঘা, পাটেকীবড়ী সত্ৰৰ ৭৭ বিঘা, নগাঁও জিলাৰ বৰদোৱা সত্ৰৰ ২৮৩ বিঘা, বালিসত্ৰৰ ৪৬২ বিঘা, ৰামপুৰ সত্ৰৰ ৫৮৪ বিঘা, ধিং, শলগুৰি সত্ৰৰ ৪ বিঘা, কৰচুং সত্ৰৰ ৪৬ বিঘা, লখিমপুৰ জিলাৰ বৰ এলেঙী সত্ৰৰ ১০৫ বিঘা, খাটপুৰ সত্ৰৰ (নাওবৈচা) ৪৮ বিঘা, আদি এলেঙী সত্ৰৰ ১৯০০ বিঘা, চিপহা সত্ৰৰ ৩৪ বিঘা আৰু শোণিতপুৰ জিলাৰ নিকামূল সত্ৰৰ ১০ বিঘা।

ইয়াৰে কেৱল বৰদোৱা সত্ৰৰ কিছু ভূমি বেদখলমুক্ত কৰাৰ বাহিৰে আন কোনো সত্ৰৰে ভূমি আজিকোপতি বেদখলমুক্ত হোৱা নাই।

এই সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰি সংস্থাটোৰ সাধাৰণ সম্পাদক অপূৰ্ব অধিকাৰীয়ে নৰ্থ-ইষ্ট নাওক কয়, ‘‘বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ মুকলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ বা বিশেষকৈ ৰাজ্যখনৰ মুখ্য মন্ত্ৰীগৰাকীয়ে এই বিষয়ত কোনো গুৰুত্ব প্ৰদান নকৰিলে। এই কথাই আমাক দুখ দিছে। চৰকাৰখনে তথা ৰাজহ বিভাগে এই বিষয়ত গুৰুত্ব প্ৰদান কৰি এই সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰাতো আমি বিচাৰো।’’

অপূৰ্ব অধিকাৰীয়ে এই বেদখল কাৰ্যত অবৈধভাবে অনুপ্ৰবেশ কৰা পূৰ্ববংগীয় মুছলমান, একাংশ হিন্দু লোকৰ উপৰি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰী তথা এটা অসাধু চক্ৰ জড়িত থকা বুলিও অভিযোগ উত্থাপন কৰে।

ইয়াৰ উপৰি সাধাৰণ সম্পাদকগৰাকীয়ে লগতে অসমৰ সত্ৰ-নামঘৰসমূহত ধাৰাবাহিভাৱে হৈ থকা চুৰিৰ প্ৰসংগও উত্থাপন কৰে।

তেওঁ কয় যে অসমৰ ৩৫ খন সত্ৰ-নামঘৰত চুৰিকাণ্ড সংঘটিত হৈছে। কিন্তু এই ক্ষেত্ৰত সত্ৰ-নামঘৰসমূহৰ সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ দিনত এই চুৰি কাৰ্যৰ চি আই ডি তদন্ত ঘোষণা কৰিছিল, কিন্তু তদন্তৰ প্ৰতিবেদন আজি পৰ্যন্ত ৰাজহুৱা নহ’ল বুলিও তেওঁ আক্ষেপ প্ৰকাশ কৰে।

সত্ৰৰ ভূমি বেদখল, সত্ৰ-নামঘৰত চুৰি কাৰ্য এক অতি উদ্বেগজনক বিষয়। বিজেপিৰ জাতি মাটি ভেটিৰ সুৰক্ষাৰ আশ্বাসত সকলো আশ্বস্ত হৈছিল। কিন্তু বিজেপিয়ে দিয়া আশ্বাসবোৰ এতিয়া কেৱল ভাষণ আৰু ৰাজনৈতিক ইছ্যুতহে পৰিণত হ’ল, কাৰ্য্যতঃ শূন্য।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd