বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন, ২০১৯ গৃহীত হোৱাৰ চাৰি বছৰতকৈও অধিক সময়ৰ পাছত সোমবাৰে আইনখন বলৱৎ কৰে মোডী চৰকাৰে। এই সংশোধনীৰ অধীনত আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা ভাৰতলৈ অহা সংখ্যালঘু সম্প্ৰদায়ৰ লোকে নাগৰিকত্ব লাভ কৰিব।
এই সংশোধনী অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে এই তিনিখন দেশৰ ছটা সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিক আৰু অবৈধ শৰণাৰ্থী বুলি কোৱা নহ’ব। যদি তেওঁলোকে যোৱা ১৪ বছৰৰ ভিতৰত কমেও পাঁচ বছৰ বা যোৱা এবছৰ ভাৰতত থকা বুলি প্ৰমাণ কৰিব পাৰে তেন্তে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। এই আবেদনৰ বাবে ইতিমধ্যে চৰকাৰে এটা ৱেবচাইট মুকলি কৰিছে আৰু অতি সোনকালে এটা এপ্লিকেশ্যনো মুকলি কৰিব বুলি জনা গৈছে।
যদি আপুনি বাংলাদেশ, পাকিস্তান বা আফগানিস্তানৰ পৰা ভাৰতলৈ অহা হিন্দু, বৌদ্ধ, জৈন, শিখ, খ্ৰীষ্টান বা পাৰ্চী, তেন্তে ভাৰতীয় নাগৰিকত্ব পাবলৈ কি নথি দেখুৱাব লাগিব?
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিবলৈ সোমবাৰে জাৰি কৰা অধিসূচনাত শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে প্ৰপত্ৰ ৮এ (ফৰ্ম viiiA) মুকলি কৰা হৈছে। এই প্ৰ-পত্ৰ অনুসৰি আবেদনকাৰীয়ে দুখন নথি-পত্ৰ দিব লাগিব। ‘তফছিল ১ (ক)’ত তালিকাভুক্ত ৯টা বিকল্পৰ ভিতৰত এটা আৰু তফছিল ১(খ)ত তালিকাভুক্ত ২০টা বিকল্পৰ পৰা এটা নথিপত্ৰ দেখুৱাব লাগিব। নথি-পত্ৰৰ ম্যাদ উকলি গ’লেও গ্ৰহণ কৰা হ’ব।
‘তফছিল ১(ক)’ত তালিকাভুক্ত নথিসমূহৰ ভিতৰত আছে – আফগানিস্তান, বাংলাদেশ বা পাকিস্তানে প্ৰদান কৰা পাছপ’ৰ্ট, ভাৰতৰ বিদেশী আঞ্চলিক পঞ্জীয়ন বিষয়া বা বিদেশী পঞ্জীয়ন কাৰ্যালয়ে প্ৰদান কৰা পঞ্জীয়ন প্ৰমাণপত্ৰ বা আৱাসিক অনুমতি পত্ৰ, তেওঁলোকৰ গৃহ দেশ, বিদ্যালয়, মহাবিদ্যালয়ৰ দ্বাৰা প্ৰদান কৰা জন্মৰ প্ৰমাণ পত্ৰ , বা বিশ্ববিদ্যালয়ে প্ৰদান কৰা শিক্ষা ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ, তিনিওখন দেশৰ যিকোনো ধৰণৰ চৰকাৰী পৰিচয় পত্ৰ, মাটিৰ কাগজ বা ঘৰ ভাড়াৰ নথি।
তফছিল ১(খ)ত তালিকাভুক্ত নথি-পত্ৰসমূহৰ ভিতৰত আছে – ভাৰতত লোকপিয়লৰ সময়ত জাৰি কৰা লোকপিয়লৰ স্লিপৰ প্ৰতিলিপি, ভাৰতত উপস্থিত হোৱাৰ সময়ত ভিছা বা ইমিগ্ৰেচন ষ্টাম্প, আবেদনকাৰীৰ ৰেচন কাৰ্ড, চৰকাৰী প্ৰমাণপত্ৰ বা অনুমতি পত্ৰ (ড্ৰাইভিং লাইচেন্স, আধাৰ কাৰ্ড ইত্যাদি), আবেদনকাৰীৰ জন্মৰ প্ৰমাণ পত্ৰ, পেন কাৰ্ড, বীমা পলিচিৰ নথিপত্ৰ, বিদ্যুৎ বিল, ভাৰতীয় আদালতে প্ৰদান কৰা নথিপত্ৰ ।
ইয়াৰ উপৰিও আবেদনকাৰীয়ে বৈধ বা ম্যাদ উকলি যোৱা বিদেশী পাছপ’ৰ্টৰ প্ৰতিলিপি জমা দিব পাৰিব। যদি প্ৰযোজ্য হয় তেন্তে বৈধ বা ম্যাদ উকলি যোৱা আৱাসিক অনুমতি পত্ৰও দাখিল কৰিব লাগিব। লগতে আবেদনকাৰীয়ে প্ৰ-পত্ৰত দিয়া সকলো তথ্য সত্য বুলি উল্লেখ কৰি শপতনামা দিব লাগিব।
ইয়াৰ উপৰিও আবেদনকাৰীয়ে ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত উল্লেখ কৰা ভাষাসমূহৰ ভিতৰত অন্ততঃ এটা ভাষা জানে বুলি ঘোষণা কৰিব লাগিব। নিয়ম অনুসৰি আবেদনকাৰীয়ে সেই ভাষাটো পঢ়িব, লিখিব বা ক’ব পাৰিলেহে সেই ভাষা জনা বুলি গণ্য কৰা হ’ব।