• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মূল বিষয়ক লঘু কৰি ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰীটোক গাপ দিব বিচাৰিছে শৰ্মা চৰকাৰেঃ ডিৱাইএফআই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2025 2:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গুৱাহাটীৰ দিশপুৰ প্ৰেছ ক্লাবত ডি ৱাই এফ আইৰ অসম ৰাজ‍্যিক কমিটিয়ে এক সংবাদ মেলৰ আয়োজন কৰে। সংবাদ মেল সম্বোধন কৰে ৰাজ‍্যিক সম্পাদক ৰিতু ৰঞ্জন দাস আৰু ৰাজ‍্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথে। ৰাজ‍্যিক সদস‍্য উৎপলা দাসো উপস্থিত থাকে সংবাদ মেলত। সংবাদ মেলৰ টোকা তলত দিয়া হ’ল –

ৰাজ্য কঁপাই যোৱা এ পি এছ চি কেলেংকাৰিৰ তদন্ত কৰি প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ইতিমধ্যে বিধান সভাত উপস্থাপন কৰাৰ মাজেৰে ৰাজহুৱা কৰা হৈছে। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ইয়াক কাৰ্যকৰী কৰা। এই প্ৰতিবেদন যদি সঠিকভাৱে কাৰ্যকৰী নকৰে তেন্তে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন( ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে বিভিন্ন সংগঠন, ব্যক্তি আৰু সাধাৰণ ৰাইজক ঐক্যবদ্ধ কৰি চৰকাৰৰ বিৰুদ্ধে ব্যাপক আন্দোলন আৰু প্ৰচাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ২০২৬ ত বিজেপি চৰকাৰক পৰাস্ত কৰাৰ বাবে সৰ্বাত্মক স্থিতি গ্ৰহণ কৰিব। 

Apply Now

 বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ মূল বিষয়ক কৌশলেৰে গাপ দি অন্য বিষয়ত প্ৰাধান্য দিয়া কাৰ্যক ডি ৱাই এফ আইয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু ইয়াৰ প্ৰতিবাদত ৰাইজৰ মাজত প্ৰচাৰৰ অন্তত মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা সিদ্ধান্ত লৈছে।

     আমি লক্ষ্য কৰিছোঁ যে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অতি কৌশলেৰে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন পেলাই থৈছিল।  ২০২২ চনৰ ২ #এপ্ৰিল’ত বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ ২০১৩ বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ প্ৰতিবেদন অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে গ্রহণ কৰে যদিও বিগত ৩ বছৰে বিধানসভাত এই প্রতিবেদন উপস্থাপন নকৰিলে। এইয়া আছিল সম্পূৰ্ণ আইন বিৰোধী যিহেতু Commission of Inquiry Act 1952 ৰ ধাৰা 3 (4) অনুসৰি তদন্ত আয়োগৰ প্ৰতিবেদন ৬মাহৰ ভিতৰত কাৰ্যকৰীকৰণৰ তথ্যসহ (Memorandum of the Action Taken) বিধানসভাত উপস্থাপন কৰিব লাগিছিল। এই কাৰ্য আছিল সম্পূৰ্ণ ইচ্ছাকৃত যিহেতু চৰকাৰে এই ঠগ, প্ৰৱঞ্চনাৰে বাচনিভূক্ত ৰাজপ্ৰত্ৰিত বিষয়াক সুৰক্ষা প্ৰদান কৰাই নহয় পদোন্নতি দিও আহিছে।

চৰকাৰে যে সুৰক্ষা প্ৰদান কৰিছিল আৰু এই ঠগ প্ৰবঞ্চক বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা নাছিল সেয়া ইতিমধ্যে স্পষ্ট হৈছে। চৰকাৰৰ হেমাহি সম্পৰ্কে স্পষ্টকৈ উল্লেখ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে WP (C)532/25 আৰু অন্যান্য সংলগ্ন গোচৰত প্ৰায় ১৭ গৰাকী নিলম্বিত প্ৰাৰ্থীৰ বিৰুদ্ধে থকা বিভাগীয় তদন্ত আৰু নিলম্বনৰ নিৰ্দেশত স্থগিতাদেশ দিয়ে যাৰ বাবেই একাংশ বক্রপথৰে বাছনিভুক্ত প্ৰাৰ্থীৰ পুনৰ মকৰলৰ পথ প্রশস্ত হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শেহতীয়া ৰায়ত স্পষ্ট হৈছে এইসকল বিষয়াৰ বিভাগীয় ব্যৱস্থা আৰু নিলম্বনৰ নিৰ্দেশত স্থগিতাদেশ দিয়া হয় কাৰণ ন্যায়িক আয়োগৰ প্ৰতিৱেদন অনুসৰিয়েই এই সকল বিষয়াক নিলম্বণ কৰা হৈছিল কিন্তু এই প্রতিবেদনৰ প্ৰতিলিপি এওঁলোকক দিয়া হোৱা নাছিল। তেওঁলোকক প্ৰতিলিপি দিব পৰা হোৱা নাছিল কাৰণ ন্যায়িক আয়োগৰ প্ৰতিৱেদন ছমাহৰ ভিতৰত বিধান সভাত উপস্থাপন কৰি ৰাজহুৱা কৰা নহ’ল। অৰ্থাৎ সম্পূৰ্ণ ভুল আছিল চৰকাৰৰ। আৰু এনে কাৰ্য আছিল ইচ্ছাকৃত। এই ৰায়ৰ কিছুদিন পূর্বে আন দুজন বিষয়া ক্রমে প্রিয়ংকা ডেকা আৰু জয়ন্ত দ’লেও প্রধানকৈ গৃহ আৰু ৰাজনৈতিক বিভাগে আদালতত সময়মতে শপতনামা নিদিয়াৰ বাবেই বিভাগীয় ব্যৱস্থা আৰু নিলম্বনৰ নিৰ্দেশত স্থগিতাদেশ লাভ কৰে। গতিকে চৰকাৰৰ এই কাৰ্যই কেৱল একাংশ বক্রপথেৰে বাচনিভুক্ত বিষয়াক আইনী সুৰুঙা সৃষ্টি কৰি চাকৰি ঘূৰাই পোৱাৰ পথ প্রশস্ত কৰি দিয়াই নহয়, ন্যায়ালয় তথা ভাৰতীয় সংসদে প্ৰস্তুত কৰা আইনকো চৰম ভেঙুচালি কৰে।

চৰকাৰখনে এই ঠগ প্রবঞ্চকসকলক সুৰক্ষা দিয়া ক্ষেত্ৰত নিকৃষ্টতম পন্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈ আহিছে। শর্মা আয়োগে ২০১৩ বৰ্ষৰ প্রতিবেদনখন সম্পূর্ণ কৰি ১৫ মার্চ ২০২২ আৰু ২১ মার্চ ২০২২ত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগলৈ প্রতিবেদন গ্রহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও চৰকাৰৰ তৰফৰ পৰা প্রতিবেদন গ্রহণ কৰা নহ’ল। এইয়া আছিল সম্পূৰ্ণ পৰিকল্পিত। ১ এপ্ৰিল ২০১৩ তাৰিখে ন্যায়িক আয়োগে স্পষ্টকৈ বক্রপথেৰে বাচনিভুক্ত বুলি অভিযুক্ত কৰা বহু বিষয়াক অতিৰিক্ত উপায়ুক্তলৈ পদোন্নতি দি ২ এপ্ৰিল ২০২২তহে এই ন্যায়িক আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰিছিল।

ঠিক সেইদৰে মন কৰিবলগীয়া যে  ২০ মে’ ২০২২ত ২০১৩ বৰ্ষৰ পৰীক্ষাৰ ন্যায়িক আয়োগৰ প্রতিবেদনখন পৰীক্ষা কৰি কাৰ্যকৰীকৰণৰ বাবে মুখ্য সচিব জীষ্ণু বৰুৱাৰ অধ্যক্ষতাত পুনৰ এখন ৫ জনীয়া চুপাৰ কমিটি গঠন কৰে। আচৰিত কথা যে এইখিনি সময়ৰ ভিতৰতে বক্রপথেৰে বাচনিভুক্ত বুলি ন্যায়িক আয়োগে অভিযুক্ত কৰা বহু বিষয়াক পুৰষ্কৃত কৰা হৈছে। আনকি ন্যায়িক আয়োগৰ প্ৰতিবেদন দাখিল হোৱাৰ বহু পূর্বেই ডিব্ৰুগড় আৰক্ষীৰ পৰিপূৰক অভিযোগনামাত নাম থকা বহু বিষয়াক  চৰকাৰে ‍পদোন্নতি দিছিল।

অতি গুৰুত্বপূৰ্ণ কথা এইয়ে যে শেহতীয়াকৈ ন্যায়ালয়ৰ ৰায়ত চাকৰি ঘূৰাই পোৱাৰ পথ প্রশস্ত হোৱা ১৯ জন বিষয়াৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীয়েও শেষৰ অভিযোগনামাত নাম উল্লেখ কৰিছে বুলি জানিব পৰা গৈছে। প্ৰশ্ন হৈছে যে ফৌজদাৰি গোচৰৰ এই বিষয়সমূহ উক্ত গোচৰৰ প্রসংগত উচ্চ ন্যয়ালয়ত চৰকাৰী পক্ষই দাখিল কৰিছিল নে নাই? তদুপৰি, এখন ছুপাৰ কমিটিয়ে তদন্ত কৰি থকা অৱস্থাত য’ত অতিৰিক্ত মহাধিবক্তা নলিন কোহলিও এজন সদস্য আছিল এইসকল বক্র পথেৰে বাচনিভুক্ত বিষয়াৰ কিদৰে চাকৰি ঘূৰাই পোৱাৰ পথ প্রশস্ত হ’ল? আন এক অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হৈছে যে ডিব্ৰুগড় আৰক্ষীয়ে অভিযোগনামাত উল্লেখ কৰা ২০১৩ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ কেলংকাৰীৰ গোচৰৰ প্ৰথম ৩৯ জন বিষয়াক চৰকাৰে বৰ্খাস্ত কৰাৰ পৰিৱৰ্তে শেহতীয়াকৈ SITয়ে তদন্ত কৰি অভিযোগনামা দিয়া বিষয়াসকলৰ বিৰুদ্ধে একে ধৰণৰ অভিযোগ থকা স্বত্তেও এইসকল বিষয়াক বিৰুদ্ধে বিভাগীয় ব্যৱস্থা কিয় গ্রহণ কৰা হ’ল? একে গোচৰত কিয় বেলেগ বেলেগ নীতিৰ আশ্রয় লোৱা হৈছে তথা ৰাইজৰ ধনেৰে দৰমহা দি থকাৰ ব্যৱস্থা কৰা হৈছে?

এই সমগ্ৰ দিশ বিবেচনা কৰি আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনে চৰকাৰৰ সমস্ত কৰ্মকাণ্ডৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছোঁ‌ আৰু ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক পংগু কৰি দিব পৰা কেলেংকাৰীটোৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত লৈছোঁ‌ । আমাৰ দাবী স্পষ্ট চৰকাৰে এ পি এছ চি ২০১৩ বৰ্ষৰ সমস্ত নিযুক্তি বাতিল কৰক আৰু ২০১৪ বৰ্ষৰ ক্ষেত্ৰত বিতংভাৱে তদন্ত কৰি দোষী সাব্যস্ত কৰাসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰক। এই বিষয়ক কেন্দ্ৰ কৰি ডি ৱাই এফ আইয়ে সমগ্ৰ ৰাজ্যৰ জিলা কেন্দ্ৰসমূহত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ব্যাপক প্ৰচাৰ আন্দোলন সংগঠিত কৰিব।   চৰকাৰে ঠগ-প্রবঞ্চকক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিলে সমগ্ৰ বিষয়টো ২০২৬ৰ বিধান সভা নিৰ্বাচনৰ এক মূল বিষয় হিচাপে তুলি ধৰাৰ বাবে সংগঠনটোৱে প্ৰয়াস কৰিব তথা বিজেপি চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰাৰ বাবে উদ্যোগ হাতত ল’ব। ডি ৱাই এফ আইয়ে বিৰোধী দলৰ প্ৰত্যেক বিধায়কক এই দুটা দাবী শক্তিশালী ৰূপত উপস্থাপন কৰি চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য কৰাৰ বাবে আহ্বান জনাইছোঁ‌।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd