শংকৰদেৱ প্ৰকৃতাৰ্থত সমাজ সংস্কাৰক আছিল : ৰাজ্যপাল অধ্যাপক জগদীশ মুখী

আমি ভাতৃত্ববোধৰ চিন্তাধাৰাৰে সমাজৰ কল্যাণৰ হকে কাম কৰিব লাগিব : ড: নগেন শইকীয়া

governor

নগাঁবৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত বৃহস্পতিবাৰে ভাষণ দিছে ৰাজ্যপাল জগদীশ মুখীয়ে। ফটো : নৰ্থইষ্ট নাও

উত্তৰ-পূব ভাৰতৰ অন্যতম তথা বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত প্ৰতিষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বৃহস্পতিবাৰে তৃতীয় সমাৱৰ্তন অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সমাৱৰ্তনত ভিজিটৰ হিচাপে অংশগ্ৰহণ কৰি অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কয়, ‘’মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সকলো গুণৰ অধিকাৰ এগৰাকী প্ৰতিভাৱান মহাপুৰুষ আছিল। তেওঁ সৃষ্টিৰাজিয়ে সকলোকে আকৰ্ষিত কৰি তুলিছে।‘’

ৰাজ্যপালগৰাকীয়ে কয় যে অসমৰ সাহিত্য-সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ যোৱা এইজনা মহাপুৰুষে তাহানিতেই সমাজৰ পৰা অন্ধবিশ্বাসী, কু-সংস্কাৰ, কু-প্ৰথা আদি দূৰ কৰি এখন সাম্যবাদী সমাজ প্ৰতিষ্ঠা কৰি থৈ গৈছে।ইংৰাজী নাট্য সাহিত্যৰ পিতৃস্বৰূপ উলিয়াম ছেক্সপিয়েৰ এশ বছৰ আগতেই শংকৰদেৱে নাটক ৰচনা কৰি নাট্য সাহিত্যৰ সৃষ্টি কৰি গৈছে।

মহাপুৰুষজনাৰ অপৰিসীম কৃতিত্বৰ কথা উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে লগতে কয়, ‘’মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অকল ধৰ্মগুৰু নাছিল, তেওঁ আছিল প্ৰকৃতাৰ্থত এগৰাকী সমাজ সংস্কাৰক। মহাপুৰুষজনে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ হকে কাম কৰি নৈতিক আৰু আধ্যাত্মিক ভাৱধাৰাৰ চেতনা মানুহৰ মাজত জাগ্ৰত কৰিছিল।‘’

ৰাজ্যপালগৰাকীয়ে ভাষণ প্ৰসংগত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা যিসকলে উচ্চ শিক্ষাৰে শিক্ষিত হৈছে, তেওঁলোকে অনাগত সময়খিনিত নি:স্বাৰ্থভাৱে সমাজ আৰু দেশৰ বাবে সেৱা কৰিব বুলি আশা প্ৰকাশ কৰে।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড: নগেন শইকীয়াই কয় যে আমি কেৱল নিজৰ স্বাৰ্থ পুৰণত ব্ৰতী হ’ব নালাগে, বৰং বৃহৎ মানৱতা আৰু সমাজ গঠনৰ হকেহে কাম কৰিব লাগে। বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে মানুহে নিজকে ইমান উচ্চ শিখৰলৈ লৈ গৈছে যে এতিয়া সমগ্ৰ পৃথিৱীখনেই ডিজিটেল হৈ পৰিছে।

মানৱতাৰ প্ৰকৃত অৰ্থ দাঙি ধৰি সাহিত্যিক ড: শ‌ইকীয়াই কয় যে মানৱতা হৈছে মানুহৰ এক নিৰ্দিষ্ট প্ৰকৃতি, যিয়ে মানুহৰ অন্তৰত দয়া, মমতা, মৰম, ভালপোৱা, অহিংসাৰ মনোভাৱ উজ্জীৱিত কৰে। তদুপৰি মানৱতাই মানুহক শান্তিৰে একেলগে বসবাস কৰাৰ জ্ঞান প্ৰদান কৰে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা উল্লেখ কৰি তেওঁ কয় যে বৌদ্ধিকভাৱে শংকৰদেৱ বহু উচ্চ মনৰ অধিকাৰী আছিল। জীৱ আৰু ঈশ্বৰৰ ধাৰণাৰে মহাপুৰুষজনাই সমাজ সংস্কাৰৰ বাট দেখুৱাই গৈছে। ভাষণ প্ৰসংগত ড: শ‌ইকীয়াই লগতে কয়, ‘’আমি সকলোৱে ভাতৃত্ববোধৰ চিন্তা ধাৰাৰে মানৱ জাতিৰ কল্যাণৰ হ’কে কাম কৰি যাব লাগিব।‘’

তেওঁ শংকৰদেৱৰ শিক্ষাৰ কথা উল্লেখ কৰি কয় যে পথ সন্ধিৰে মানৱতাক উদ্ধাৰ কৰা শংকৰদেৱ আজিও প্ৰাসংগিক। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড: কন্দৰ্প কুমাৰ ডেকাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচাৰ্য ভবেন্দ্ৰ নাথ ডেকা, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিৰ উপৰিও বহু কেইগৰাকী গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে।

এই অনুষ্ঠানতে বিশ্ববিদ্যালয়খনৰ পৰা বিভিন্ন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু এম ফিল ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাবে ডিগ্ৰী প্ৰদান কৰে ৰাজ্যপাল মুখীয়ে।