DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

‘শিখসকলৰ ধৈৰ্যৰ পৰীক্ষা নল’ব’; কোনে সকীয়নি দিলে মোদীক!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2021 5:04 pm
Satyapal Malik
210
VIEWS
Share on FacebookShare on Twitter

শিখসকলৰ ধৈৰ্যৰ পৰীক্ষা নল’ব। তেওঁলোকে সহজে একো পাহৰি নাযায়। আনকি ৩০০ বছৰৰ পাছতো তেওঁলোকে প্ৰত্যুত্তৰ দিয়ে। শিখসকলক হৰুৱাব নোৱাৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইদৰে একপ্ৰকাৰৰ ভাবুকিয়ে প্ৰদান কৰিলে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে।

সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হৈ পৰা তেওঁৰ এটা বক্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে। উক্ত ভাষ্যটো তেওঁ যোৱা ৮ নৱেম্বৰৰ এটা অনুষ্ঠানত দিছিল। চলচ্চিত্ৰ নিৰ্মাতা অশোক পণ্ডিত উক্ত ভিডিঅ’ ক্লিপটো ভাইৰেল কৰি তোলে। লক্ষ্যণীয়ভাৱে, সত্যপাল মালিক হৈছে শাসনাধীষ্ঠ বিজেপিৰে এজন জ্যেষ্ঠ নেতা।

ভিডিঅ’টো কৃষি আইন বাতিল কৰাৰ আগৰ। তাত সত্যপাল মালিকে কোৱা শুনা গৈছে যে যদি নৰেন্দ্ৰ মোদীয়ে কৃষি আইন তিনিখন বাতিল নকৰে, তেন্তে ইয়াৰ পৰিণতি ভয়াৱহ হ’ব পাৰে। প্ৰধানমন্ত্ৰীয়ে ভুল বুজি আছে যদিহে তেওঁ ভাবিছে যে কৃষকসকল নিজে নিজে ৰাজপথ এৰি ঘৰলৈ ঘূৰি যাব।

 

Satyapal Malik (Governor of Meghalaya) says if @narendramodi would hv not repealed the #FarmLaws, he would hv faced the same consequences as Indira Gandhi, Gen Vaidya & Gen Dyer. He should be asked to resign for this irresponsible statement. @rashtrapatibhvn @HMOIndia pic.twitter.com/Gv832i5NRx

— Ashoke Pandit (@ashokepandit) November 21, 2021

মালিকে লগতে কয় যে কৃষকসকলক খালি হাতেৰে ঘৰলৈ উভটাই পঠোৱাটো অনুচিত। তেওঁলোকে যিসমূহ দাবী কৰিছে সেয়া প্ৰধানমন্ত্ৰীয়ে পালন কৰা উচিত।

এইক্ষেত্ৰত সত্যপাল মালিকে প্ৰাক্তন প্ৰধানম্ত্ৰী ইন্দিৰা গান্ধীৰো প্ৰসংগ টানি আনে। তেওঁ কয় যে অপাৰেচন ব্লু ষ্টাৰৰ পাছত ইন্দিৰাই নিজৰ পৰিণামৰ বিষয়ে অৱগত আছিল। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আনকি ইন্দিৰাই নিজৰ ফাৰ্মহাউচত মহা মৃত্যুঞ্জয় যজ্ঞও কৰিছিল।

এই বিষয়ে সত্যপাল মালিকক নেহৰু-গান্ধী পৰিয়ালৰ সদস্য তথা ৰাজনীতিবিদ অৰুণ নেহৰুৱে অৱগত কৰিছিল। মালিকে জনায় যে ইন্দিৰাই নিজৰ হত্যাৰ আশংকা অৰুণ নেহৰুৰ আগত ব্যক্ত কৰিছিল।

ইন্দিৰা গান্ধীৰ উপৰিও সত্যপাল মালিকে শিখসকলৰ যুঁজাৰু মনোবৃত্তিৰ আৰু প্ৰসংগ দাঙি ধৰে। তেওঁ কয় যে অপাৰেচন ব্লু ষ্টাৰৰ নেতৃত্ব লোৱা জেনেৰেল বৈদ্যক শিখসকলে পুনেত গৈ হত্যা কৰিছিল, জালিৱানাবাগ হত্যাকাণ্ড চলোৱা ব্ৰিটিছ জেনেৰেল ডায়াৰক হত্যা কৰিছিল লণ্ডনত। ইয়াৰ দ্বাৰা সত্যপাল মালিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক একপ্ৰকাৰৰ ভাবুকিয়ে প্ৰদান কৰিছে।

উল্লেখযোগ্য যে সত্যপাল মালিক হৈছে উত্তৰপ্ৰদেশৰ জাট সম্প্ৰদায়ৰ এগৰাকী প্ৰভাৱশালী বিজেপি নেতা। বৰ্তমান মেঘালয়ৰ ৰাজ্যপাল মালিক ইয়াৰ পূৰ্বে জম্মু কাশ্মীৰ, গোৱা, বিহাৰ আৰু ঊৰিষ্যাৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

কৃষি আইনৰ বিৰোধিতাৰে তেওঁ শেহতীয়াকৈ কেইবাটাও ভাষ্য প্ৰদান কৰি আহিছে। সম্প্ৰতি ভাইৰেল হৈ পৰা উক্ত ভিডিঅ’টোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাবুকি প্ৰদান কৰাৰ বিষয়টো ব্যাপক লক্ষ্যণীয় হৈ পৰিছে।

Recent News

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

Assam Career

Assam Career : ভাৰতীয় ক্ৰান্তীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানত বিভিন্ন পদ খালী, কিদৰে কৰিূব আবেদন?

Assam Career

Assam Career : ভট্টদেৱ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ কুৰিটা খালী পদ পূৰণৰ বাবে আবেদন আহ্বান

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd